শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কংগ্ৰেছৰ শাসনত পিছ পৰি থকা উত্তৰ-পূবক আগুৱাই নিছে বিজেপিয়েঃ মন্তব্য সৰ্বানন্দ সোণোৱালৰ

সংবাদ মেলত সৰ্বানন্দ সোণোৱালে বিজেপি চৰকাৰৰ এই ১১ বছৰৰ কাৰ্যকালত উত্তৰ-পূব ভাৰতত হোৱা উন্নয়নৰ প্ৰসঙ্গও উল্লেখ কৰে। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত উত্তৰ-পূৰ্বাঞ্চল যথেষ্ট পিছ পৰি আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এতিয়া অঞ্চলটো সকলো ক্ষেত্ৰতে প্ৰাণ পাই উঠিছে বুলি মন্তব্য কৰে সোণোৱালে।

কংগ্ৰেছৰ শাসনত পিছ পৰি থকা উত্তৰ-পূবক আগুৱাই নিছে বিজেপিয়েঃ মন্তব্য সৰ্বানন্দ সোণোৱালৰ
সৰ্বানন্দ সোণোৱালImage Credit source: Facebook/Sarbananda Sonowal
Monjit Dutta
Monjit Dutta | Published: 07 Jul 2025 16:32 PM

আজি গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ১১ বছৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে। এই সংবাদ মেলত সৰ্বানন্দ সোণোৱালে বিজেপি চৰকাৰৰ এই ১১ বছৰৰ কাৰ্যকালত উত্তৰ–পূব ভাৰতত হোৱা উন্নয়নৰ প্ৰসঙ্গও উল্লেখ কৰে। সাংবাদিকক সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত ভাৰতবৰ্ষ এতিয়া বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰে।

এই অগ্ৰগতিৰ লগে লগে দেশৰ প্ৰতিখন ৰাজ্য উপকৃত হোৱা বুলিও তেওঁ মন্তব্য কৰে। এতিয়া আগন্তুক ২০২৯ চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ নিমিত্তে প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্ব চৰকাৰৰ প্ৰতিটো মন্ত্ৰালয় দোপতদোপে আগবাঢ়িছে বুলি সৰ্বানন্দ সোণোৱালে লগতে কয়। ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত গ্ৰহণ কৰা ‘সবকা সাথ, সবকা বিকাশ’ নীতিয়ে এতিয়া সামগ্ৰিকভাৱে সফল ৰূপ ধাৰণ কৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ–পূৰ্বাঞ্চলেও কিদৰে অগ্ৰগতি লাভ কৰিছে, সেয়া এতিয়া সকলোৱে প্ৰত্যক্ষ কৰিছে বুলিও সৰ্বানন্দ সোণোৱালে কয়। তেওঁ লগতে কয় যে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত উত্তৰ–পূৰ্বাঞ্চল যথেষ্ট পিছ পৰি আছিল। সেই সময়ত কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলক অৱহেলা কৰাৰ বাবে অত্যন্ত সম্পদশালী হোৱাৰ পিছতো দেশৰ আন ৰাজ্যৰ তুলনাত বহু পিছ পৰি আছিল।

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আন অঞ্চলৰ লগতে উত্তৰ–পূবৰ বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰি, এই অঞ্চলক অষ্ট লক্ষ্মী আখ্যা দি দেশৰ “গ্ৰ’থ ইঞ্জিন” হিচাপে গঢ়ি তোলাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ ফলশ্ৰুতিত এতিয়া অঞ্চলটো সকলো ক্ষেত্ৰতে প্ৰাণ পাই উঠিছে বুলি মন্তব্য কৰে সোণোৱালে।

উত্তৰ–পূবৰ প্ৰতিখন ৰাজ্যই এতিয়া দেশপক ‘আত্মনিৰ্ভৰ ভাৰত’ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে বুলিও তেওঁ কয়। যোৱা ১১ বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ–পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়াই ৬ লাখ কোটি টকাতকৈ অধিক ধন আগবঢ়াইছে বুলিও তেওঁ দোহাৰে।