চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতক সহায়! BCCI আৰু ICCৰ বিপক্ষে ফিক্সিঙৰ অভিযোগ পাকিস্তানীৰ
চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ বেটিঙৰ সময়ত দেখা গ’ল ভাৰতীয় স্পিনাৰৰ আধিপত্য। ভাৰতীয় স্পিনাৰসকলে দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি মুঠ ৩৮ অভাৰত মাত্ৰ ৩.৭৯ ইক’নমি ৰেটেৰে ১৪৪ ৰান দি ৫টা উইকেট দখল কৰে। স্পিনাৰৰ এনে প্ৰদৰ্শনৰ পিছতে উত্থাপন হৈছে ফিক্সিঙৰ গুৰুতৰ অভিযোগ।

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হৈছে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেল মেচ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এই মেচখনত কিৱি দলটোৱে প্ৰথমে বেটিং কৰি ২৫১ ৰান সংগ্ৰহ কৰে আৰু ভাৰতীয় দলৰ সমুখত ২৫২ ৰানৰ লক্ষ্য বান্ধি দিয়ে। নিউজিলেণ্ডৰ বেটিঙৰ সময়ত দেখা গ’ল ভাৰতীয় স্পিনাৰৰ আধিপত্য। ভাৰতীয় দলে পূৰ্বৰ দুখন মেচৰ দৰেই আজি ফাইনেলতো চাৰিগৰাকী স্পিনাৰসহ খেলপথাৰত নামিছে। এই ৰণকৌশল সঠিক প্ৰমাণিত কৰি উজলি উঠে প্ৰতিগৰাকী স্পিনাৰ।
দুই কিৱি অপেনাৰ উইল ইয়ং আৰু ৰচিন ৰবীন্দ্ৰই এক শক্তিশালী আৰম্ভণি দিয়াৰ পিছত বৰুণ চক্ৰৱৰ্তীয়ে ইয়ঙক বিদায় দি ভাৰতক প্ৰথমটো সফলতা দিয়ে। ইয়াৰ পিছতে ডুবাইৰ পিটছত দেখা যায় ভাৰতীয় স্পিনাৰৰ স্পীন ঘূৰ্ণী। বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজাৰ হাতলৈ যায় আন এটা উইকেট। আনহাতে উইকেট দখল নকৰিলেও মিতব্যয়ী বলিং কৰে আন এগৰাকী স্পিনাৰ অক্ষৰ পেটেলে।
ভাৰতীয় স্পিনাৰসকলে দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি মুঠ ৩৮ অভাৰত মাত্ৰ ৩.৭৯ ইক’নমি ৰেটেৰে ১৪৪ ৰান দি ৫টা উইকেট দখল কৰে। স্পিনাৰৰ এনে প্ৰদৰ্শনৰ সুবাদতে নিউজিলেণ্ডক ২৫১ ৰানৰ স্ক’ৰত বান্ধি ৰাখিবলৈ সক্ষম হয় ভাৰত। ইফালে ভাৰতীয় স্পিনাৰৰ এনে প্ৰভাৱশালী প্ৰদৰ্শনৰ পিছতে উত্থাপন হৈছে বহু প্ৰশ্নৰ। ইতিপূৰ্বেই ভাৰতে কেৱল ডুবাইতে সকলো মেচ খেলাক লৈ দেখা গৈছিল বহু আপত্তি।
এতিয়া এনে আপত্তি তথা অসন্তুষ্টিৰ উপৰিও উঠিছে ফিক্সিঙৰ গুৰুতৰ অভিযোগ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আইচিচিৰ বিৰুদ্ধে ফিক্সিঙৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিচিচিআই আৰু আইচিচিৰ বিৰুদ্ধে ফিক্সিঙৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী পাকিস্তানী সাংবাদিক।
অভিযোগকাৰী পাক সাংবাদিকজনৰ মতে, ভাৰতীয় দলৰ চেম্পই্যনছ ট্ৰফী জয়ত সহায়ক হোৱাকৈ আইচিচিয়ে ইচ্ছাকৃতভাৱে ফাইনেলৰ বাবে পিটচ প্ৰস্তুত কৰিছিল। তেওঁৰ মতে, বিচিচিআইয়ে এক নতুন কৌশল গ্রহণ কৰিছে৷ বিচিচিআইয়ে প্ৰথমে ফিক্সাৰ ঠিক কৰি পিছত নিজেই পিটচ ঠিক কৰা বুলি অভিযোগ কৰিছে সাংবাদিকজনে।
সামাজিক মাধ্যমত তেওঁ লিখিছে, “আইচিচিয়ে ফাইনেলৰ বাবে এনে এখন পিটছ প্ৰস্তুত কৰিছিল, যিখন পিটছে ভাৰতক চেম্পিয়নছ ট্ৰফী জয় কৰাত সহায় কৰিব। ফিক্সচাৰ-ফিক্সিং আৰু পিটচ-ফিক্সিং হৈছে বিচিচিআইয়ে গ্ৰহণ কৰা এক বৃ্হৎ কৌশল।” তেওঁৰ এই পোষ্টটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। পোষ্টটোক কেন্দ্ৰ কৰি দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া।
অৱশ্যে পাক সাংবাদিকজনৰ এনে অভিযোগৰ পৰিৱৰ্তে কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে এনে সম্ভাৱনা নাকচ কৰিছে। নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ চাইমন ডুলে খেলপথাৰত অত্যধিক টাৰ্ণ হোৱাৰ ধাৰণা অস্বীকাৰ কৰিছে। ভাৰতীয় বলাৰে সঠিকভাৱে বলিং কৰাৰ বাবে লাভৱান হোৱা বুলি তেওঁ মন্তব্য কৰে। ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ নাছিৰ হুছেইনেও অনুৰূপ মন্তব্যই কৰে।