Lakshmi Puja: দেৱী লক্ষ্মীক কেনেকৈ সন্তুষ্ট কৰিব, পূজাৰ সম্পূৰ্ণ পদ্ধতি জানি লওক
এইবাৰ অসমত ৬ অক্টোবৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজা অনুষ্ঠিত হ’ব। ‘কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা’ অনুসৰি ৬ অক্টোবৰ (১৯ আহিন)ৰ দিনৰ ১২ বাজি ২৪ মিনিটত অন্ত পৰিব শুক্ল চতুৰ্দ্দশী তিথি। অৰ্থাৎ ১২ বাজি ২৪ মিনিটৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমা তিথি।

ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা সমাগত। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় । মানুহে বিশ্বাস কৰে যে এই দিনটোতে মাতৃ লক্ষ্মী পৃথিৱীলৈ আহি নিজৰ ভক্তসকলৰ ওপৰত আশীৰ্বাদ বৰষুণ কৰে। এইবাৰ অসমত ৬ অক্টোবৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজা অনুষ্ঠিত হ’ব। ‘কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা’ অনুসৰি ৬ অক্টোবৰ (১৯ আহিন)ৰ দিনৰ ১২ বাজি ২৪ মিনিটত অন্ত পৰিব শুক্ল চতুৰ্দ্দশী তিথি। অৰ্থাৎ ১২ বাজি ২৪ মিনিটৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমা তিথি। পূজাৰী অবিহনেও সম্পূৰ্ণ নিয়ম আৰু ৰীতি-নীতিৰে লক্ষ্মী দেৱীক কেনেকৈ পূজা কৰিব জানক।
প্ৰথমে পূজাস্থলী পৰিষ্কাৰ কৰক। পূজা আৰম্ভ হোৱাৰ আগতে এইটো গুৰুত্বপূৰ্ণ কাৰণ মা লক্ষ্মীয়ে পৰিষ্কাৰ আৰু পবিত্ৰ স্থানত বাস কৰে। ইয়াৰ পিছত পূজা স্থান সজাই লওক। ইয়াৰ বাবে আপুনি এটা সৰু মণ্ডপ তৈয়াৰ কৰি দেৱী লক্ষ্মীৰ মূৰ্তি বা ছবিখন স্থাপন কৰিব পাৰে। ওপৰত বগা বা ৰঙা ৰঙৰ কাপোৰ পাৰি দিব। তাৰ ওপৰত দেৱী লক্ষ্মী আৰু গণেশৰ মূৰ্তি বা ছবি স্থাপন কৰক। তাত নাৰিকল, মিঠাই, ফুল (ৰঙা বা বগা) আগবঢ়াই ধূপ, আৰু ঘিউৰ চাকি জ্বলাই দিব। অক্ষত (চাউল), কুমকুম, গংগা পানী, পঞ্চমৃত (গাখীৰ, দৈ, ঘিউ, মৌ, চেনি) আৰু সুতা-পাত অৰ্পণ কৰক। তাৰ পিছত কৰক পূজা আৰম্ভ। প্ৰথমে পূজাস্থলীৰ সন্মুখত বহি ধ্যান কৰি মনটো শান্ত কৰক।
লক্ষ্মী দেৱীৰ ধ্যান কৰি আমন্ত্ৰণ কৰক। লক্ষ্মী দেৱীক পানী আগবঢ়াই তাৰ পিছত পঞ্চমৃতেৰে গা ধুৱাব। ইয়াৰ পিছত পৰিষ্কাৰ পানীৰে গা ধুৱাব লাগে। এতিয়া সূতা আৰু অক্ষতৰে লগত মাৰ ওপৰত তিলক লগাওক। তাৰ পিছত ফুল আৰু মিঠাই আগবঢ়াওক। ইয়াৰ পিছত নাৰিকল আৰু পান আগবঢ়াব। পূজাৰ সময়ত নিশ্চিতভাৱে লক্ষ্মী মন্ত্ৰ জপ কৰিব। এই মন্ত্ৰসমূহ লক্ষ্মী দেৱীৰ আৰাধনাত জপ কৰিব পাৰে। “ॐ श्री महालक्ष्म्यै नमः” “ॐ ह्रीं श्रीं लक्ष्मीभयो नमः”- এই মন্ত্ৰটোকমেও ১০৮ বাৰ জপ কৰক। ধন-সম্পত্তি লাভৰ বাবে জপ কৰা হয় ৷ পূজাৰ শেষত দেৱী লক্ষ্মীৰ আৰতি কৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে লক্ষ্মী চৰিত বা পাঁচালী পঢ়িব। আৰতিৰ সময়ত কৰ্পূৰ জ্বলাই আৰতি গাব। সকলো সদস্যক আৰতিত অন্তৰ্ভুক্ত কৰক, তাৰ পিছত প্ৰসাদ লৈ সকলো মানুহৰ মাজত বিতৰণ কৰক।