ভাৰতৰ হাতত পৰাজয়ৰ পিছতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ষ্টিভ স্মিথৰ
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা বাহিৰ হৈছে অষ্ট্ৰেলিয়া দল। ইফালে প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ লগে লগে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। অৱশ্যে ষ্টিভ স্মিথে টেষ্ট আৰু টি-২০ ফৰ্মেটত খেলি থাকিব।
 
                                চেম্পিয়নছ ট্ৰফী ২০২৫ত অন্ত পৰিল অষ্ট্ৰেলিয়াৰ যাত্ৰা । ছেমি ফাইনেল মেচত ভাৰতৰ বিৰুদ্ধে ৪ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল দলটো। এই পৰাজয়ৰ পিছত এক ডাঙৰ ঘোষণা কৰিছে দলৰ অধিনায়ক ষ্টিভ স্মিথে। এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ষ্টিভ স্মিথে। অৱশ্যে ষ্টিভ স্মিথে টেষ্ট আৰু টি-২০ ফৰ্মেটত খেলি থাকিব। প্ৰায় ১৫ বছৰ ধৰি অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়া ক্ৰিকেট খেলিছিল ষ্টিভ স্মিথে। এই সময়ছোৱাত তেওঁ বহুবাৰ দলৰ অধিনায়কত্বও কৰিছিল। আনকি ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত পেট কামিন্সৰ অনুপস্থিতিতো অষ্ট্ৰেলিয়াই তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰিছিল।
৩৫ বছৰীয়া ষ্টিভ স্মিথে চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছত নিজৰ সিদ্ধান্তৰ বিষয়ে সতীৰ্থসকলক জনায়। ষ্টিভ স্মিথে কয়, ‘এয়া এক সুন্দৰ যাত্ৰা আৰু ইয়াৰ প্ৰতিটো মিনিট মই উপভোগ কৰিছো। ইমানবোৰ আচৰিত মুহূৰ্ত আৰু আচৰিত স্মৃতি। দুবাৰকৈ বিশ্বকাপ জয় কৰাটো আছিল এক ডাঙৰ কৃতিত্ব। বহুতো মহান সতীৰ্থ থকাৰ বাবে এই যাত্ৰাৰ অংশীদাৰ হৈছিলো। এতিয়া ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ এক সুন্দৰ সুযোগ, গতিকে এয়া সঠিক সময় যেন লাগিছে।
ষ্টিভ স্মিথে আৰু কয়, “টেষ্ট ক্ৰিকেট এতিয়াও প্ৰথম অগ্ৰাধিকাৰ। মই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলক লৈ উৎসাহিত হৈ আছো, শীতকালত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু তাৰ পিছত ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিম। মই অনুভৱ কৰোঁ যে সেই মঞ্চত মোৰ অৰিহণা দিবৰ বাবে এতিয়াও বহুত কৰিবলৈ বাকী আছে।”
The great Steve Smith has called time on a superb ODI career 👏 pic.twitter.com/jsKDmVSG1h
— Cricket Australia (@CricketAus) March 5, 2025
ষ্টিভ স্মিথৰ এদিনীয়া কেৰিয়াৰ
২০১০ চনত ষ্টিভ স্মিথে এদিনীয়াত অভিষেক ঘটায়। এই সময়ছোৱাত তেওঁ অষ্ট্ৰেলিয়াৰ হৈ মুঠ ১৭০খন এদিনীয়া মেচ খেলিছিল। এদিনীয়া খেলত তেওঁ গড়ে ৪৩.২৮ ৰান কৰি ৫৮০০ ৰান সংগ্ৰহ কৰিছিল, য’ত ৩৫টা অৰ্ধশতক আৰু ১২টা শতক অন্তৰ্ভুক্ত হৈ আছে। দেশৰ ভিতৰত এদিনীয়াত সৰ্বাধিক মেচ খেলা ১৬ নং স্থানত আৰু সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈৰ ১২ নম্বৰ স্থানত আছে স্মিথ। একে সময়তে টীম ইণ্ডিয়াৰ বিৰুদ্ধে এদিনীয়া খেলতো তেওঁৰ প্ৰদৰ্শন ভাল আছিল। ভাৰতৰ বিৰুদ্ধে ৩০খন এদিনীয়া মেচ খেলি ৫৩.১৯ গড়ে ১৩৮৩ ৰান সংগ্ৰহ কৰে স্মিথে। য’ত ৭টা অৰ্ধশতক আৰু ৫টা শতক অন্তৰ্ভুক্ত হৈ আছে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      