
সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)
সৰ্বানন্দ সোণোৱাল এজন ৰাজনীতিবিদ বৰ্তমান তেওঁ এজন কেন্দ্ৰীয় মন্ত্ৰী। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰিও ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৬ চনত তেওঁ মাজুলী বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ চতুৰ্দশ মুখ্যমন্ত্ৰী ৰূপে ২০১৬ ৰ পৰা ২০২১ লৈ কাৰ্য্যনিৰ্বাহ কৰে। তেওঁক প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০২১ চনৰ ৭ জুলাইত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল। আৰু ১৯৯২চনৰ পৰা ১৯৯৯চনলৈ সন্থাটোৰ সভাপতিৰ দায়িত্ব বহন কৰে। লগতে ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত থাকে। লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিবাহ কৰে। ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। একে বছৰতে তেখেতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰীৰ দায়িত্ব কান্ধ পাতি লয়।
২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ দ্বাৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পদভাৰ গ্ৰহণ কৰে। ২০২১ চনত তেওঁ পুনৰ মাজুলীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। বৰ্তমান কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
Sarbananda Sonowal: জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। পৰিয়ালবৰ্গক দেখা কৰি দুখৰ সমভাগী হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, জুবিনৰ সাংস্কৃতিক জীৱন পৰিক্ৰমা অগণন জনতাৰ বাবে অনুপ্ৰেৰণা আৰু সাহসৰ উৎস হৈ ৰ’ব।
- Barasha Misra
- Updated on: Sep 29, 2025
- 22:41 pm
সৰ্বানন্দ সোণোৱালক আঁতৰাবলৈ ষড়যন্ত্ৰ ৰচিছিল হিমন্ত বিশ্ব শৰ্মাই! ন-কংগ্ৰেছী সত্যব্ৰত কলিতাৰ বিস্ফোৰণ
হিমন্ত বিশ্ব শৰ্মাক শৰ্মাক মুখ্যমন্ত্ৰীৰ বাব নিদিলে তেওঁ বিজেপিক চৰকাৰ গঠন কৰাত বাধা দিলেহেঁতেন। তাৰ পৰিৱৰ্তে অগপ, এআইইউডিএফ আদিৰ সৈতে মিত্ৰতা কৰি বিকল্প মিত্ৰজোঁট গঠন কৰিলেহেঁতেন। সত্যব্ৰত কলিতাৰ বিস্ফোৰণ।
- Raj Saikia
- Updated on: Sep 16, 2025
- 20:48 pm
শদিয়াৰ পৰা ধুবুৰীলৈ লুইতৰ বুকুৰে বিশেষ ফেৰী, গুঞ্জৰিত সুধাকণ্ঠৰ কালজয়ী গীত
ড০ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’ গীতেৰে অনুষ্ঠানৰ আৰম্ভ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ড০ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ, বোৱাৰী,আৰু নাতিনীও এই অনুষ্ঠানত উপস্থিত থাকে। ৰাজ্যৰ কেইবাগৰাকীও কলা-কুশলীয়ো উপস্থিত থাকে এই অনুষ্ঠানত।
- Monjit Dutta
- Updated on: Sep 16, 2025
- 09:54 am
ওপজা দিনত সুধাকণ্ঠক স্মৰণ গুণমুগ্ধৰঃ প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ সকলোৱে সুঁৱৰিলে গণশিল্পীক
নিজা এক্স হেণ্ডেল যোগে প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই এক বিস্তৃত লেখা শ্বেয়াৰ কৰিছে। এই লেখাটিত তেওঁ আজিৰ দিনটো ভাৰতীয় সংস্কৃতি আৰু সংগীত প্ৰিয়সকলৰ বাবে আজি ৮ ছেপ্টেম্বৰ দিনটো অত্যন্ত বিশেষ দিন বুলি উল্লেখ কৰিছে।
- Monjit Dutta
- Updated on: Sep 8, 2025
- 12:05 pm
গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহঃ বিমানবন্দৰত আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিমান বন্দৰত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায়। এই দুদিনীয়া ভ্ৰমণত অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীত অংশ ল’ব।
- Monjit Dutta
- Updated on: Aug 28, 2025
- 20:33 pm
সাহিত্যিক ড° নগেন শইকীয়াৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বুজ ল’লে স্বাস্থ্যৰ
আজি প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক, চিন্তাবিদ ড° নগেন শইকীয়াক ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশিষ্ট সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। লগতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰি পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰে।
- Trishna Kalita
- Updated on: Aug 2, 2025
- 23:11 pm
কংগ্ৰেছৰ শাসনত পিছ পৰি থকা উত্তৰ-পূবক আগুৱাই নিছে বিজেপিয়েঃ মন্তব্য সৰ্বানন্দ সোণোৱালৰ
সংবাদ মেলত সৰ্বানন্দ সোণোৱালে বিজেপি চৰকাৰৰ এই ১১ বছৰৰ কাৰ্যকালত উত্তৰ-পূব ভাৰতত হোৱা উন্নয়নৰ প্ৰসঙ্গও উল্লেখ কৰে। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত উত্তৰ-পূৰ্বাঞ্চল যথেষ্ট পিছ পৰি আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এতিয়া অঞ্চলটো সকলো ক্ষেত্ৰতে প্ৰাণ পাই উঠিছে বুলি মন্তব্য কৰে সোণোৱালে।
- Monjit Dutta
- Updated on: Jul 7, 2025
- 16:32 pm
বিশিষ্ট নৃত্যশিল্পী সোনাল মানছিঙক ২০২৩ৰ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান
আজি ধ্ৰুপদী নৃত্যশিল্পী সোনাল মানছিঙক ২০২৩ৰ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান। এই বঁটা প্ৰদান কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- Barasha Misra
- Updated on: Jun 12, 2025
- 19:51 pm
অসমৰ জলপথ উন্নয়নৰ বাবে ৪৮০০ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই…ডাঙৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ
অসমৰ জলপথ আৰু আনুষংগিক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৪৮০০ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই। বুধবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
- Manas Borah
- Updated on: Feb 26, 2025
- 15:44 pm
বৃদ্ধি পাব ত্ৰিপাক্ষিক বাণিজ্য ! আজি মুকলি কৰা হ’ল যোগীঘোপাৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেল…
ভূটান-বাংলাদেশৰ সৈতে বাণিজ্য বৃদ্ধিৰ আশাৰে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল যোগীঘোপাৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেল (আই ডব্লিউ টি) । মঙলবাৰে অসমৰ যোগীঘোপাৰ এই আভ্যন্তৰীণ জলপথ টাৰ্মিনেল (আই ডব্লিউ টি)মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
- Manas Borah
- Updated on: Feb 18, 2025
- 21:37 pm
Budget 2025: বাজেটত অসমৰ বাবে ভাল খবৰ, নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব ইউৰিয়া প্ৰকল্প
নামৰূপ সাৰ কাৰখানাৰ বাবে কেন্দ্ৰীয় বাজেটত বৃহৎ ঘোষণা। কাৰখানাটোক লৈ লোৱা সিদ্ধান্তৰ পিছতে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সামাজিক মাধ্যমৰ জৰিয়তে ধন্যবাদ জনাইছে মুখ্য়মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
- Barasha Misra
- Updated on: Feb 1, 2025
- 18:37 pm
বিশ্ব ঐতিহ্য সপ্তাহ: চৰাইদেউ মৈদামত উপস্থিত হৈ স্বৰ্গদেউসকলক শ্ৰদ্ধা জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
চৰাইদেউ মৈদাম ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ পাছত প্ৰথমবাৰ মৈদাম পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।
- Trishna Kalita
- Updated on: Nov 21, 2024
- 17:13 pm
Sarbananda Sonowal : কংগ্ৰেছ মানেই ‘সাম্প্ৰদায়িকতা, দুৰ্নীতি আৰু সংঘাত’ : সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিহালীৰ নিৰ্বাচনী প্ৰচাৰ সভাত দাবী কৰে যে, বছৰ বছৰ ধৰি কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে জনসাধাৰণে বহুত কষ্ট সহ্য কৰিবলগীয়া হৈছিল। কংগ্ৰেছৰ শাসন ব্যৱস্থা আৰু ৰাজনীতি বিভাজনকামী কৌশলত শিপাই আছে।
- Manas Borah
- Updated on: Nov 11, 2024
- 08:12 am
Classical language status: অসমীয়া, মাৰাঠীকে ধৰি ৫টা ভাষাই পালে ধ্ৰুপদী ভাষাৰ মৰ্যাদা, প্ৰধানমন্ত্ৰীয়ে কৰিলে মন্তব্য
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত পাঁচটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। অসমীয়া,মাৰাঠী, বাংলা, পালি আৰু প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষা দিয়া হয়।
- Barasha Misra
- Updated on: Oct 4, 2024
- 11:17 am
‘যুৱ শক্তি, নাৰী শক্তি, দেশ ভক্তি’ৰ সমিলমিলেৰে নতুন ভাৰতঃ সৰ্বানন্দ সোণোৱাল
আজি অসম বিশ্ববিদ্যালয়ৰ বাৰ্ষিক মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি ছাত্ৰ সমাজক দীৰ্ঘস্থায়িত্ব আৰু মানৱতাৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি এখন ভৱিষ্যৎ সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়।
- Monjit Dutta
- Updated on: Sep 27, 2024
- 19:30 pm