WhatsApp Voice Note Transcripts: এতিয়া আহিব আৰু মজা, আহি গ’ল Voice মেছেজক Text লৈ পৰিৱৰ্ত কৰিব পৰা বৈশিষ্ট্য
হোৱাটছএপ ব্যৱহাৰকাৰীসকলে দীৰ্ঘদিন ধৰি WhatsApp Voice note Transcripts ফিচাৰৰ বাবে অপেক্ষা কৰি আছিল যদিও এতিয়া অপেক্ষাৰ অন্ত পৰিল। কাৰণ কোম্পানীয়ে এই ফিচাৰ ৰোলিং আউট কৰিবলৈ আৰম্ভ কৰিছে। এই WhatsApp বৈশিষ্ট্যই আপোনাক কেনেদৰে সহায় কৰিব আৰু এই বৈশিষ্ট্য কেনেকৈ ব্যৱহাৰ কৰিব পাৰে জানক

দীৰ্ঘদিন ধৰি ব্যৱহাৰকাৰীসকলে WhatsApp Voice Note Transcripts বৈশিষ্ট্যৰ বাবে অপেক্ষা কৰি আছিল আৰু এতিয়া অৱশেষত এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এই বৈশিষ্ট্য মুকলি কৰা হৈছে। হোৱাটছএপ কেৱল এনেয়ে জনপ্ৰিয় নহয়, কোম্পানীয়ে ব্যৱহাৰকাৰীৰ সুবিধাৰ সম্পূৰ্ণ যত্ন লয়। সময়ে সময়ে ৰাইজৰ বাবে নতুন নতুন বৈশিষ্ট্য আনি থাকে। এতিয়া ব্যৱহাৰকাৰীৰ বাবে এপটোত এই নতুন বৈশিষ্ট্য সংযোজন কৰা হৈছে।
হোৱাটছএপত ভইচ মেছেজ পঠোৱাৰ বৈশিষ্ট্যটো সেইসকল লোকে বহুত ভাল পায় যিসকলে বেছি টাইপ কৰি ভাল নাপায়। যদি আপুনিও হোৱাটছএপত অহা সকলো ভইচ মেছেজ শুনিব নোৱাৰে, তেন্তে ইচ্ছা কৰিলে এতিয়া এই ভইচ মেছেজবোৰ টেক্সটলৈ ৰূপান্তৰিত কৰি পঢ়িব পাৰিব। এইটো WhatsApp ৰ নতুন বৈশিষ্ট্য, যিয়ে আপোনাৰ বাবে এই কাম অতি সহজে কৰিব।
WhatsApp Voice Note Transcribe: এই বৈশিষ্ট্যটো এনেদৰে ব্যৱহাৰ কৰক
আপুনি হোৱাটছএপ মেছেজত এই বৈশিষ্ট্য পাব আৰু হোৱাটছএপ চেটিংছৰ পৰা এই বৈশিষ্ট্য সক্ৰিয় কৰিব পাৰিব। এই বৈশিষ্ট্য অন কৰাৰ পিছত আপুনি ভইচ মেছেজৰ তলত এই বৈশিষ্ট্য দেখিবলৈ আৰম্ভ কৰিব।
এই ফিচাৰটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সুবিধাৰ বাবে হোৱাটছএপে টেক্সট ফাইলটো ডাউনলোড কৰিব। ফাইলৰ আকাৰ প্ৰায় ৯০MB হ’ব পাৰে, আপুনি ফাইলটোৰ তলত লিখা দেখা আৰম্ভ কৰিব। গোপনীয়তাক মনত ৰাখি আন এটা ব্যৱস্থা কৰা হৈছে আৰু সেয়া হ’ল এই টেক্সট ফাইলটো কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰিব।
জানি থওক
WhatsApp Transcribe Feature বৰ্তমান ফোনত কাম কৰে, অৰ্থাৎ এই মুহূৰ্তত ৱেব সংস্কৰণত এই বৈশিষ্ট্যৰ সুবিধা ল’ব নোৱাৰিব। ইয়াৰ উপৰিও এই বৈশিষ্ট্য প্ৰথম অৱস্থাত ইংৰাজী, স্পেনিছ, পৰ্তুগীজ, হিন্দী আৰু ৰাছিয়ান আদি পাঁচটা ভিন্ন ভাষাত উপলব্ধ। হোৱাটছএপত আপোনাৰ সকলো ব্যক্তিগত ভয়েচ মেছেজ এণ্ড টু এণ্ড এনক্ৰিপ্ট কৰা হয়। প্ৰেৰক আৰু গ্ৰহণকাৰীৰ বাহিৰেও কোনেও মেছেজ শুনিব নোৱাৰে, আনকি হোৱাটছএপও শুনিব নোৱাৰে।