শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহঃ বিমানবন্দৰত আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিমান বন্দৰত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায়। এই দুদিনীয়া ভ্ৰমণত অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীত অংশ ল’ব।

গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহঃ বিমানবন্দৰত আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে
অমিত শ্বাহক আদৰণি মুখ্যমন্ত্ৰীৰ
monjit-dutta
Monjit Dutta | Updated On: 28 Aug 2025 20:33 PM

পূৰ্ব নিৰ্ধাৰিত সূচী অনুসাৰেই আজি গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কিছুসময় পূৰ্বে বিশেষ বিমান যোগে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। দুদিনীয়া সূচীৰে অসম ভ্ৰমণলৈ আহিছে অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিমান বন্দৰত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায়।

নিজা ফেচবুক একাউণ্ট যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ দৃশ্য শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁ লিখিছে, “গুৱাহাটী বিমানবন্দৰত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাবলৈ পাই আহ্লাদিত হৈছোঁ। মাননীয় শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই শীঘ্ৰেই অসম প্ৰদেশ বিজেপিৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত অধ্যক্ষতা কৰিব আৰু কাইলৈ বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।”

‘আমি তেখেতৰ নেতৃত্ব আৰু পৰামৰ্শেৰে উজ্জীৱিত সময়খিনিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছো’ বুলিও পোষ্টটোত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজা ফেচবুক মাধ্যম যোগে আদৰণি জনায়।

পোষ্টটোত সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াক পুণ্যভূমি অসমলৈ উষ্ম আদৰণি জনাইছো। একাধিক অনুষ্ঠানত তেখেতৰ বহুমূলীয়া উপস্থিতিয়ে জনগণক ন উদ্দীপনাৰে উজ্জীৱিত কৰিব। সমগ্ৰ ৰাজ্যবাসী আৰু দলৰ সকলো কাৰ্যকৰ্তাই মাননীয় শ্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰজ্ঞা আৰু অভিজ্ঞতাৰে উদ্দীপ্ত সম্বোধনলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে।”

এই ভ্ৰমণত অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীত অংশ ল’ব। কিছু সময় পিছতে তেওঁ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ কৰ্ণধাৰ বৈঠকত অংশ ল’ব। এই বৈঠকত অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ লগতে আগন্তুক বিটিআৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু দলৰ আন নেতাসকল এই বৈঠকত উপস্থিত থাকিব। এই বৈঠকৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কইনাধৰাত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে। কইনাধৰাৰ অতিথিশালাতে অমিত শ্বাহে আজি নিশাটো কটাব বুলি প্ৰকাশ পাইছে।

ইফালে কাইলৈ পুৱা তেওঁ নৱ নিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। আজি বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত ৰাজভৱন পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। নৱ নিৰ্মিত ৰাজভৱন উদ্বোধন কৰাৰ পিছতে কাইলৈ গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাত অনুষ্ঠিত হ’বলগা পঞ্চায়ত প্ৰতিনিধিৰ সভাত অংশগ্ৰহণ কৰিব।

ইয়াৰ পিছতে অমিত শ্বাহে প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী শুভাৰম্ভণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। এই বিস্তৃত কাৰ্যসূচীত অংশ লোৱাৰ পিছত কাইলৈ সন্ধিয়া পুনৰ দিল্লীলৈ ৰাওনা হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ