শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Lakshmi Puja : ঘৰলৈ আহিব ধন, লক্ষ্মী পূজাত এইদৰে পঢ়ক লক্ষ্মী চৰিত…

'লক্ষ্মী চৰিত' হৈছে দেৱী লক্ষ্মীৰ জীৱনী বা কাহিনী, বিশেষকৈ লক্ষ্মী পূজাৰ সময়ত এই চৰিত পাঠ কৰা হয়। হিন্দু বিশ্বাস অনুসৰি, লক্ষ্মী দেৱী ধন-সম্পত্তিৰ অধিষ্ঠাত্ৰী আৰু তেওঁ ভক্তৰ ঘৰলৈ আহি আশীৰ্বাদ দিয়ে। লক্ষ্মী পূজাৰ দিনা লক্ষ্মী চৰিত পাঠ কৰা হয় যাতে দেৱী সন্তুষ্ট হৈ ভক্তক আশীৰ্বাদ দিয়ে।

Lakshmi Puja : ঘৰলৈ আহিব ধন, লক্ষ্মী পূজাত এইদৰে পঢ়ক লক্ষ্মী চৰিত…
Lakshmi Puja : ঘৰলৈ আহিব ধন, লক্ষ্মী পূজাত এইদৰে পঢ়ক লক্ষ্মী চৰিত...
barasha-misra
Barasha Misra | Published: 03 Oct 2025 11:28 AM

সমাগত ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা। লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী আৰু ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।

এইবাৰ অসমত ৬ অক্টোবৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজা অনুষ্ঠিত হ’ব। ‘কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা’ অনুসৰি ৬ অক্টোবৰ (১৯ আহিন)ৰ দিনৰ ১২ বাজি ২৪ মিনিটত অন্ত পৰিব শুক্ল চতুৰ্দ্দশী তিথি। অৰ্থাৎ ১২ বাজি ২৪ মিনিটৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমা তিথি। এই দিনটো কেৱল অসমতে নহয় পশ্চিমবংগ, ওড়িশাতো এই পূজা অতি ধূমধামেৰে পালন কৰা হয় ৷ ঘৰে-ঘৰে ধনৰ অধিষ্ঠাত্ৰীৰ দেৱী লক্ষ্মীৰ পূজাৰ কৰি সকলোৱে ‘লক্ষ্মী চৰিত আৰু পাঁচালী’ (Lakshmi Charit) পাঠ কৰে। কিন্তু ‘লক্ষ্মী চৰিত’কি?

‘লক্ষ্মী চৰিত’ হৈছে দেৱী লক্ষ্মীৰ জীৱনী বা কাহিনী, বিশেষকৈ লক্ষ্মী পূজাৰ সময়ত এই চৰিত পাঠ কৰা হয়। হিন্দু বিশ্বাস অনুসৰি, লক্ষ্মী দেৱী ধন-সম্পত্তিৰ অধিষ্ঠাত্ৰী আৰু তেওঁ ভক্তৰ ঘৰলৈ আহি আশীৰ্বাদ দিয়ে। লক্ষ্মী পূজাৰ দিনা লক্ষ্মী চৰিত পাঠ কৰা হয় যাতে দেৱী সন্তুষ্ট হৈ ভক্তক আশীৰ্বাদ দিয়ে।

‘লক্ষ্মী চৰিত আৰু পাঁচালী’ অসমীয়াত জানক

লক্ষ্মীদেৱীৰ পূজা
শ্ৰীশ্ৰী কৃষ্ণায় নমঃ
নাৰায়ণং নমঃস্কৃত্যং নৰষ্ণৈৱ নৰোত্তমম্
দেৱীং সৰস্বতীষ্ণৈৱ ততো জয়মুদীয়ৰেৎ
বন্দে বিষ্ণুপ্ৰিয়াং দেৱীং দাৰিদ্ৰ্য দুঃখনাশিনীম্
ক্ষীৰোদলপুত্ৰীং কেশৱকান্তাং বিষ্ণোৰ্বক্ষবিলাষিণীম্‌॥

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ ধ্যান
ওঁ নমো পাশাক্ষমালিকাম্ভোজ সৃনিভিৰ্য্যাম্য সৌম্যয়োঃ।
পদ্মাসনস্থাং ধ্যায়েচ্চশ্ৰিয়ং ত্ৰৈলোক্য-মাতৰম্ ॥
গৌৰবৰ্ণাং, সুৰূপাঞ্চ সৰ্ব্বালংকাৰ-ভূষিতাম।
ৰৌক্মপদ্মা-ব্যগ্ৰকৰাং বৰদাং দক্ষিণেণ তু ॥

পুষ্পাঞ্জলি মন্ত্ৰ
নমস্তে সৰ্ব্বদেৱানাং বৰদাসি হৰিপ্ৰিয়ে।
যা গতিস্ত্বৎপ্ৰপন্নানাং সা মে ভূয়াত্ত্বদৰ্চ্চনাৎ ॥
বন্দে বিষ্ণুপ্ৰিয়াং দেৱীং দাৰিদ্ৰ দুঃখনাশিনীং।
ক্ষীৰোদপুত্রীং কেশৱকান্তাং বিষ্ণু-বক্ষ বিলাসিনীম্‌॥
লক্ষ্মীত্বং ধান্যৰূপাসি প্ৰাণিনাং প্ৰাণদায়িনী।
দাৰিদ্ৰ দুঃখ সংহন্ত্ৰী লক্ষ্মীদেৱী নমোহস্তুতে ॥

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ স্তোত্ৰ
নমোঃ ত্ৰৈলোক্য পূজিতে দেৱী কমলে বিষ্ণু-বল্লভে।
যথাত্বং সুস্থিৰা কৃষ্ণে তথা ভৱ ময়ি স্থিৰা ॥
ঈশ্বৰী কমলা লক্ষ্মীশ্চলা ভূতি হৰিপ্ৰিয়া।
পদ্মা পদ্মালয়া সম্পদপ্ৰদা শ্ৰীঃপদ্মধাৰিণী ॥
দ্বাদশৈতানি নামানি লক্ষ্মীং সংপূজ্য যঃপঠেৎ।
তস্য গৃহে স্থিৰা লক্ষ্মী পুত্ৰজায়াদিভিঃসহ ॥

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পূজামন্ত্ৰ
ওঁ শ্ৰীংলক্ষ্মীদেৱ্যৈ নমঃ

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ প্ৰণাম মন্ত্ৰ
ওঁ বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে।
সৰ্ব্বতঃ পাহি মাং দেৱী মহালক্ষ্মী নমোহস্তুতে ॥

লক্ষ্মী আৱাহন
লক্ষ্মী আই দূৰকে নাযাবা।
আসন পাতি থৈছো আই ঘৰতে থাকিবা ॥
পথাৰত আছিল আই আগ হালি-জালি।
ও ঘৰলৈ আনিছো আই থকা ভঁৰাল ভৰি ॥
আই লক্ষ্মী আগমন কৰি আছো আশা।
ও আমি মুঢ়মতি তোমাৰ দাসৰো দাস ॥
লক্ষ্মী আই দূৰকে নেযাবা।
আসন পাতি থৈছো আই ঘৰতে থাকিবা ॥

শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ অষ্টোত্তৰ শতনাম

একদা বৈকুণ্ঠ ধামে লক্ষ্মী-নাৰায়ণ।
প্ৰেমালাপে দু‍ইজনে কৰিছিল মগন॥
প্ৰিয়াৰে সন্বোধি কয় দেৱ জনাৰ্দ্দন।
মৰ্ত্ত্যৰ দুৰ্দ্দশা দেখি অত্য়ব চিন্তন ॥
দূৰ কৰা মৰ্ত্ত্যৰ দুখ তুমি যে কমলা।
ধন ধানে পুত্ৰ পুষ্প হওঁক অচলা ॥
দেৱ দ্বিজে না‍ই ভক্তি না‍ই শুভমতি।
কিমতে গুচিব নৰৰ অশেষ দুৰ্গতি ॥
লক্ষ্মী কয় শুন দেৱ উপায় ইহাৰ।
অষ্টোত্তৰ শতনাম কৰিব প্ৰচাৰ ॥
আমাৰ শতনাম যিজনে উচ্চাৰিব মুখে।
মোৰে‍ই কৃপাত তেওঁ বঞ্চিব যে সুখে ॥
ইয়াকে শুনি নাৰায়ণে কহয় বচন।
সত্ত্বৰে কোৱা সে‍ই প্ৰিয় তৱ নাম বৰ্ণন ॥
নাৰায়ণ বাক্য শুনি লক্ষ্মীদেৱী কয়।
এক শত অষ্টনাম এ‍ইদৰে হয় ॥