শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IND vs NZ LIVE Score, CT Final 2025: তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত শ্ৰেষ্ঠত্ব ভাৰতৰঃ ৪ উইকেটত পৰাস্ত নিউজিলেণ্ড

IND vs NZ LIVE Score, Champions Trophy 2025 Final: চলিত আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আজি চূড়ান্ত মেচ। ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰত্যাশিত এই খিতাপ যুঁজত আজি ভাৰতীয় দলে ৪ উইকেটত নিউজিলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

monjit-dutta
Monjit Dutta | Updated On: 09 Mar 2025 22:23 PM
IND vs NZ LIVE Score, CT Final 2025: তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত শ্ৰেষ্ঠত্ব ভাৰতৰঃ ৪ উইকেটত পৰাস্ত নিউজিলেণ্ড
আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল

চলিত আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আজি চূড়ান্ত মেচ। ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰত্যাশিত এই খিতাপ যুঁজত আজি অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজিলেণ্ড। প্ৰতিযোগিতাত এইপৰ্যন্ত একমাত্ৰ অপৰাজিত দল হিচাপে ফাইনেলত নামিব ভাৰত। আনহাতে সমগ্ৰ প্ৰতিযোগিতাত দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰা কিৱি দলটোৱেও কেৱল মাত্ৰ ভাৰতৰ বিপক্ষে মেচতহে পৰাজয়ৰ সন্মুখীন হৈছিল। গতিকে আজি ফাইনেলত দুয়োটা দলৰ মাজত এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে ক্ৰিকেটপ্ৰেমীয়ে। কিছুসময় পিছতে ২.৩০ বজাৰ পৰা ডুবাইত আৰম্ভ হ’ব এই খিতাপ যুঁজ।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 09 Mar 2025 10:16 PM (IST)

    প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ ৰচিন ৰবীন্দ্ৰ

    নিউজিলেণ্ডৰ যুৱ তাৰকা ৰচিন ৰবীন্দ্ৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাখনত সৰ্বাধিক ২৬৩ ৰান সংগ্ৰহ কৰাৰ লগতে ৩টা উইকেটো দখল কৰে ৰবীন্দ্ৰই।

  • 09 Mar 2025 10:11 PM (IST)

    ৰোহিতলৈ মেচৰ শ্ৰেষ্ঠ সন্মান

    ফাইনেলত দলক সন্মুখৰ পৰা নেতৃত্ব দি অধিনায়কোচিত ৭৬ ৰানৰ ইনিংছ খেলা ৰোহিত শৰ্মা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

  • 09 Mar 2025 09:48 PM (IST)

    চেম্পিয়নছ ট্ৰফী ২০২৫ জয় ভাৰতৰ

    নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী ২০২৫ জয় কৰিছে ভাৰতীয় দলে। ইনিংছৰ ৪৯ তম অভাৰৰ অন্তিমটো বল বাউণ্ডেৰীলৈ ঠেলি জাদেজাই ভাৰতক প্ৰদান কৰে আকাংক্ষিত বিজয়।

  • 09 Mar 2025 09:42 PM (IST)

    পেভিলিয়নলৈ উভতিল পাণ্ডিয়া

    ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। ভাৰতক জয়ৰ বাবে ১১ ৰানৰ প্ৰয়োজন হোৱাৰ সময়তে আউট হৈছে হাৰ্দিক পাণ্ডিয়া।

  • 09 Mar 2025 09:39 PM (IST)

    অন্তিম ৩ অভাৰত ১২ ৰানৰ প্ৰয়োজন

    চেম্পিয়নছ ট্ৰফী ২০২৫ জয়ৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় দল। হাতত ৩টা অভাৰ আৰু ৫টা উইকেট বাকী থকা অৱস্থাত ভাৰতক জয়ৰ বাবে মাত্ৰ ১২ ৰানৰ প্ৰয়োজন।

  • 09 Mar 2025 09:29 PM (IST)

    পাঁচ অভাৰত ভাৰতক প্ৰয়োজন ৩২ ৰানৰ

    ৪৫ অভাৰৰ সমাপ্তিলৈ ভাৰতে সংগ্ৰহ কৰিছে ২২০ ৰান। এতিয়া অন্তিম ৫ অভাৰত ভাৰতক জয়ী হ’বলৈ ৩২ ৰানৰ প্ৰয়োজন।

  • 09 Mar 2025 09:14 PM (IST)

    অক্ষৰ পেটেলৰো বিদায়

    ধৈৰ্যশীল বেটিঙেৰে ভাৰতীয় শিবিৰক কিছু চিন্তামুক্ত কৰি ৰখা অক্ষৰ পেটেলে খৰতকীয়াকৈ ৰান সংগ্ৰহৰ চেষ্টাত তুলি দিছে নিজৰ উইকেট। মাইকেলৰ ব্ৰেচৱেলৰ বলত কেচ তুলি পেভিলিয়নলৈ উভতে অক্ষৰ (২৯)।

  • 09 Mar 2025 09:11 PM (IST)

    ২০০ ৰান সম্পূৰ্ণ ভাৰতৰ

    ৰোমাঞ্চকৰ স্থিতিত উপনীত হোৱা চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতে নিজ স্ক’ৰবৰ্ডত ২০০ ৰান সংযোজন কৰিবলৈ সক্ষম হৈছে। ইনিংছৰ ৪০.৫ অভাৰত ৰাহুলে দুই ৰান সংগ্ৰহ কৰাৰ লগে লগে ভাৰতৰ স্ক’ৰ ২০০ৰ পাৰ হয়।

  • 09 Mar 2025 09:03 PM (IST)

    চেণ্টনাৰে বিদায় দিলে আয়াৰক

    ভাৰতীয় অনুৰাগীৰ শংকা কিছু দূৰ কৰি দায়িত্বশীল বেটিঙেৰে ইনিংছ কিছু আগুৱাই নিছিল শ্ৰেয়স আয়াৰে। কিন্তু কিৱি অধিনায়ক চেণ্টনাৰে আয়াৰক বিদায় দি পুনৰ এবাৰ ভাৰতীয় অনুৰাগীক চিন্তিত কৰি তুলিছে।

  • 09 Mar 2025 08:49 PM (IST)

    আয়াৰ-অক্ষৰ যুটিছে দেখুৱাইছে আশা

    মাত্ৰ ১৭ ৰানৰ ব্যৱধানত শীৰ্ষক্ৰমৰ তিনিগৰাকীকৈ বেটাৰৰ উইকেট পতনৰ ফলত চিন্তিত হৈ পৰা ভাৰতীয় শিবিৰৰ মনলৈ আশা ঘূৰাই আনিছে শ্ৰেয়স আয়াৰ আৰু অক্ষৰ পেটেলৰ যুটীয়ে। দুয়ো চতুৰ্থ উইকেটত এইপৰ্যন্ত যোগ দিছে ৫২ ৰান।

  • 09 Mar 2025 08:32 PM (IST)

    আয়াৰৰ কান্ধত গধুৰ দায়িত্ব

    অপেনাৰদ্বয় ৰোহিত-গিলৰ লগতে কোহলীও পেভিলিয়নলৈ উভতাৰ পিছত এতিয়া শ্ৰেয়স আয়াৰৰ কান্ধত পৰিছে গধুৰ দায়িত্ব। এইপৰ্যন্ত আয়াৰে সংগ্ৰহ কৰিছে ২৫ ৰান।

  • 09 Mar 2025 08:15 PM (IST)

    ৰোহিতৰো বিদায়, সংকটত ভাৰত

    গভীৰ সংকটৰ সন্মুখীন হৈছে ভাৰতীয় দল। গিল, কোহলীৰ উইকেট পতনৰ পিছত অধিনায়ক ৰোহিত শৰ্মাৰ কান্ধত পৰিছিল অতিৰিক্ত দায়িত্ব। কিন্তু ৰবীন্দ্ৰই ৰোহিতকো বিদায় দি ভাৰতীয় দল তথা অনুৰাগীৰ চিন্তিত কৰি তুলিছে।

  • 09 Mar 2025 08:12 PM (IST)

    ৰোহিত-আয়াৰৰ ধৈৰ্যশীল বেটিং

    প্ৰাৰম্ভিক অৱস্থাত আক্ৰমণাত্মক বেটিং কৰিলেও দুটাকৈ গুৰুত্বপূৰ্ণ উইকেট পতনৰ পিছত ধৈৰ্যশীল বেটিঙেৰে ইনিংছ আগুৱাই নিছে ৰোহিত শৰ্মাই। একেদৰে শ্ৰেয়স আয়াৰেও ধৈৰ্যশীল বেটিঙেৰে আগুৱাই নিছে ইনিংছ।

  • 09 Mar 2025 07:54 PM (IST)

    গিলৰ পিছতে কোহলীৰো বিদায়

    শুভমন গিলৰ পিছত আন এক আঘাতৰ সন্মুখীন হৈছে ভাৰত। মাত্ৰ ১ ৰান সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ উভতে ভাৰতৰ বেটিং লাইন আপৰ অন্যতম প্ৰধান শক্তি বিৰাট কোহলী।

  • 09 Mar 2025 07:48 PM (IST)

    ভাৰতীয় শিবিৰত প্ৰথমটো আঘাত

    দৰ্শনীয় আৰম্ভণিৰ পিছত ভাৰতীয় দলত প্ৰথমটো আঘাত হানিছে নিউজিলেণ্ডে। গ্লেন ফিলিপছে ধৰা এক চমকপ্ৰদ কেচৰ ফলত পেভিলিয়নলৈ উভতিবলৈ বাধ্য হয় শুভমন গিল (৩১)।

  • 09 Mar 2025 07:39 PM (IST)

    ১০০ ৰান সম্পূৰ্ণ ভাৰতৰ

    চেম্পিয়নছ ট্ৰফী জয়ৰ সহজ পথ গঢ়ি তুলিছে ভাৰতীয় অপেনাৰদ্বয় ৰোহিত আৰু গিলে। দুয়োৰে দৰ্শনীয় প্ৰদৰ্শনৰ সুবাদত মাত্ৰ ১৭ অভাৰতে ১০০ ৰান সম্পূৰ্ণ কৰিছে ভাৰতে।

  • 09 Mar 2025 07:31 PM (IST)

    গিলৰ বেটৰ পৰা প্ৰথমটো ছয়

    ৰোহিতৰ পিছত শুভমন গিলেও কিৱি বলাৰৰ বিপক্ষে আক্ৰমণাত্মক বেটিং আৰম্ভ কৰাৰ ইংগিত দিছে। ৰচিন ৰবীন্দ্ৰৰ বলত গিলে নিজ ইনিংছৰ প্ৰথমটো বাউণ্ডেৰীৰ ৰূপত এটা ছয় কোবায়।

  • 09 Mar 2025 07:17 PM (IST)

    ৰোহিত শৰ্মাৰ অৰ্ধশতক

    আক্ৰমণাত্মক শৈলীৰে বেটিং অব্যাহত ৰখা অধিনায়ক ৰোহিতে সম্পূৰ্ণ কৰিছে অৰ্ধশতক। মাত্ৰ ৪১টা বলত ৫টা চাৰি আৰু ৩টা চাৰিৰে ৰোহিতে অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 09 Mar 2025 07:06 PM (IST)

    ভাৰতীয় ইনিংছৰ ৫০ ৰান সম্পূৰ্ণ

    ৭.২ অভাৰত ভাৰতীয় ইনিংছত সম্পূৰ্ণ হৈছে ৫০ ৰান। ৰোহিত শৰ্মাই স্মিথৰ বলত এটা ছয় কোবাই দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰায়।

  • 09 Mar 2025 06:57 PM (IST)

    পাঁচ অভাৰৰ সমাপ্তিত ভাৰতৰ সংগ্ৰহ ৩১ ৰান

    প্ৰত্যাশিত আৰম্ভণিৰে ভাৰতে প্ৰথম পাঁচ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰিছে ৩১ ৰান। অধিনায়ক ৰোহিতৰ বেটৰ পৰা আহিছে ২১ ৰান।

  • 09 Mar 2025 06:42 PM (IST)

    ৰোহিতৰ বিস্ফোৰক আৰম্ভণি

    অধিনায়ক ৰোহিত শৰ্মাই ফাইনেলত ভাৰতীয় দলক দিছে প্ৰত্যাশিত আৰম্ভণি। ৰোহিতৰ আক্ৰমণাত্মক বেটিঙৰ সুবাদতে ভাৰতে প্ৰথম দুই অভাৰতে সংগ্ৰহ কৰিছে ২২ ৰান।

  • 09 Mar 2025 06:35 PM (IST)

    প্ৰথম অভাৰত ভাৰতৰ সংগ্ৰহ ৯ ৰান

    ২৫২ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ইনিংছ আৰম্ভ কৰা ভাৰতে প্ৰথম অভাৰত ৯ ৰান সংগ্ৰহ কৰি প্ৰত্যাশিত আৰম্ভণি ঘটাইছে।

  • 09 Mar 2025 06:33 PM (IST)

    ছয়েৰে ইনিংছ মুকলি ৰোহিতৰ

    নিজৰ আক্ৰমণাত্মক শৈলীৰেই ফাইনেলৰ ইনিংছ আৰম্ভ কৰিছে ৰোহিত শৰ্মাই। ইনিংছৰ দ্বিতীয়টো বলতে এটা ছয় কোবায় ভাৰতীয় অধিনায়কগৰাকীয়ে।

  • 09 Mar 2025 06:30 PM (IST)

    ক্ৰীজত গিল-ৰোহিত

    ২৫২ ৰানৰ জয়ৰ লক্ষ্য লৈ ক্ৰীজত নামিছে ভাৰতীয় অপেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গিল। আনহাতে কিৱি দলৰ হৈ বলিং মুকলি কৰিছে কাইল জেমিচনে।

  • 09 Mar 2025 06:22 PM (IST)

    ফাইনেলত ভাৰতীয় স্পিনাৰৰ আধিপত্য

    নিউজিলেণ্ডৰ বিপক্ষে ফাইনেলত আজি ভাৰতীয় স্পিনাৰে দাঙি ধৰে উজ্জীৱিত প্ৰদৰ্শন। ভাৰতীয় স্পিনাৰ ক্ৰমে অক্ষৰ, কুলদীপ, বৰুণ আৰু জাদেজাই মুঠ ৩৮ অভাৰত ৩.৭৯ ইক’নমি ৰেটেৰে ১৪৪ ৰান দি ৫টা উইকেট দখল কৰাৰ বিপৰীতে পেচাৰদ্বয় ছামি আৰু পাণ্ডিয়াই ১২ অভাৰত ৮.৬৭ ইক’নমি ৰেটেৰে ১০৪ ৰান খৰচ কৰে আৰু মাত্ৰ এটা উইকেট দখল কৰে।

  • 09 Mar 2025 06:03 PM (IST)

    ভাৰতৰ সমুখত ২৫২ ৰানৰ লক্ষ্য

    ব্ৰেচৱেলৰ আকৰ্ষণীয় অৰ্ধশতকীয় ইনিংছৰ সহায়েৰে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ফাইনেলত ২৫১ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে। এতিয়া তৃতীয়টো চেম্পিয়নছ ট্ৰফী জয়ৰ লক্ষ্যৰে ২৫২ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰিব ভাৰতে।

  • 09 Mar 2025 06:00 PM (IST)

    ব্ৰেচৱেলৰ অৰ্ধশতক

    ডেৰিল মিচেলৰ পিছত অৰ্ধশতক সম্পূৰ্ণ কৰিছে মিচেল ব্ৰেচৱেলে। কিছু আক্ৰমণাত্মক বেটিঙেৰে দলক এক শক্তিশালী স্থিতিলৈ লৈ যোৱা ব্ৰেচৱেলে ৩৯ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 09 Mar 2025 05:56 PM (IST)

    নিউজিলেণ্ডৰ সপ্তমটো উইকেটৰ পতন

    অধিনায়ক মিচেল চেণ্টনাৰৰ ৰূপত সপ্তমটো উইকেটৰ পতন ঘটিছে নিউজিলেণ্ডৰ। দুই ৰান সংগ্ৰহৰ চেষ্টাত ৰান আউট হয় অধিনায়কগৰাকী।

  • 09 Mar 2025 05:38 PM (IST)

    ছামিৰ দখলত প্ৰথমটো উইকেট, মিচেলৰ বিদায়

    চলিত ফাইনেল মেচত প্ৰথমটো উইকেট দখল কৰিছে অভিজ্ঞ পেচাৰ মহম্মদ ছামিয়ে। এক দায়িত্বশীল ইনিংছ খেলি ছামিৰ বলত আউট হয় ডেৰিল মিচেল (৬৩)।

  • 09 Mar 2025 05:32 PM (IST)

    নিউজিলেণ্ডৰ স্ক’ৰবৰ্ডত ২০০ ৰান

    ২০০ ৰান সম্পূৰ্ণ কৰিছে নিউজিলেণ্ডে। ৪৪.৮ অভাৰত দলটোৱে ২০০ ৰান সম্পূৰ্ণ কৰে। অন্তিম পাঁচ অভাৰত দলটোৱে এতিয়া ইনিংছত আৰু কিছু ৰান সংযোগৰ চেষ্টা চলাব।

  • 09 Mar 2025 05:23 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ মিচেলৰ

    দলীয় বিপৰ্যয় নেওচি ধৈৰ্যশীল বেটিঙেৰে অৰ্ধশতক সম্পূৰ্ণ কৰিছে ডেৰিল মিচেলে। ৯১টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে অলৰাউণ্ডাৰগৰাকীয়ে।

  • 09 Mar 2025 05:11 PM (IST)

    জাদেজাৰ মিতব্যয়ী স্পেল

    নিজ স্পেল সম্পূৰ্ণ কৰিছে ৰবীন্দ্ৰ জাদেজাই। মিতব্যয়ী বলিঙেৰে জাদেজাই ১০ অভাৰত মাত্ৰ ৩০ ৰান খৰচ কৰে আৰু দখল কৰে টম লাথামৰ গুৰুত্বপূৰ্ণ উইকেট।

  • 09 Mar 2025 05:03 PM (IST)

    বৰুণে ভাঙিলে মিচেল-ফিলিপছ যুটি

    চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখি বৰুণ চক্ৰৱৰ্তীয়ে দখল কৰিছে দ্বিতীয়টো উইকেট। ফিলিপছক বিদায় দি বৰুণে ভংগ কৰে মিচেল-ফিলিপছৰ অৰ্ধশতকীয় যুটি।

  • 09 Mar 2025 04:54 PM (IST)

    পুনৰ কেচ মিছ, জীৱনদান পালে ফিলিপছে

    ভাৰতীয় দলে আজি নিৰাশ কৰিছে ফিল্ডিঙত। ছামি, আয়াৰ, ৰোহিতৰ পিছত এইবাৰ শুভমন গিলে মিছ কৰিছে আন এটা কেচ। এইদৰে ব্যক্তিগত ২৭ ৰানত জীৱনদান পায় ফিলিপছে।

  • 09 Mar 2025 04:43 PM (IST)

    ফিলিপছ-মিচেলে দেখুৱাইছে প্ৰত্যাৱৰ্তনৰ আশা

    ১০৮ ৰানত চাৰিটা উইকেট হেৰুওৱাৰ পিছত গ্লেন ফিলিপছ আৰু ডেৰিল মিচেলে নিউজিলেণ্ডৰ ইনিংছত কিছু আশা দেখুৱাইছে। দুয়ো ভাৰতীয় বলিং আক্ৰমণক প্ৰতিহত কৰি পঞ্চম উইকেটৰ যুটিত এইপৰ্যন্ত ৩৯ ৰানৰ যুটি বান্ধিছে।

  • 09 Mar 2025 04:27 PM (IST)

    ৮২টা বলৰ পিছত নিউজিলেণ্ডৰ ইনিংছত বাউণ্ডেৰী

    নিউজিলেণ্ডৰ ইনিংছত ৮২টা বলৰ পিছত আহিছে এটা বাউণ্ডেৰী। কুলদীপৰ বলত এটা ছয় কোবাই গ্লেন ফিলিপছে বাউণ্ডেৰীৰ খৰাঙৰ অন্ত পেলায়।

  • 09 Mar 2025 04:21 PM (IST)

    ২৫ অভাৰত নিউজিলেণ্ডৰ সংগ্ৰহ ১১৪ ৰান

    নিউজিলেণ্ডৰ ইনিংছৰ আধা অংশ অৰ্থাৎ ২৫ অভাৰ সামৰণি পৰিছে। এই ২৫ অভাৰত দলটোৱে ৪ উইকেটৰ বিনিময়ত ১১৪ ৰান সংগ্ৰহ কৰিছে।

  • 09 Mar 2025 04:14 PM (IST)

    জাদেজাৰ চিকাৰ হ’ল লাথাম

    ৰবীন্দ্ৰ জাদেজাই ভাৰতক দিছে চতুৰ্থটো সফলতা। টম লাথামক (১৪) বিদায় দি জাদেজাই নিউজিলেণ্ডক মেচখনত বেকফুটলৈ ঠেলি দিছে।

  • 09 Mar 2025 03:59 PM (IST)

    কিৱি ইনিংছত ১০০ ৰান সম্পূৰ্ণ

    প্ৰাৰম্ভিক অৱস্থাত আক্ৰমণাত্মক আৰম্ভণি ঘটালেও সঘনে উইকেট পতনৰ পিছত কিছু লেহেমীয়া হৈ পৰিছে নিউজিলেণ্ডৰ ইনিংছ। ২০.২ অভাৰত ইনিংছত ১০০ ৰান সম্পূৰ্ণ কৰিছে কিৱি বাহিনীয়ে।

  • 09 Mar 2025 03:48 PM (IST)

    অক্ষৰৰ নিয়ন্ত্ৰিত বলিং

    ১৬ অভাৰৰ অন্তত নিউজিলেণ্ডে সংগ্ৰহ কৰিছে ৮৫ ৰান। অক্ষৰ পেটেলে নিয়ন্ত্ৰিত বলিঙেৰে নিজ স্পেলৰ তৃতীয় অভাৰটোত মাত্ৰ ২ ৰান খৰচ কৰে।

  • 09 Mar 2025 03:38 PM (IST)

    ১৪ অভাৰত নিউজিলেণ্ডৰ সংগ্ৰহ ৮১ ৰান

    ইনিংছৰ ১৪ অভাৰৰ অন্তত নিউজিলেণ্ডে ৩ উইকেটৰ বিনিময়ত ৮১ ৰান সংগ্ৰহ কৰিছে।

  • 09 Mar 2025 03:32 PM (IST)

    কুলদীপে বিদায় দিলে উইলিয়ামচনক

    নিউজিলেণ্ডৰ ইনিংছত আন এটা আঘাত হানিছে কুলদীপ যাদৱে। উইলিয়ামচনক বিদায় দি কুলদীপে ভাৰতক শক্তিশালী স্থিতিত উপনীত কৰাইছে।

  • 09 Mar 2025 03:30 PM (IST)

    ১২ অভাৰত নিউজিলেণ্ডৰ সংগ্ৰহ ৭৫ ৰান

    ১২ অভাৰৰ সমাপ্তিলৈ নিউজিলেণ্ডে ২ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে ৭৫ ৰান। অক্সৰ পেটেলে নিজ স্পেলৰ প্ৰথমটো অভাৰত ২ ৰান খৰচ কৰে।

  • 09 Mar 2025 03:25 PM (IST)

    প্ৰথমটো বলতে ঘূৰ্ণী কুলদীপৰ

    চাইনা মেন স্পিনাৰ কুলদীপ যাদৱে প্ৰথমটো বলতে লাভ কৰিছে সফলতা। বিপজ্জনক হৈ উঠাৰ ইংগিত দিয়া ৰচিন ৰবীন্দ্ৰক (৩৭) বিদায় দি কুলদীপে ভাৰতক দ্বিতীয়টো উসফলতা দিয়ে।

  • 09 Mar 2025 03:11 PM (IST)

    বৰুণে দিলে সফলতা

    অৱশেষত সফলতা লাভ কৰিলে ভাৰতে। আশা পূৰ কৰি বৰুণ চক্ৰৱৰ্তীয়ে বিদায় দিলে উইল ইয়ঙক (১৫)।

  • 09 Mar 2025 03:10 PM (IST)

    পুনৰ কেচ মিছ

    পুনৰ এবাৰ জীৱনদান পাইছে ৰচিন ৰবীন্দ্ৰই। বৰুণ চক্ৰৱৰ্তীৰ বলত ৰবীন্দ্ৰই তুলি দিয়া এটা কিছু কঠিন কেচ আয়ত্ব কৰাত বিফল হয় শ্ৰেয়স আয়াৰ।

  • 09 Mar 2025 03:09 PM (IST)

    ডি আৰ এছে ৰক্ষা কৰিলে ৰবীন্দ্ৰক

    আশা কৰাৰ দৰেই বৰুণ চক্ৰৱৰ্তীয়ে ভাৰতক প্ৰথমটো সফলতা দিছিল যদিও DRS গ্ৰহণ কৰাৰ পিছত ৰবীন্দ্ৰ নট আউট বিবেচিত হয়।

  • 09 Mar 2025 03:06 PM (IST)

    কিৱিৰ সুদৃঢ় আৰম্ভণি

    ফাইনেলত সুদৃঢ় আৰম্ভণি ঘটাইছে নিউজিলেণ্ডে। ইনিংছৰ সাত অভাৰত নিউজিলেণ্ডে এইপৰ্যন্ত কোনো উইকেট নেহেৰুৱাকৈ ৫১ ৰান সংগ্ৰহ কৰিছে।

  • 09 Mar 2025 03:03 PM (IST)

    জীৱনদান পালে ৰবীন্দ্ৰই

    কেচ ড্ৰপৰ ফলত প্ৰথমটো সফলতাৰ পৰা বঞ্চিত হৈছে ভাৰত। ৰচিন ৰবীন্দ্ৰই তুলি দিয়া এটা কেচ আয়ত্ব কৰাত বিফল হয় মহম্মদ ছামি।

  • 09 Mar 2025 03:01 PM (IST)

    প্ৰথমটো অভাৰত খৰচী বৰুণ

    নিজ স্পেলৰ প্ৰথমটো অভাৰত বৰুণ চক্ৰৱৰ্তীয়ে খৰচ কৰে ৯ ৰান। অভাৰ আৰম্ভ কৰিয়েই প্ৰথমটো বলতে ৱাইড-ফ’ৰৰ ৰূপত বৰুণে দিয়ে অতিৰিক্ত পাঁচ ৰান।

  • 09 Mar 2025 02:58 PM (IST)

    বৰুণৰ ওপৰত আশা

    ভাৰতীয় দলৰ নতুন ঘাতক অস্ত্ৰ হৈ পৰা বৰুণ চক্ৰৱৰ্তীৰ হাতত তুলি দিয়া হয় ইনিংছৰ ষষ্ঠটো অভাৰ। নিউজিলেণ্ডৰ বিপক্ষে গ্ৰুপ মেচত পাঁচটাকৈ উইকেট দখল কৰি জয়ৰ নায়ক হৈ পৰিছিল বৰুণ।

  • 09 Mar 2025 02:56 PM (IST)

    পঞ্চম অভাৰলৈ নিউজিলেণ্ডৰ সংগ্ৰহ ৩৭ ৰান

    অঞ্চম অভাৰৰ অন্তত নিউজিলেণ্ডে সংগ্ৰহ কৰিছে ৩৭ ৰান। ৰচিন ৰবীন্দ্ৰই ছামিৰ এই অভাৰটোত কোবায় দুটাকৈ চাৰি।

  • 09 Mar 2025 02:51 PM (IST)

    পাণ্ডিয়াৰ খৰচী অভাৰ

    নিজৰ স্পেলৰ প্ৰথমটো অভাৰত মাত্ৰ দুই ৰান দিয়া পাণ্ডিয়াৰ দ্বিতীয়টো অভাৰ যথেষ্ট খৰচী বিবেচিত হয়। অভাৰতটোত এটা ছয় আৰু দুটা চাৰিসহ মুঠ ১৬ ৰান খৰচ কৰে পাণ্ডিয়াই।

  • 09 Mar 2025 02:49 PM (IST)

    ৰবীন্দ্ৰৰ বেটৰ পৰা প্ৰথমটো ছয়

    ফাইনেলৰ প্ৰথমটো ছয় কোবাইছে ৰচিন ৰবীন্দ্ৰই। পাণ্ডিয়াৰ দ্বিতীয় অভাৰৰ চতুৰ্থটো বলত এটা ছয় কোবোৱাৰ পিছত পঞ্চমটো বলত এটা চাৰি কোবায়।

  • 09 Mar 2025 02:46 PM (IST)

    তিনি অভাৰলৈ নিউজিলেণ্ডৰ সংগ্ৰহ ১০ ৰান

    ইনিংছৰ তিনি অভাৰৰ অন্তত নিউজিলেণ্ডে ১০ ৰান সংগ্ৰহ কৰিছে। মহম্মদ ছামিয়ে দ্বিতীয় অভাৰতো প্ৰথম অভাৰৰ দৰেই চাৰি ৰান সংগ্ৰহ কৰে।

  • 09 Mar 2025 02:40 PM (IST)

    দ্বিতীয় অভাৰত সংগ্ৰহ ২ ৰান

    ইনিংছৰ দ্বিতীয় অভাৰত পাণ্ডিয়াই ২ ৰান খৰচ কৰে। এইদৰে নিউজিলেণ্ডে দুই অভাৰৰ অন্তত ৬ ৰান সংগ্ৰহ কৰিছে।

  • 09 Mar 2025 02:38 PM (IST)

    দ্বিতীয় অভাৰত বলিং পাণ্ডিয়াৰ

    স্পিনত অধিক গুৰুত্ব আৰোপ কৰি ভাৰতে মূল দলত ছামিৰ ৰূপত মাত্ৰ এগৰাকী বিশেষজ্ঞ পেচাৰ অন্তৰ্ভুক্ত কৰিছে। দলত দ্বিতীয়গৰাকী পেচাৰ হিচাপে থকা হাৰ্দিক পাণ্ডিয়াই ইনিংছৰ দ্বিতীয় অভাৰত বলিং কৰিছে।

  • 09 Mar 2025 02:35 PM (IST)

    প্ৰথম অভাৰত সংগ্ৰহ চাৰি ৰান

    ফাইনেলৰ প্ৰথম অভাৰ ভাৰতৰ বাবে সুন্দৰ বুলিব পাৰি। প্ৰথম পাঁচটা বল ছামিয়ে ডট দিয়াৰ পিছত অন্তিমটো বলত অৱশ্যে ইয়ঙে এটা বাউণ্ডেৰীৰে স্ক’ৰব’ৰ্ড মুকলি কৰে।

  • 09 Mar 2025 02:31 PM (IST)

    আৰম্ভ হ’ল মেচ

    আৰম্ভ হ’ল চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেল। ভাৰতৰ হৈ বলিং মুকলি কৰিছে মহম্মদ ছামিয়ে। আনহাতে কিৱি দলৰ হৈ ইনিংছ মুকলি কৰিছে উইল ইয়ঙে।

  • 09 Mar 2025 02:29 PM (IST)

    ২০০০ৰ পোতক তুলিব পাৰিবনে ভাৰতে

    ২০০০ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলতো মুখামুখি হৈছিল ভাৰত আৰু নিউজিলেণ্ড। ফাইনেলত কিৱি বাহিনীৰ বিপক্ষে পৰাস্ত হৈছিল ভাৰতীয় দল। আজি ভাৰতে উক্ত মেচৰ পোতক তুলিব পাৰিবনে সেয়া হ’ব লক্ষণীয়।

  • 09 Mar 2025 02:15 PM (IST)

    নিউজিলেণ্ডৰ মূল একাদশ

    উইল ইয়ং, ৰচিন ৰবীন্দ্ৰ, কেন উইলিয়ামছন, ডেৰিল মিচেল, টম লাথাম (উইকেটকীপাৰ), গ্লেন ফিলিপছ, মাইকেল ব্ৰেচৱেল, মিচেল চেণ্টনাৰ (অধিনায়ক), নাথান স্মিথ, কাইল জেমিছন, উইলিয়াম অ’ৰ’ৰ্কে।

  • 09 Mar 2025 02:13 PM (IST)

    ভাৰতৰ মূল একাদশ

    ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, অক্ষৰ পেটেল, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামি, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী।

  • 09 Mar 2025 02:12 PM (IST)

    অপৰিৱৰ্তিত ভাৰতীয় দল

    ফাইনেলত অপৰিৱৰ্তিত ৰখা হৈছে ভাৰতীয় দল। অৰ্থাৎ নিউজিলেণ্ডৰ বিপক্ষে গ্ৰুপৰ অন্তিম মেচ আৰু অষ্ট্ৰেলিয়াৰ বিপক্ষে ছেমি ফাইনেলত অৱতীৰ্ণ হোৱা দলটিয়েই আজি ফাইনেলত অৱতীৰ্ণ হ’ব।

  • 09 Mar 2025 02:06 PM (IST)

    প্ৰথমে বেটিং নিউজিলেণ্ডৰ

    বহু প্ৰত্যাশিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত আজি টছত জয়ী হৈ নিউজিলেণ্ডৰ অধিনায়ক মিচেল চেণ্টনাৰে প্ৰথমে বেটিঙৰ সিদ্ধন্ত গ্ৰহণ কৰিছে।

Published On - Mar 09,2025 2:00 PM