শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিঃ নিৰ্মাণ কৰা হৈছে জুবিন গাৰ্গৰ ১৭ফুট উচ্চতাৰ প্ৰতিমূৰ্তি…

Raas Mahotsav 2025: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পলাশবাৰীতো ৰাস মহোৎসৱৰ প্ৰস্তুতি চলিছে। ১৫ দিনীয়া কাৰ্যসূচীৰে পলাশবাৰীত ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। ইয়াতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰা হ'ব।

barasha-sarma
Barasha Sarma | Published: 02 Nov 2025 17:22 PM
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অহা ৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব পলাশবাৰী ৰাস মহোৎসৱ। ইতিমধ্যে চলি আছে প্ৰস্তুতি। এইবাৰ পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন কৰি ৰাজ্যপাল লক্ষণ প্ৰসাদ আচৰ্যই। ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই ৰাসৰ অন্ত পৰিব ১৯ নৱেম্বৰত।

1 / 5
এই ৰাস মহোৎসৱৰ বাবে নিৰ্মাণ কৰি উলিওৱা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৭ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি। ইয়াৰোপৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই ৫০০ শিল্পীয়ে গাব 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক গীতটি।

2 / 5
৫ নৱেম্বৰ অৰ্থাৎ প্ৰথম দিনা ৰাস মহোৎসৱ দ্বাৰ মুকলি কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। বন্তি প্ৰজ্বলন কৰিব পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই, স্মৃতি গ্ৰন্থ উন্মোচন কৰিব নিউজ লাইভৰ মুখ্য সম্পাদক চৈয়দ জাৰিৰ হুছেইনে। প্ৰথম দিনাৰ এই কাৰ্যসূচীৰ লগতে উপস্থিত থাকিব সাংসদ বিজুলী কলিতা মেধি, শিক্ষা মন্ত্ৰী ৰণোজ পেগুকে ধৰি বহু গণ্যমান্য ব্যক্তিসকল।

3 / 5
ইয়াৰোপৰি বাকী কেইদিনো বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে, নামনি অসমৰ অন্যতম ৰাস মহোৎসৱ পলাশবাৰী ৰাস মহোৎসৱ। প্ৰতিবাৰেই ধুম ধামেৰে পলাশবাৰীত ৰাস মহোৎসৱৰ আয়োজন কৰা হয়।

4 / 5
ৰাসৰ বাবে ইতিমধ্যে মূৰ্তিসমূহৰ নিৰ্মাণ কাৰ্য চলি আছে। পলাশবাৰী ৰাস সমিটিয়ে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে। লগতে  এই ১৫ দিনীয়া কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে।

5 / 5