
লক্ষ্মী পূজা
লক্ষ্মী পূজা হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা। হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ পশ্চিম বংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে পাৰম্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মীপূজা পালন কৰে। কাৰ্তিক মাহত অনুষ্ঠিত লক্ষ্মীপূজা দেৱালীৰ তৃতীয়দিনা উদ্যাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এইদিনা পূব ভাৰতৰ অঞ্চলসমূহত কালীপূজা অনুষ্ঠিত হয়।
লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।
Lakshmi puja 2025: আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, জানক পূজাৰ শুভ সময়, নিয়ম সকলো…
ধৰ্মীয় শাস্ত্ৰত উল্লেখ আছে যে শাৰদ পূৰ্ণিমাৰ নিশা পায়স অমৃতৰ দৰে হৈ পৰে, আৰু ইয়াক প্ৰসাদ হিচাপে সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ হয়।যদি শাৰদ পূৰ্ণিমা সোমবাৰে পৰে, তেন্তে এই সংমিশ্ৰণক অতিকৈ শুভ বুলি গণ্য কৰা হয়।
- Trishna Kalita
- Updated on: Oct 6, 2025
- 11:15 am
Lakshmi Puja 2025ঃ ধন লাভৰ বাবে লক্ষ্মী পূজাৰ দিনা কৰক এই সহজ কাম! দেৱী হ’ব সন্তুষ্ট…
Lakshmi Puja 2025: ৬ অক্টোবৰত পালন কৰা হ'ব লক্ষ্মী পূজা। হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ মহত্ব অধিক। ধৰ্মীয় বিশ্বাস আৰু মান্যতা অনুসৰি এই দিনটোত কিছুমান কাম কৰিলে শুভ ফল পোৱা যায়।
- Barasha Sarma
- Updated on: Oct 5, 2025
- 19:11 pm
ভুলতেও এই কাম নকৰিব ! আৰ্শীবাদ লাভ কৰিবলৈ লক্ষ্মী দেৱীক পূজা কৰাৰ সঠিক নিয়ম জানক
সাধাৰণতে সন্ধিয়াৰ পিছত লক্ষ্মী দেৱীক পূজা কৰা পৰম্পৰা চলি আহিছে। অৱশ্যে বহুতে ৰাতিপুৱাও লক্ষ্মী দেৱীক পূজা কৰে। বিশ্বাস কৰা হয় যে, দেৱীক পূজা কৰাৰ উত্তম সময় হ’ল সূৰ্যাস্তৰ পিছত। ঠাই ভেদে লক্ষ্মী পূজাৰ বিভিন্ন নিয়ম আছে।
- Manas Borah
- Updated on: Oct 5, 2025
- 15:51 pm
Lakshmi Puja Wishes: লক্ষ্মী পূজাৰ শুভ ক্ষণত সকলোকে এইদৰে জনাব পাৰে শুভেচ্ছা
লক্ষ্মী হৈছে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় । মানুহে বিশ্বাস কৰে যে এই দিনটোতে মাতৃ লক্ষ্মী পৃথিৱীলৈ আহি নিজৰ ভক্তসকলৰ ওপৰত আশীৰ্বাদ বৰষুণ কৰে। এই লক্ষ্মী পূজাৰ শুভ ক্ষণত সকলোকে এইদৰে জনাব পাৰে শুভেচ্ছা...
- Barasha Misra
- Updated on: Oct 5, 2025
- 14:48 pm
৬ অক্টোবৰ নে ৭ অক্টোবৰ, কোনদিনা লক্ষ্মী পূজা কৰিলে মনৰ ইচ্ছা পূৰণ হ’ব?
লক্ষ্মী হৈছে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় । মানুহে বিশ্বাস কৰে যে এই দিনটোতে মাতৃ লক্ষ্মী পৃথিৱীলৈ আহি নিজৰ ভক্তসকলৰ ওপৰত আশীৰ্বাদ বৰষুণ কৰে।
- Barasha Misra
- Updated on: Oct 5, 2025
- 07:12 am
Lakshmi Puja: দেৱী লক্ষ্মীক কেনেকৈ সন্তুষ্ট কৰিব, পূজাৰ সম্পূৰ্ণ পদ্ধতি জানি লওক
এইবাৰ অসমত ৬ অক্টোবৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজা অনুষ্ঠিত হ’ব। ‘কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা’ অনুসৰি ৬ অক্টোবৰ (১৯ আহিন)ৰ দিনৰ ১২ বাজি ২৪ মিনিটত অন্ত পৰিব শুক্ল চতুৰ্দ্দশী তিথি। অৰ্থাৎ ১২ বাজি ২৪ মিনিটৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমা তিথি।
- Barasha Misra
- Updated on: Oct 4, 2025
- 17:57 pm
Lakshmi Puja : ঘৰলৈ আহিব ধন, লক্ষ্মী পূজাত এইদৰে পঢ়ক লক্ষ্মী চৰিত…
'লক্ষ্মী চৰিত' হৈছে দেৱী লক্ষ্মীৰ জীৱনী বা কাহিনী, বিশেষকৈ লক্ষ্মী পূজাৰ সময়ত এই চৰিত পাঠ কৰা হয়। হিন্দু বিশ্বাস অনুসৰি, লক্ষ্মী দেৱী ধন-সম্পত্তিৰ অধিষ্ঠাত্ৰী আৰু তেওঁ ভক্তৰ ঘৰলৈ আহি আশীৰ্বাদ দিয়ে। লক্ষ্মী পূজাৰ দিনা লক্ষ্মী চৰিত পাঠ কৰা হয় যাতে দেৱী সন্তুষ্ট হৈ ভক্তক আশীৰ্বাদ দিয়ে।
- Barasha Misra
- Updated on: Oct 3, 2025
- 11:28 am
Lakshmi Puja 2025 Date: লক্ষ্মী পূজা কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…
Lakshmi Puja 2025 Date: হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ বিশেষ মহত্ব আছে। কোৱা হয় এই দিনটোত লক্ষ্মী ভক্তৰ ঘৰলৈ আহি সকলোৰে মংগলৰ বাবে আশীৰ্বাদ দিয়ে। এইবাৰো শাৰদ পূৰ্ণিমাত লক্ষ্মী পূজা পালন কৰা হ'ব।
- Barasha Sarma
- Updated on: Oct 3, 2025
- 09:01 am
Diwali Lakshmi Puja 2024: দীপাৱলীত পূজাৰ সময়ত ভুলটো নকৰিব এই কাম , অন্যথা অসন্তুষ্ট হ’ব দেৱী লক্ষ্মী!
Diwali Puja 2024: হিন্দু ধৰ্মত দেৱালী উৎসৱৰ বিশেষ গুৰুত্ব আছে। আজিৰ দিনটোত, মানুহে চাকি জ্বলায় আৰু লক্ষ্মী দেৱীৰ লগতে ভগৱান গণেশক পূজা কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি, দীপাৱলীৰ দিনা পূজা কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। যদি আপুনিও দেৱালীত লক্ষ্মী পুজা কৰিবলৈ গৈ আছে, তেন্তে পূজাৰ সময়ত আপুনি এইবোৰ কাম একেবাৰে কাম কৰিব নালাগে।
- Trishna Kalita
- Updated on: Oct 31, 2024
- 19:29 pm
Diwali Puja 2024: কাইলৈও উদযাপন কৰিব পাৰিব দীপাৱলী, জানক পূজাৰ শুভ সময় আৰু বিধি..
Diwali 2024: দীৰ্ঘদিন ধৰি তাৰিখক লৈ চলি থকা বিভ্ৰান্তিৰ অন্তত আজি দেশজুৰি উদযাপন কৰা হৈছে দীপাৱলী । কিন্তু এইবাৰ দেৱালী দুদিনীয়াকৈ উদযাপন কৰা হ'ব। ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত লক্ষ্মী পূজাৰ শুভ সময় আৰু পূজা বিধি সম্পৰ্কে জানক..
- Trishna Kalita
- Updated on: Oct 31, 2024
- 18:51 pm
Diwali 2024 Right Date And Time: আঁতৰিল বিভ্ৰান্তি! দীপাৱলী উদযাপনৰ সঠিক তাৰিখ, সময় সম্পৰ্কে জানক
Diwali date: ৩১ অক্টোবৰ নে ১ নৱেম্বৰত উদযাপন কৰিব দীপাৱলী? লক্ষ্মী পুজাৰ সঠিক সময় কেতিয়া। এইবাৰ দীৰ্ঘদিন ধৰি দেৱালীৰ তাৰিখক লৈ সকলোৰে মনত বিভ্ৰান্তি চলি থকা দেখা গৈছে। এই প্ৰতিবেদনৰ জৰিয়তে আপোনাৰ বিভ্ৰান্তি আঁতৰ কৰক।
- Trishna Kalita
- Updated on: Oct 25, 2024
- 13:22 pm
দীপাৱলীত দেৱী লক্ষ্মীক কেনেকৈ পূজা কৰিব, পূজাৰ সম্পূৰ্ণ পদ্ধতি জানি লওক
Mata Lakshmi Puja Vidhi : হিন্দু ধৰ্মত দীপাৱলীৰ উৎসৱ অতি গুৰুত্বপূৰ্ণ। এই দিনটোত দেৱী লক্ষ্মী আৰু গণেশ জীক সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰা হয়। কিন্তু পূজাৰী অবিহনে কেনেকৈ ঘৰতে সহজে লক্ষ্মী দেৱীক পূজা কৰিব লগতে দীপাৱলী পূজাৰ সম্পূৰ্ণ পদ্ধতিৰ বিষয়ে জানক।
- Barasha Misra
- Updated on: Oct 25, 2024
- 08:57 am
Diwali 2024: দেৱালীৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক এইসমূহ সামগ্ৰী, অন্যথা হ’ব ধনৰ অভাৱ!
Diwali Rules: দেৱালী ধন- ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ আগমনৰ উৎসৱ। এই দিনটোত ঘৰ পৰিষ্কাৰ কৰাৰ লগতে কিছুমান বিশেষ নীতি-নিয়ম পালন কৰি দেৱী লক্ষ্মীক পূজা কৰা হয়। বিশ্বাস কৰা হয় যে ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰ কৰিলে ইতিবাচক শক্তিৰ প্ৰবাহ বৃদ্ধি হয় আৰু ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে।
- Trishna Kalita
- Updated on: Oct 19, 2024
- 10:40 am
Vastu Tips for Diwali: দেৱালীৰ দিনটোত নকৰিব এইবোৰ ভুল, জানক পূজাৰ বিশেষ নীতি-নিয়ম…
Diwali Vastu tips 2024: বিশ্বাস কৰা হয় যে সম্পূৰ্ণ ভক্তি আৰু নীতি-নিয়মেৰে দেৱী লক্ষ্মীক পূজা কৰিলে ধন, সুখ, শান্তি আৰু বৈভৱৰ প্ৰাপ্তি হয়। লগতে দেৱালীৰ দিনা কিছুমান বাস্তু নিয়ম অনুসৰণ কৰিলে ঘৰত ইতিবাচক শক্তিয়ে প্ৰৱেশ ঘটে।
- Trishna Kalita
- Updated on: Oct 19, 2024
- 14:41 pm
Kojagari Lakshmi Puja: অসমৰ বাহিৰে দেশৰ আন ৰাজ্যসমূহত কেনেদৰে উদযাপন কৰা হয় লক্ষ্মী পূজা?
এই দিনটোত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আৰু পৰম্পৰা পালন কৰাৰ গুৰুত্ব সম্পৰ্কে বহু কাহিনীত উল্লেখ কৰা হৈছে। কোৱা হয় যে এইবোৰ অৱহেলা ৰখাৰ ফলত দেৱীৰ অনুগ্ৰহ হেৰুৱাব পাৰে। কোজাগৰী লক্ষ্মী পূজা বিশেষকৈ পশ্চিমবংগ, ওড়িশা, অসমত অতি ভক্তিৰে পালন কৰা হয় ।
- Trishna Kalita
- Updated on: Oct 16, 2024
- 21:25 pm