AI-ৰ কৃপাত ২০ বছৰৰ পাছত হাঁহি বিৰিঙিল নিঃসন্তান দম্পতীৰ মুখত…
২০ বছৰ ধৰি নিঃসন্তান আছিল এহাল দম্পতী। বিভিন্ন চিকিৎসকৰ পৰামৰ্শইও কামত দিয়া নাছিল। কিন্তু শেষত AI য়ে তেওঁলোকক দিলে ভাল খবৰ। অৱশেষত গৰ্ভৱতী হ'ল মহিলা।

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবেই গৰ্ভৱতী হ’ল এগৰাকী মহিলা! এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াক লৈ এতিয়া চৰ্চা হৈছে। জানিব পৰা মতে, প্ৰায় ২০ টা বছৰ ধৰি দম্পতীহাল নিসন্তান আছিল। সকলো ধৰণৰ চেষ্টা চলোৱাৰ পাছতো ২০ বছৰ ধৰি সন্তানৰ মুখ দেখাৰ সৌভাগ্য হোৱা নাছিল দম্পতীহালৰ। আনকি আইভিএফ (IVF)ৰ জৰিয়তে সন্তান জন্ম দিয়াৰ চেষ্টা কৰিছিল দম্পতীহালে। তেওঁলোকৰ বিফল হৈছিল প্ৰায় ১৫ বাৰৰ IVF চেষ্টা। আনকি বিভিন্ন চিকিৎসকৰ পৰামৰ্শইও কামত দিয়া নাছিল। কিন্তু শেষত AI য়ে তেওঁলোকক দিলে ভাল খবৰ।
কিন্তু এয়া কেনেকৈ সম্ভৱ? জানিব পৰা মতে, ২০ বছৰৰ চেষ্টাৰ অন্তত মানসিক আৰু শাৰীৰিকভাৱে বিধ্বস্ত হৈ পৰিছিল দম্পতীহাল। অৱশেষত কলম্বিয়া বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ প্ৰজনন সঁজুলিৰ জৰিয়তে তেওঁলোকে ভাল খবৰ লাভ কৰে। এই প্ৰজনন সঁজুলিটোৰ নাম হৈছে STAR (Smart Track and Recovery)। এই সঁজুলিয়ে বন্ধ্যাত্ব দূৰ কৰাত মুখ্য ভূমিকা ল’ব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত বহু দম্পতীয়ে এতিয়া আশাৰ কিৰণ দেখিছে।
STAR কি? এআই সঁজুলিটোৱে কেনেকৈ কাম কৰে?
STAR হৈছে বীৰ্য্যত জীৱন্ত শুক্ৰাণু বিচাৰি পোৱা এটা যন্ত্ৰ।
১) এই মাইক্ৰ’ফ্লুইডিক চিপে বীৰ্যৰ সকলো উপাদান পৃথক কৰে।
২) তীব্ৰবেগী ইমাজিন চিষ্টেমে অণুবীক্ষণিক ফ্ৰেমৰ জৰিয়তে লাখ লাখ ছবি লয়।
৩) মেচিন লাৰ্নিং এলগৰিদমে সকলো ছবি পৰীক্ষা কৰি লুকাই থকা জীৱন্ত শুক্ৰাণু দ্ৰুতভাৱে চিনাক্ত কৰে।
STAR নামৰ এই সঁজুলিটোৱে এই প্ৰক্ৰিয়াটো অতি দ্ৰুতভাৱে সম্পূৰ্ণ কৰে। জীৱিত শুক্ৰাণুৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতিও গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে, যদি কোনো লেবত থকা কাৰিকৰী বিশেষজ্ঞসকলে দুদিন ধৰি বীৰ্যৰ নমুনাত কোনো জীৱিত শুক্ৰাণু বিচাৰি নাপায় তেনে অৱস্থাত STAR সঁজুলিয়ে এঘণ্টাত কমেও ৪৪টা শুক্ৰাণু চিনাক্ত কৰিব পাৰে।
এই দম্পতীহালৰ মাজতো একে সমস্যাই দেখা দিছিল। স্বামীৰ বীৰ্যত সন্তান গৰ্ভধাৰণ কৰিব পৰা কোনো শুক্ৰানু বিচাৰি পোৱা নাছিল। তাৰ পাছতে STAR সঁজুলিটোৱে মহিলাগৰাকীক গৰ্ভৱতী হোৱাৰ সহায় কৰে।
অন্য খবৰ পঢ়কঃ মাত্ৰ ৫০,০০০ টকা! পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা নৌ সেনাৰ কৰ্মচাৰী গ্ৰেপ্তাৰ…