অসমত প্ৰথম ৰাসোৎসৱ কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। চৌদিশে মাথোঁ আৰম্ভ কৃষ্ণৰ বন্দনা। বিভিন্ন স্থানত জীৱন্ত ৰাসৰ বাবে আখৰাত ব্যস্ত গোপীনিসকল। ৰাসৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে। কিন্তু আপুনি জানেনে অসমত প্ৰথম ৰাসোৎসৱ কত আৰম্ভ হৈছিল?
সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবছৰো শৰৎ কালৰ পূৰ্ণিমা তিথিত ৰাসোৎসৱ পালন কৰা হ’ব। এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। চৌদিশে মাথোঁ আৰম্ভ কৃষ্ণৰ বন্দনা। বিভিন্ন স্থানত জীৱন্ত ৰাসৰ বাবে আখৰাত ব্যস্ত গোপীনিসকল। ৰাসৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে ৰাজ্যৰ চৌদিশ। পূৰ্বৰ দৰে এইবাৰো বিভিন্ন স্থানত জীৱন্ত ৰাস অনুষ্ঠিত হ’ব। ৰাসৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে।
অসমত ৰাস আৰম্ভ
ৰাসোৎসৱ অসমত অতীজৰে পৰা ৰাস পূৰ্ণিমাত পালন কৰা হয়। এই ৰাসোৎসৱ মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰথমে আৰম্ভ হয়। ১৭৬২ শকৰ পৰা দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদ্যাপন হৈ আহিছে। অসমৰ সত্ৰসমূহত বৈদিক ক্ৰিয়াকাণ্ড আৰু নাট্যৰূপে ৰাসোৎসৱ উদ্যাপন হয়। দক্ষিণপাট সত্ৰৰ পিছতহে গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসৰ প্ৰসাৰ ঘটে। ৰাস পূজা, অভিনয় বা ভাওনা আৰু ৰাস উপলক্ষে কৰা নাম প্ৰসংগ তিনিওতাই ৰাসোৎসৱৰ লগত জড়িত। কিছুমান সত্ৰত ৰাস এদিনীয়াকৈ আৰু আন কিছুমান সত্ৰত তিনিদিনীয়াকৈ পালন কৰে। এদিনীয়াকৈ যিবোৰ সত্ৰত পালন কৰে সেইবোৰ সত্ৰত ৰাস উপলক্ষে হিয়ানাম, দিহানাম, গায়ন-বায়ন, নটুৱা চালি, ওজাপালি আদি অনুষ্ঠান পাতে। দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ ৰাসোৎসৱ পালন কৰা হয়। ৰাসোৎসৱৰ তিনিদিনক এক বিশেষ নামেৰে জনা যায়। প্ৰথমদিনা অধিবাস, দ্বিতীয়দিনা ৰাস আৰু তৃতীয়দিনা ইন্দ্ৰাভিষেক। ৰাস পূৰ্ণিমাৰ দিনা পুৱাৰ পৰা ৰাস পূজা আৰম্ভ হয়। সম্পূৰ্ণ দিনজুৰি নাম-প্ৰসংগৰ উপৰি গায়ন-বায়ন, নাম-কীৰ্তন, নটুৱা নাচ আদি চলি থাকে। ৰাতিলৈ ৰাসলীলা প্ৰদৰ্শন হয়। উদাসীন পন্থাৰ পৰম্পৰাৰে প্ৰচলিত সত্ৰসমূহত আৰু সত্ৰীয়া পাৰিপাৰ্শ্বিকতাৰ মাজত প্ৰদৰ্শিত ৰাসলীলাত পুৰুষ অভিনেতা সকলেই পুৰুষ আৰু নাৰী উভয় চৰিত্ৰতে বৰ্তমানো অভিনয় কৰি আছে।
ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত কৰা কৰ্মৰাজিক ৰাসোৎসৱৰ জৰিয়তে প্ৰতিফলিত কৰা হয়। তেওঁৰ ৰসপূৰ্ণ অৰ্থাৎ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হৈছে। শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীধ্বনিত মুগ্ধ হৈ গোপীসকলে য’ৰে কাম ত’তে পেলাই সংসাৰৰ সকলো মোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল আৰু শ্ৰীকৃষ্ণৰ চৰণত নিজকে সমৰ্পন কৰিছিল। প্ৰথমতে শ্ৰীকৃষ্ণই গোপীসকলক স্ব-গৃহলৈ উভতি যাবলৈ অনুৰোধ কৰিছিল। কিয়নো তেওঁলোকে সংসাৰ ধৰ্ম পালন কৰা উচিত। কিন্তু গোপীসকল নিজৰ মতত দৃঢ় আছিল। ভগৱান ভক্তৰ অধীন। শ্ৰীকৃষ্ণই গোপীসকলৰ দৃঢ়ভক্তি দেখি তেওঁলোকৰ মনোকামনা পূৰণাৰ্থে ৰাসলীলা আৰম্ভ কৰিলে। কিন্তু যেতিয়াই শ্ৰীকৃষ্ণ তেওঁলোকৰ অধীন বুলি ভাবি গোপীৰ মন গৰ্ব-অহংকাৰত ভৰি পৰিল, তেতিয়াই শ্ৰীকৃষ্ণই গোপীসকলৰ মাজৰ পৰা অন্তৰ্ধান হৈ পৰিল। শ্ৰীকৃষ্ণ যেতিয়া ৰাধাক লৈ নোহোৱা হ’ল, তেতিয়াহে গোপীসকলে নিজৰ ভুল বুজিব পাৰিলে। ভগৱানক ‘একমাত্ৰ মোৰ’ বুলি ভাবি অহংকাৰৰ ফলত শ্ৰীকৃষ্ণক তেওঁলোকে হেৰুৱাব লগা হ’ল। শ্ৰীকৃষ্ণ ত্ৰিজগতৰে পতি। তেওঁক কোনো মায়া-বান্ধোনেৰে বান্ধি ৰাখিব নোৱাৰে। গোপীসকলে একাগ্ৰচিত্তে শ্ৰীকৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে। ভক্তৰ ভক্তিত সন্তুষ্ট হৈ ভগৱানে গোপীসকলক মানৱ জীৱনৰ পৰমাৰ্থ বুজাই দিলে আৰু তেওঁলোকৰ অন্তৰ পৰিশুদ্ধি কৰিলে। গোপীসকলৰ ইচ্ছাক সন্মান জনাই ‘য’ত গোপী, ত’ত কৃষ্ণ’ হৈ গোপীৰ মনৰ অভিলাষ পূৰ্ণ কৰিলে। গোপীসকলেও মুক্তি লাভ কৰিলে। চমুকৈ এয়াই ৰাসোৎসৱৰ মূল অৰ্থ।