WhatsApp Privacy: ফোন নম্বৰ ব্যৱহাৰ নকৰাকৈ হোৱাটছএপ চলাব পাৰিব ! আহি আছে নতুন ফিচাৰ…
শেহতীয়াকৈ মেটাৰ মালিকানাধীন ছ’চিয়েল মিডিয়া প্লেটফৰ্মে এটা বিশেষ ফিচাৰ প্ৰৱৰ্তনৰ বাবে সাজু হৈছে। কোম্পানীটোৱে ফোন নম্বৰৰ সলনি ইউজাৰনেমৰ জৰিয়তে হোৱাটছএপ ব্যৱহাৰ কৰিব পৰা এটা ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে পৰিকল্পনা কৰিছে । অৰ্থাৎ যি গৰাকী ব্যক্তিৰ সৈতে হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰিব, তেতিয়া আপুনি তেওঁ ফোন নম্বৰ দেখা নাপাব। আপুনি চাব পাৰিব তেওঁৰ ইউজাৰনেম ।
এতিয়াৰ পৰা হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন নহয় মোবাইল নম্বৰ । হোৱাটছএপে অতি সোনকালে এটা নতুন ফিচাৰ প্ৰৱৰ্তন কৰিবলৈ গৈ আছে যিটোৰ ফিচাৰৰ জৰিয়তে আপুনি মোবাইল নম্বৰ নোহোৱাকৈ হোৱাটছএপ চলাব বা ব্যৱহাৰ কৰিব পাৰিব । এই ফিচাৰটো অহাৰ লগে লগে আপুনি মোবাইল নম্বৰ ভাইৰেল হোৱাৰ পৰা সকাহ পাব ।
শেহতীয়াকৈ মেটাৰ মালিকানাধীন ছ’চিয়েল মিডিয়া প্লেটফৰ্মে এটা বিশেষ ফিচাৰ প্ৰৱৰ্তনৰ বাবে সাজু হৈছে। কোম্পানীটোৱে ফোন নম্বৰৰ সলনি ইউজাৰনেমৰ জৰিয়তে হোৱাটছএপ ব্যৱহাৰ কৰিব পৰা এটা ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে পৰিকল্পনা কৰিছে । অৰ্থাৎ যি গৰাকী ব্যক্তিৰ সৈতে হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰিব, তেতিয়া আপুনি তেওঁ ফোন নম্বৰ দেখা নাপাব। আপুনি চাব পাৰিব তেওঁৰ ইউজাৰনেম ।
হোৱাটছএপ ফিচাৰ ট্ৰেকিং প্লেটফৰ্ম WABetaInfoৰ মতে, ইনষ্টেণ্ট মেছেজিং এপটোৱে ইউজাৰনেম ফিচাৰৰ ওপৰত কাম কৰি আছে । যাৰ ফলত আপোনাৰ হোৱাটছএপ একাউণ্টৰ অতিৰিক্ত সুৰক্ষাৰ বাবে একক ইউজাৰনেম বাছি ল’ব পাৰিব। প্ৰতিবেদনত কোৱা হৈছে যে, এই ফিচাৰ পিন চাপৰ্টৰ সৈতে মুকলি কৰিব পাৰে।
📝 WhatsApp beta for Android 2.24.18.2: what’s new?
WhatsApp is working on an advanced username feature with PIN support, and it will be available in a future update!https://t.co/6P4feyVm6Y pic.twitter.com/a4tIr7Rwa3
— WABetaInfo (@WABetaInfo) August 19, 2024
হোৱাটছএপৰ নতুন ফিচাৰে আপোনাৰ গোপনীয়তা ৰক্ষা কৰিব বুলি ধাৰণা কৰৈ হৈছে । হোৱাটছএপত ফোন নম্বৰৰ সলনি ইউজাৰনেম বাছি ল’লে আপোনাৰ গোপনীয়তা বজাই ৰখাত সহায়ক হ’ব। WhatsApp এ ইউজাৰনেমৰ বাবে অপচনেল পিন ক’ড ফিচাৰ প্ৰৱৰ্তন কৰিব পাৰে । হোৱাটছএপত প্ৰথমবাৰৰ বাবে আপোনাৰ ইউজাৰনেম ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ পিন এণ্টাৰ কৰিব লাগিব। এবাৰ ছেট আপ কৰাৰ পিছত ব্যৱহাৰকাৰীয়ে যিসকল লোকৰ সৈতে কথা পাতিব বিচাৰে তেওঁলোকৰ লগত পিন শ্বেয়াৰ কৰিব লাগিব ।
মনকৰিলগীয়া যে, যিসকল লোকৰ লগত ইতিমধ্যে হোৱাটছএপত কথা পাতিছে, তেওঁলোকৰ লগত পিন কৰ্ড শ্বেয়াৰ কৰাৰ প্ৰয়োজন নাই । এই ফিচাৰ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই হোৱাটছএপে। উল্লেখ্য যে, ফিচাৰটো অহাৰ পাছত হে এই বিষয়ত সবিশেষ জানিব পৰা যাব ।