শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভুলতেও এই কাম নকৰিব ! আৰ্শীবাদ লাভ কৰিবলৈ লক্ষ্মী দেৱীক পূজা কৰাৰ সঠিক নিয়ম জানক

সাধাৰণতে সন্ধিয়াৰ পিছত লক্ষ্মী দেৱীক পূজা কৰা পৰম্পৰা চলি আহিছে। অৱশ্যে বহুতে ৰাতিপুৱাও লক্ষ্মী দেৱীক পূজা কৰে। বিশ্বাস কৰা হয় যে, দেৱীক পূজা কৰাৰ উত্তম সময় হ’ল সূৰ্যাস্তৰ পিছত। ঠাই ভেদে লক্ষ্মী পূজাৰ বিভিন্ন নিয়ম আছে।

ভুলতেও এই কাম নকৰিব ! আৰ্শীবাদ লাভ কৰিবলৈ লক্ষ্মী দেৱীক পূজা কৰাৰ সঠিক নিয়ম জানক
লক্ষ্মী পূজা
manas-borah
Manas Borah | Published: 05 Oct 2025 15:51 PM

এইবাৰ ৬ অক্টোবৰ, সোমবাৰৰ দিনটোত লক্ষ্মী পূজা পৰিছে। বৰ্তমান সময়ত প্ৰায় সংখ্যক অসমীয়াই লক্ষ্মী পূজা পালন কৰে। কোৱা হয় যে, লক্ষ্মী দেৱীক পূজা কৰিলে ধন-সম্পত্তি বৃদ্ধি পায়। পৰিয়ালৰ সুখ-সমৃদ্ধিৰ পথ মুকলি হয়। যদি ঘৰত আৰ্থিক সমস্যা চলি আছিলে সেয়াও নাইকীয়া হয়।

সাধাৰণতে সন্ধিয়াৰ পিছত লক্ষ্মী দেৱীক পূজা কৰা পৰম্পৰা চলি আহিছে। অৱশ্যে বহুতে ৰাতিপুৱাও লক্ষ্মী দেৱীক পূজা কৰে। বিশ্বাস কৰা হয় যে, দেৱীক পূজা কৰাৰ উত্তম সময় হ’ল সূৰ্যাস্তৰ পিছত। ঠাই ভেদে লক্ষ্মী পূজাৰ বিভিন্ন নিয়ম আছে।

লক্ষ্মী দেৱীক পূজা কৰাৰ শুদ্ধ নিয়ম

লক্ষ্মী পূজাৰ দিনটোত গা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে। পূজা কৰাৰ ঠাইখিনিও পৰিষ্কাৰ কৰিব লাগে। বিশ্বাস কৰা হয় যে,পূজা কৰাৰ আগতে নাৰায়ণক স্মৰণ কৰিব লাগে।

একেদৰে পূজাৰ স্থানত তামৰ পাত্ৰ ৰাখিব লাগে। ইয়াৰ পিছত সূৰ্য্য দেৱতাক স্মৰণ কৰি সেই পাত্ৰটোত অলপ অলপকৈ পানী ঢালি থাকিব লাগে। একেদৰে তামৰ পাত্ৰটোত স্বস্তিকা চিহ্ন অংকন কৰিব লাগে।

ইয়াৰ পাছত পাত্ৰটো ৰাখি লক্ষ্মী দেৱীৰ ধ্যান মন্ত্ৰ জপ কৰি দেৱীক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিব লাগে। যদিও এই মন্ত্ৰৰ কথা লক্ষ্মী পাঁচালীত উল্লেখ আছে, তথাপিও যদি আপুনি নাজানে তেন্তে ভুল মন্ত্ৰ আবৃত্তি কৰাৰ পৰিৱৰ্তে এক মনেৰে লক্ষ্মী দেৱীক স্মৰণ কৰক। কেতিয়াও ভুল মন্ত্ৰ জপ কৰিব নালাগে।

ইয়াৰ পাছত লক্ষ্মী দেৱীক পুষ্পাঞ্জলি আগবঢ়াওক। লক্ষ্মী পূজাৰ সময়ত প্ৰসাদ ৰাখিব লাগে, যেনে-ভোগ, ফল-মূল। লক্ষ্মী পূজাৰ সময়ত শংখ বজাব পাৰে। এই পূজাত তুলসীৰ পাত ব্যৱহাৰ কৰা নহয়। পূজাত পিতলৰ বাচন ব্যৱহাৰ কৰিব লাগে।

ধূপ আৰু ধূনাৰে নাৰায়ণক স্মৰণ কৰি দেৱীক পুষ্পাঞ্জলি আগবঢ়ালে সুফল পাব। ইয়াৰ পিছত হাতেৰে দেৱীক প্ৰণাম কৰি তিনিবাৰকৈ পুষ্পাঞ্জলি আগবঢ়াওক।

পুষ্পাঞ্জলি আগঢ়াই সকলো কামনা দেৱীৰ আগত প্ৰকাশ কৰক। ইয়াৰ পিছত লক্ষ্মীৰ পাঁচালী আবৃত্তি কৰি পূজা সম্পন্ন কৰক। এই ঘৰৰ দুৱাৰ-খিৰিকী কিছু সময়ৰ বাবে বন্ধ কৰি দিব লাগে।

স্পষ্টীকৰণ: এই প্ৰতিবেদন জন বিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। কোনো কাৰণত Tv9 অসমীয়া দায়ী নহয়।