শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Lakshmi Puja 2025 Date: লক্ষ্মী পূজা কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…

Lakshmi Puja 2025 Date: হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ বিশেষ মহত্ব আছে। কোৱা হয় এই দিনটোত লক্ষ্মী ভক্তৰ ঘৰলৈ আহি সকলোৰে মংগলৰ বাবে আশীৰ্বাদ দিয়ে। এইবাৰো শাৰদ পূৰ্ণিমাত লক্ষ্মী পূজা পালন কৰা হ'ব।

Lakshmi Puja 2025 Date: লক্ষ্মী পূজা কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…
লক্ষ্মী পূজাৰ দিনImage Credit source: META AI
barasha-sarma
Barasha Sarma | Published: 03 Oct 2025 09:01 AM

হিন্দু ধৰ্মত শাৰদ পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। এই দিনটোত অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা পালন কৰা হয়। হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম ধনৰ আধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মী। ধৰ্মীয় মান্যতা অনুসৰি এই দিনটোত মা লক্ষ্মী ভক্তৰ ঘৰলৈ আহি আৰ্থিক উন্নতি আৰু সফলতাৰ বাবে আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে,লগতে বিভিন্ন খাদ্য প্ৰস্তুত কৰে।

প্ৰশ্ন হয়, চলিত বৰ্ষত কেতিয়া লক্ষ্মী পূজা পালন কৰা হ’ব, শুভ সময় কি? তলত সবিশেষ উল্লেখ কৰা হ’ল-

লক্ষ্মী পূজাৰ তাৰিখ সময়

পঞ্জিকা অনুসৰি, ৬ অক্টোবৰৰ দুপৰীয়া ১২:২৩ বজাৰ পৰা পূৰ্ণিমাৰ তিথি আৰম্ভ হ’ব আৰু ৭ অক্টোবৰৰ পুৱা ৯:১৬ বজাত শেষ হ’ব। যিহেতু ৬ অক্টোবৰত পূৰ্ণিমাৰ আৰম্ভণি আৰু এই দিনটোত চন্দ্ৰ দেখা যাব, গতিকে এই দিনটোতে লক্ষ্মী পূজা পালন কৰা হ’ব। এক কথাত ২০২৫ চনৰ লক্ষ্মী পূজা ৬ অক্টোবৰত পালন কৰা হ’ব।

পূজা বিধি

দেশৰ বিভিন্ন প্ৰান্তত লক্ষ্মী পূজাৰ বিধি বেলেগ বেলেগ। অসমত হিন্দু গৃহিনীসকলে এই পূজা পালন কৰে। এই দিনটোত পুৱাৰ পৰা ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি ৰখা হয়। এই দিনটোত ভগৱান বিষ্ণু, লক্ষ্মী দেৱী, চন্দ্ৰ দেৱতাক পূজা কৰিলে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে বুলি কোৱা হয়।

লক্ষ্মী পূজা কৰিবলৈ আয়তীসকলে এখন থাপনাত ঘট স্থাপন কৰি তাত ৰঙা বা হালধীয়া কাপোৰ বান্ধে। কিছুমানে লক্ষ্মীৰ মূৰ্তিও ৰাখে। পাছত বিভিন্ন নীতি-নিয়মৰ মাজেৰে ধূপ-বন্তি জ্বলাই পাচালী পঢ়ে। লক্ষ্মী দেৱীক পদুম ফুল, বগা মিঠাই, নাৰিকল আগবঢ়োৱা শুভ বুলি কোৱা হয়। তাৰ পাছতে ভক্তৰ মাজত প্ৰসাদ বিতৰণ কৰে।

এই পূজাত গৃহিনীসকলে সুস্বাদু খাদ্য তৈয়াৰ কৰে। পায়খ, বিভিন্ন প্ৰকাৰৰ মিঠাই বনায়। কিছুমান ঠাইত পূজাত ব্যৱহাৰ কৰা নাৰিকলৰ পানী চকুত দিয়াৰ মান্যতা আছে। ইয়াৰোপৰি কিছুমানে নিশা পায়খ এবাতি চন্দ্ৰৰ পোহৰত থৈ দিয়ে আৰু পুৱা ভগৱানক আগবঢ়াই সেয়া খায়। মুঠতে সকলো ঠাইতে বেলেগ বেলেগ নিয়মৰ মাজেদি পূজা কৰা হয়।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ ,সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ আজি শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…