অহা সপ্তাহত মুকলি হ’ব এই তিনিটা নতুন স্মাৰ্টফোনঃ বজাৰত তুলিব পাৰে খলকনি!
দেশৰ বজাৰত অহা সপ্তাহত মুকলি হ’ব তিনিটা নতুন স্মাৰ্টফোন। দুই জনপ্ৰিয় প্ৰতিষ্ঠান Realme আৰু Vivo –এ এই স্মাৰ্টফোন তিনিটা বজাৰত মুকলি কৰিবলৈ আগবাঢ়িছে। বজাৰলৈ আহিবলগীয়া এই মোবাইল তিনিটা হৈছে Realmeৰ 13 5G Seriesৰ দুটা মোবাইল আৰু Vivo T3 Pro 5G স্মাৰ্টফোন। লক্ষণীয়ভাৱে বজাৰত প্ৰৱেশ কৰাৰ পূৰ্বেই এই স্মাৰ্টফোনসমূহত উপলব্ধ কিছুমান বিশেষ সুবিধাৰ বিষয়ে প্ৰকাশ পাইছে। এই সুবিধাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই স্মাৰ্টফোন কেইটাই গ্ৰাহকক আকৰ্ষণ কৰিব বুলি অনুমান কৰা হৈছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5