শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IND vs NZ Final: ভাৰত বনাম নিউজিলেণ্ডঃ চেম্পিয়নছ ট্ৰফীত জয়ী দলে কিমান টকা লাভ কৰিব? ক’ত চাব পাৰিব খেল, জানক সকলো…

IND vs NZ Final: আজি ডুবাইত অনুষ্ঠিত হ'ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ফাইনেল খেল। ইতিমধ্যে এই খেলৰ বাবে ক্ৰিকেট অনুৰাগীসকলে অপেক্ষা কৰি আছে।

IND vs NZ Final: ভাৰত বনাম নিউজিলেণ্ডঃ চেম্পিয়নছ ট্ৰফীত জয়ী দলে কিমান টকা লাভ কৰিব?  ক’ত চাব পাৰিব খেল, জানক সকলো…
ভাৰত বনাব নিউজিলেণ্ডImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 09 Mar 2025 14:19 PM

অন্তিম পৰ্যায়ত উপনীত হৈছে চেম্পিয়নছ ট্ৰফী ২০২৫ (champions trophy)। মাত্ৰ কেইটামান ক্ষণৰ পাছতে আজি ৯ মাৰ্চৰ দিনা ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ফাইনেল খেল অনুষ্ঠিত হ’ব। ২৫ বছৰ পাছত এই প্ৰতিযোগিতাৰ বাবে দুয়োটা দল ফাইনেল মুখামুখি হ’ব। ৰোহিত শৰ্মাৰ অধিনাকত্বত ইতিমধ্যে ইণ্ডিয়া ক্ৰিকেট টিমটোৱে ভাল প্ৰদৰ্শন কৰি আহিছে। এই টুৰ্ণামেন্টত এবাৰ কিৱি বাহিনীক পৰাস্তা কৰিছে ভাৰতে।  এতিয়া ২০০০ চনৰ ফাইনেলৰ পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ আৰু পুনৰ এই খিতাপ দখল কৰাৰ সুযোগ পাব ভাৰতে। কিন্তু নিউজিলেণ্ডক পৰাস্ত কৰা সহজ নহয়। তেনে পৰিস্থিতিত কি পৰিকল্পনাৰে ভাৰত আগবাঢ়িব জয়ৰ দিশে?

ভাৰতৰ শক্তি

গ্ৰুপ পৰ্যায়ৰ মেচৰ দৰে ৰোহিত শৰ্মাই পুনৰ এবাৰ স্পীনাৰৰ হাতত ধৰিয়েই ফাইনেলত জয়ী হোৱাৰ চেষ্টা চলাব যেন আশা কৰিব পাৰি।। টিম ইণ্ডিয়াত কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীয়ে ফ্ৰন্টলাইন স্পিনাৰ হিচাপে খেলিব পাৰে আনহাতে অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাডেজাই স্পিন অল ৰাউণ্ডাৰ হিচাপে খেলিব পাৰে।এই চাৰিজন বলাৰৰ বলত ভাৰতে গ্ৰুপ পৰ্যায়ত ২০৫ ৰানত কিউই দলটোক আউট কৰিছিল। তাৰ পিছত বৰুণ চক্ৰৱৰ্তীয়ে এক্স ফেক্টৰ বুলি প্ৰমাণ কৰি ৫টা উইকেট দখল কৰি প্লেয়াৰ অৱ দ্য মেচ হিচাপে পৰিগণিত হয়। গতিকে ফাইনেলতো বৰুণ চক্ৰৱৰ্তী ৰোহিত শৰ্মাৰ ‘ব্ৰহ্মস্ত্ৰ’ হ’ব পাৰে।

যদি বাকীকেইখন মেচৰ দৰে আজিও বৰুণ চক্ৰৱৰ্তীৰ যাদুই কাম কৰে তেন্তে আজি ভাৰতৰ জয় হ’ব পাৰে। পেচ এটেকৰ কথা ক’বলৈ হ’লে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মহম্মদ ছামি আৰু হাৰ্দিক পাণ্ডিয়াক ফৰ্মত দেখা গৈছিল। পাৱাৰপ্লে’ত দুয়োৰে বলিং গুৰুত্বপূৰ্ণ হ’ব। অৱশ্যে এই সকলোবোৰৰ মাজত ফিল্ডিঙত গুৰুত্ব দিব লাগিব টিম ইণ্ডিয়াই।

নিউজিলেণ্ডৰ শক্তি

ভাৰতৰ দৰে নিউজিলেণ্ড দলটোতো ২ জন ফ্ৰন্টলাইন স্পিনাৰ আৰু ২ জন স্পিন অল ৰাউণ্ডাৰ আছে। পেচ এটেকত মেট হেনৰী আৰু উইলিয়াম অ’ৰ’ৰ্কে ভাৰতীয় অ’পেনাৰৰ বাবে কিছু বিপদ মাতিব পাৰে । বেটিঙৰ কথা কবলৈ হলে ৰাচিন ৰবীন্দ্ৰ আৰু কেন উইলিয়ামছন ফৰ্মত আছে।

আনহাতে মিডিল অৰ্ডাৰত ডেৰিল মিচেল আৰু টম লেথামৰ অংশীদাৰিত্ব ভাৰতৰ বাবে চিন্তাজনক হ’ব পাৰে।য়োজন খেলুৱৈয়ে স্পিন ভাল খেলে। ইয়াৰোপৰি মাইকেল ব্ৰেচৱেল আৰু গ্লেন ফিলিপছে অধিক ৰান সংগ্ৰহ কৰি মেচখন নিজৰ হাতলৈ নিব পাৰে। এইসকলোবোৰৰ উপৰি নিউজিলেণ্ডৰ ফিল্ডিং ভাল যি গেম চেঞ্জাৰ বুলি প্ৰমাণিত হ’ব পাৰে।

কত চাব পাৰিব খেল

আজি এই খেলখন ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব। ষ্টাৰ স্প’ৰ্টছ এণ্ড স্প’ৰ্টছ ১৮ত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব এই খেলখন। যদি আপুনি ইয়াৰ লাইভ ষ্ট্ৰীমিং মোবাইল আৰু অ’টিটি প্লেটফৰ্মত চাব বিচাৰে তেন্তে JioHotstar এপ আৰু ৱেবছাইটলৈ যাব পাৰে।

কিমান টকা পাব

চেম্পিয়নছ ট্ৰফীত জয়লাভ কৰিলে জয়ী হোৱা দলটোৱে ২২.৪ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১৯.৫ কোটি টকাৰ পুৰস্কাৰ লাভ কৰিব। ফাইনেলত পৰাস্ত হোৱা দলটোক ১১২ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ৯.৭৮ কোটি টকা দিয়া হ’ব।