শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপেক্ষাৰ অন্তঃ অপ্ৰতিৰোধ্য গতিৰে চেম্পিয়নছ ট্ৰফী ২০২৫ত শ্ৰেষ্ঠত্ব ভাৰতৰ

অনন্য, অপ্ৰতিৰোধ্য, অদম্য....! যি অভিধাৰেই ব্যৱহাৰ নহওক কিয়, এই প্ৰতিটো শব্দই সঁচা অৰ্থত প্ৰতিনিধিত্ব কৰিব ভাৰতীয় দলৰ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ যাত্ৰাক। দুৰ্দমনীয় গতিৰে সমগ্ৰ প্ৰতিযোগিতাত অপৰাজেয় ধাৰা অব্যাহত ৰাখি আজি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি খিতাপ জয় কৰিছে ভাৰতে।

অপেক্ষাৰ অন্তঃ অপ্ৰতিৰোধ্য গতিৰে চেম্পিয়নছ ট্ৰফী ২০২৫ত শ্ৰেষ্ঠত্ব ভাৰতৰ
চেম্পিয়নছ ট্ৰফী ২০২৫ জয় ভাৰতৰ
monjit-dutta
Monjit Dutta | Updated On: 09 Mar 2025 22:52 PM

অনন্য, অপ্ৰতিৰোধ্য, অদম্য….! যি অভিধাৰেই ব্যৱহাৰ নহওক কিয়, এই প্ৰতিটো শব্দই সঁচা অৰ্থত প্ৰতিনিধিত্ব কৰিব ভাৰতীয় দলৰ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ যাত্ৰাক। দুৰ্দমনীয় গতিৰে সমগ্ৰ প্ৰতিযোগিতাত অপৰাজেয় ধাৰা অব্যাহত ৰাখি আজি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি খিতাপ জয় কৰিছে ভাৰতে। এইদৰে ক্ৰমাগত দ্বিতীয়টো আইচিচি খিতাপ জয় কৰিছে মেন ইন ব্লুৱে। বিগত বৰ্ষত টি-২০ বিশ্বকাপ জয়ৰ পিছত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে আজি চেম্পিয়নছ ট্ৰফী জয়েৰে আইচিচি ইভেণ্টত পুনৰ শক্তিৰ উমান দিয়ে।

প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ পূৰ্বেই ভাৰতক খিতাপৰ অন্যতম প্ৰধান দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল। এই ধাৰণা সঠিক প্ৰমাণিত কৰি ভাৰতীয় দলে প্ৰতিযোগিতাৰ আৰম্ভণিৰ পৰাই উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল। আজি ফাইনেলত কিৱি বাহিনীক পৰাস্ত কৰাৰ লগে লগে ভাৰতে তৃতীয়বাৰৰ চেম্পিয়নছ ট্ৰফী জয় কৰে আৰু এইদৰে প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল দল হিচাপে পৰিগণিত হয়।

আজি ফাইনেলত নিউজিলেণ্ডৰ অধিনায়ক মিচেল চেণ্টনাৰে টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। দলৰ দুয়োগৰাকী অপেনাৰ উইল ইয়ং আৰু ৰচিন ৰবীন্দ্ৰই সুন্দৰ আৰম্ভণি দি প্ৰথম উইকেটত ৫৭ ৰানৰ যুটি বান্ধে। ভাৰতীয় পেচাৰদ্বয় ক্ৰমে মহম্মদ ছামি আৰু হাৰ্দিক পাণ্ডিয়াক হেলাৰঙে খেলি দুয়ো কিৱি দলটোক শক্তিশালী আৰম্ভণি দিয়ে। কিন্তু স্পিনাৰৰ আগমনৰ লগে লগে সলনি হয় মেচৰ প্ৰকৃতি।

গ্ৰুপ মেচত নিজৰ ‘মিষ্ট্ৰী’ স্পিনেৰে নিউজিলেণ্ডক বিধ্বস্ত কৰা বৰুণ চক্ৰৱৰ্তীয়েই আজিও কিৱি ইনিংছত প্ৰথমটো আঘাত হানে। ইয়ঙক বিদায় দি বৰুণে ভাৰতক প্ৰথমটো সফলতা দিয়ে। ইয়াৰ পিছত কুলদীপ যাদৱে কম সময়ৰ ভিতৰতে ৰচিন ৰবীন্দ্ৰ (৩৭) আৰু উইলিয়ামচনৰ (১১) উইকেট দখল কৰি ভাৰতক মেচখনলৈ প্ৰত্যাৱৰ্তন ঘটায়। কিছু সময়ৰ পিছতে জাদেজাৰ চিকাৰ হয় লাথাম (১৪)।

অৱশ্যে পঞ্চম উইকেটৰ যুটিত ডেৰিল মিচেল আৰু গ্লেন ফিলিপছে ৫৭ ৰানৰ যুটি বান্ধি দলক এই বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে। ফিলিপছৰ বেটৰ পৰা আহে ৩৪ ৰান। মিচেলে দললৈ সৰ্বাধিক ৬৩ ৰানৰ অৱদান আগবঢ়ায়। শেষলৈ ব্ৰেচৱেলে খৰতকীয়াকৈ ৫৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। ভাৰতৰ হৈ কুলদীপ-বৰুণে ২টাকৈ আৰু জাদেজা-ছামিয়ে এটাকৈ উইকেট লাভ কৰে।

নিউজিলেণ্ডে ৭ উইকেটত ২৫১ ৰান সংগ্ৰহ কৰি ভাৰতৰ সমুখত ২৫২ ৰানৰ এক প্ৰত্যাহ্বানজনক লক্ষ্য বান্ধি দিয়ে। এই লক্ষ্য অনুসৰণ কৰি ভাৰতীয় অপেনাৰদ্বয় ক্ৰমে অধিনায়ক ৰোহিত আৰু সহ-অধিনায়ক গিলে শতকীয় যুটিৰে জয়ৰ ভেটি গঢ়ি তোলে। গিলে ধৈৰ্যশীল আৰম্ভণি ঘটালেও ৰোহিতে অব্যাহত ৰাখে স্বভাৱসিদ্ধ আক্ৰমণাত্মক শৈলী। দুয়ো প্ৰথম উইকেটত যোগ দিয়ে ১০৫ ৰান।

গ্লেন ফিলিপছৰ এক চমকপ্ৰদ কেচৰ ফলত ব্যক্তিগত ৩১ ৰানত পেভিলিয়নলৈ উভতিবলগা হয় গিল। ক্ৰীজত বেছি সময় নিটিকিল ভাৰতৰ বেটিং বিভাগৰ মূলস্তম্ভ স্বৰূপ কোহলীও (১)। মাত্ৰ চাৰিটা বলৰ ব্যৱধানত এই দুই উইকেট পতনৰ পিছত ৰোহিত আৰু আয়াৰে ধৈৰ্যশীল বেটিঙেৰে দলক আগুৱাই নিয়াৰ চেষ্টা চলায়। কিন্তু ১২২ ৰানৰ দলীয় স্ক’ৰত ৰোহিতেও পেভিলিয়নৰ পথ লয়।

অধিনায়কোচিত বেটিঙেৰে ৰোহিত্বে ৮৩টা বলত ৭টা চাৰি আৰু ৩টা ছয়েৰে ৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত আয়াৰ আৰু অক্ষৰ পেটেলে চতুৰ্থ উইকেটত ৬১ ৰানৰ গুৰুত্বপূৰ্ণ যুটি বান্ধে। আয়াৰে ৪৮ ৰানৰ মূল্যৱান বৰঙণি আগবঢ়োৱাৰ বিপৰীতে পেটেলৰ বেটৰ পৰা আহে গুৰুত্বপূৰ্ণ ২৯ ৰান। জয়ৰ পথ ক্ষীপ্ৰ কৰি তোলাৰ চেষ্টাত বিদায় লয় পাণ্ডিয়াই (১৮)।

অৱশ্যে ইয়াৰ পিছত জাদেজা আৰু ৰাহুলে দলক আৰু কোনো হানি ঘটিবলৈ নিদিলে। দায়িত্বশীল বেটিঙেৰে ৰাহুলে ৩৪ ৰান আৰু জাদেজাই ৯ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। মেচৰ ৪৯তম  অভাৰৰ অন্তিমটো বলত চাৰি কোবাই জাদেজাই ভাৰতীয় দল তথা অনুৰাগীক দিয়ে আকাংক্ষিত বিজয়। ৰোহিত শৰ্মা ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱাৰ বিপৰীতে নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।