
চেম্পিয়নছ ট্ৰফী
বিশ্ব ক্ৰিকেট পৰিষদ (ICC)ৰ উদ্যোগত আয়োজিত দ্বিবাৰ্ষিক প্ৰতিযোগিতা আইচিচি চেম্পিয়নছ ট্ৰফী। ক্ৰিকেট বিশ্বকামৰ পাছত এই প্ৰতিযোগিতাক সবাতোকৈ ডাঙৰ ক্ৰিকেটৰ প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। কিছুমানে ইয়াক মিনি বিশ্বকাপ বুলিও কয়। ১৯৯৮ চনৰ পৰা এই প্ৰতিযোগিতা মুঠ ৮ বাৰ অনুষ্ঠিত হৈছে। ক্ৰমান্বয়ে এই প্ৰতিযোগিতাসমূহত দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, ভাৰত আৰু শ্ৰীলংকা (নিৰ্ণয় হোৱা নাই), ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, ভাৰত আৰু পাকিস্তানে জয়লাভ কৰিছে।
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। এই চেম্পিয়ন ট্ৰফীত টিম ইণ্ডিয়াই ২০ ফেব্ৰুৱাৰীৰ পৰা খেল আৰম্ভ কৰিব। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই খেল ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে খেলিব।
চেম্পিয়নছ ট্ৰফী জয়ী ভাৰতীয় দলৰ ওপৰত বিচিচিআইৰ ধনৰ বৰষুণঃ লাভ কৰিব ইমান পুৰস্কাৰ…
যোৱা ৯ মাৰ্চত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে হস্তগত কৰে আইচিচি চেম্পিয়নছ ট্ৰফীৰ খিতাপ। চেম্পিয়ন ট্ৰফী জয়ৰ এই অনন্য কৃতিত্ব লাভৰ বাবে এতিয়া ভাৰতীয় দলটোৱে বিচিচিআইৰ পৰা লাভ কৰিব বৃ্হৎ পুৰস্কাৰ। কেৱল দলৰ খেলুৱৈকেইজনেই নহয়, দলৰ সৈতে জড়িত থকা প্ৰতিগৰাকী কৰ্মচাৰীয়েই লাভ কৰিব এই পুৰস্কাৰৰ অংশ।
- Monjit Dutta
- Updated on: Mar 20, 2025
- 14:49 pm
খিতাপ জয় কৰিও দলৰ পৰা বাহিৰ হ’ল ৰোহিত! এইগৰাকী তাৰকাক অধিনায়কৰ দায়িত্ব
নিউজিলেণ্ডৰ বিপক্ষে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচখনত ৰোহিত শৰ্মাই দলক সমুখৰ পৰা নেতৃত্ব দি এক অধিনায়কোচিত ইনিংছ খেলে। মেচ বিজয়ী এই ইনিংছটোৰ বাবে ৰোহিত ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও বিবেচিত হয়। পিছে খিতাপ জয় কৰিও এতিয়া দলৰ পৰা বাদ পৰিছে ৰোহিত শৰ্মা।
- Monjit Dutta
- Updated on: Mar 10, 2025
- 20:14 pm
১২ বছৰীয়া কেৰিয়াৰত ১০ বাৰেই ব্যৰ্থতা! এইগৰাকী তাৰকাই পালে প্ৰথমটো আইচিচিচ খিতাপৰ সোৱাদ
চেম্পিয়নছ ট্ৰফীৰ জৰিয়তে বহুকেইগৰাকী ভাৰতীয় তাৰকাই প্ৰথমবাৰৰ বাবে আইচিচি খিতাপৰ সোৱাদ লাভ কৰিছে। ইয়াৰে ভিতৰত এগৰাকী অভিজ্ঞ তাৰকাৰ বাবে এই খিতাপ অত্যন্ত বিশেষ হৈ পৰিছে। কিয়নো ১২ বছৰীয়া দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ প্ৰথমবাৰৰ বাবে লাভ কৰিছে এনে সাফল্য।
- Monjit Dutta
- Updated on: Mar 10, 2025
- 13:03 pm
ৰোহিতে অৱসৰ ল’ব নে নাই? সকলো কথা স্পষ্ট কৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে..
Rohit sharma: চেম্পিয়নছ ট্ৰফী ২০২২৫ ৰ খিতাপ দখল কৰি দেশবাসীক জয়ৰ আন এক সোৱাদ দিলে ৰোহিত বাহিনীয়ে। কিন্তু এই সকলোবোৰৰ মাজতে ৰোহিতৰ অৱসৰ সন্দৰ্ভত প্ৰচাৰ হৈছিল বহু উৰাবাতৰি।
- Barasha Sarma
- Updated on: Mar 10, 2025
- 09:48 am
চেম্পিয়নছ ট্ৰফীত ভাৰতৰ জয়… স্বাস্থ্যৰ অৱনতি ঘটিল PCBৰ অধ্যক্ষ মহছিন নকৱীৰ! মঞ্চত দেখা নগ’ল এজনো বিষয়াক
ডুবাইত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেল খেলখনত নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়ন হ'ল ভাৰত। কিন্তু, ইয়াৰ পিছত যেতিয়া বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত মঞ্চত দেখা নগ’ল আয়োজক পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কোনো বিষয়াক। ইয়াকে লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন।
- Trishna Kalita
- Updated on: Mar 10, 2025
- 09:39 am
চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত টীম ইণ্ডিয়াই লাভ কৰিলে সৰ্বাধিক প্ৰাইজমানি, ৰানাৰ্ছ আপ নিউজিলেণ্ডকো প্ৰদান কৰা হ’ল বৃহৎ পৰিমাণৰ ধন
ভাৰতীয় দলৰ নামত থাকিল চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খিতাপ। ডুবাইত অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ট্ৰফী লাভ কৰে টীম ইণ্ডিয়াই। ট্ৰফীৰ লগতে ভাৰতীয় দলটোৱে কোটি কোটি টকা পুৰস্কাৰৰ ধন হিচাপে লাভ কৰে।
- Trishna Kalita
- Updated on: Mar 10, 2025
- 07:22 am
অপেক্ষাৰ অন্তঃ অপ্ৰতিৰোধ্য গতিৰে চেম্পিয়নছ ট্ৰফী ২০২৫ত শ্ৰেষ্ঠত্ব ভাৰতৰ
অনন্য, অপ্ৰতিৰোধ্য, অদম্য....! যি অভিধাৰেই ব্যৱহাৰ নহওক কিয়, এই প্ৰতিটো শব্দই সঁচা অৰ্থত প্ৰতিনিধিত্ব কৰিব ভাৰতীয় দলৰ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ যাত্ৰাক। দুৰ্দমনীয় গতিৰে সমগ্ৰ প্ৰতিযোগিতাত অপৰাজেয় ধাৰা অব্যাহত ৰাখি আজি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি খিতাপ জয় কৰিছে ভাৰতে।
- Monjit Dutta
- Updated on: Mar 9, 2025
- 22:52 pm
চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতক সহায়! BCCI আৰু ICCৰ বিপক্ষে ফিক্সিঙৰ অভিযোগ পাকিস্তানীৰ
চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ বেটিঙৰ সময়ত দেখা গ’ল ভাৰতীয় স্পিনাৰৰ আধিপত্য। ভাৰতীয় স্পিনাৰসকলে দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি মুঠ ৩৮ অভাৰত মাত্ৰ ৩.৭৯ ইক’নমি ৰেটেৰে ১৪৪ ৰান দি ৫টা উইকেট দখল কৰে। স্পিনাৰৰ এনে প্ৰদৰ্শনৰ পিছতে উত্থাপন হৈছে ফিক্সিঙৰ গুৰুতৰ অভিযোগ।
- Monjit Dutta
- Updated on: Mar 9, 2025
- 21:44 pm
IND vs NZ LIVE Score, CT Final 2025: তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত শ্ৰেষ্ঠত্ব ভাৰতৰঃ ৪ উইকেটত পৰাস্ত নিউজিলেণ্ড
IND vs NZ LIVE Score, Champions Trophy 2025 Final: চলিত আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আজি চূড়ান্ত মেচ। ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰত্যাশিত এই খিতাপ যুঁজত আজি ভাৰতীয় দলে ৪ উইকেটত নিউজিলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত শ্ৰেষ্ঠত্ব অৰ্জন কৰে।
- Monjit Dutta
- Updated on: Mar 9, 2025
- 22:23 pm
IND vs NZ Final: ভাৰত বনাম নিউজিলেণ্ডঃ চেম্পিয়নছ ট্ৰফীত জয়ী দলে কিমান টকা লাভ কৰিব? ক’ত চাব পাৰিব খেল, জানক সকলো…
IND vs NZ Final: আজি ডুবাইত অনুষ্ঠিত হ'ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ফাইনেল খেল। ইতিমধ্যে এই খেলৰ বাবে ক্ৰিকেট অনুৰাগীসকলে অপেক্ষা কৰি আছে।
- Barasha Sarma
- Updated on: Mar 9, 2025
- 14:19 pm
Champions Trophy 2025: ভাৰত-নিউজিলেণ্ডৰ ফাইনেল বাতিল হ’লে কোনে দখল কৰিব চেম্পিয়নছ ট্ৰফী? ICCৰ বিশেষ নিয়ম জানক
IND vs NZ: ৯ মাৰ্চত ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চূড়ান্ত মেচ। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যদি কোনো কাৰণত মেচখন বাতিল কৰা হয় তেন্তে কোনটো দল চেম্পিয়ন হ’ব? ইয়াৰ বাবে আইচিচিয়ে বান্ধি দিছে বিশেষ নিয়ম।
- Trishna Kalita
- Updated on: Mar 8, 2025
- 12:28 pm
ভাৰতীয় বেটছমেনক চকু দেখুৱাই বিপদত পাকিস্তানী বলাৰ, মুকলিকৈ বিচাৰিলে ক্ষমা…
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় দলে পাকিস্তান দলক ৬ উইকেটত পৰাস্ত কৰে। এই খেলৰ সময়ত পাকিস্তানী বলাৰ এজনে নিজৰ উইকেট অতি আচহুৱা ধৰণেৰে উদযাপন কৰে। এইগৰাকী খেলুৱৈয়ে এতিয়া নিজৰ উদযাপনৰ বাবে ক্ষমা বিচাৰিছে।
- Trishna Kalita
- Updated on: Mar 8, 2025
- 09:14 am
ভাৰতৰ বাবে ছেমি ফাইনেলত পৰাস্ত হ’ল নেকি দক্ষিণ আফ্ৰিকা? ডেভিদ মিলাৰে জগৰীয়া কৰিলে ICCক
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ দ্বিতীয়খন ছেমি ফাইনেল মেচত নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল দক্ষিণ আফ্ৰিকা। প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ পিছত আইচিচিৰ ওপৰত ক্ষুব্ধ হোৱা যেন দেখা গৈছিল দক্ষিণ আফ্ৰিকাৰ প্ৰখ্যাত খেলুৱৈ ডেভিদ মিলাৰ। এই সন্দৰ্ভত খেলুৱৈগৰাকীয়ে আগবঢ়াইছে এক ডাঙৰ মন্তব্য।
- Trishna Kalita
- Updated on: Mar 6, 2025
- 14:20 pm
চেম্পিয়নছ ট্ৰফীৰ পিছতে আহিব নেকি দুঃখবৰ? ৰোহিত শৰ্মাৰ অৱসৰক লৈ ক’লে গৌতম গম্ভীৰে…
চেম্পিয়নছ ট্ৰফীৰ পিছত ৰোহিত শৰ্মাৰ পৰিকল্পনা কি সেই সন্দৰ্ভত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ডাঙৰ আভাস দিছে। ৰোহিতক লৈ চলি থকা জল্পনা-কল্পনাৰ সম্পূৰ্ণ অন্ত পেলাবলৈ চেষ্টা কৰিছে গম্ভীৰে। গম্ভিৰে কি কৈছে জানো আহক...
- Trishna Kalita
- Updated on: Mar 5, 2025
- 15:46 pm
ভাৰতৰ হাতত পৰাজয়ৰ পিছতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ষ্টিভ স্মিথৰ
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা বাহিৰ হৈছে অষ্ট্ৰেলিয়া দল। ইফালে প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ লগে লগে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। অৱশ্যে ষ্টিভ স্মিথে টেষ্ট আৰু টি-২০ ফৰ্মেটত খেলি থাকিব।
- Trishna Kalita
- Updated on: Mar 5, 2025
- 13:06 pm