পেট্ৰ’ল-ডিজেল নালাগে, এতিয়া নিমখৰ দ্বাৰাই চলাব পাৰিব স্কুটাৰ!
ছ'ডিয়ামৰ দ্বাৰা তৈয়াৰ কৰা বেটাৰীৰ আটাতকৈ উল্লেখযোগ্য দিশটো হ'ল, ০ ৰ পৰা ৮০ শতাংশ চাৰ্জ দিবলৈ সময় লাগে মাত্ৰ ১৫ মিনিট । ২০২৫ চনৰ জানুৱাৰীত চীনে এনেধৰণৰ একাধিক ছ'ডিয়াম চালিত বৈদ্যুতিক স্কুটাৰ মুকলি কৰে ।

বিজ্ঞান-প্ৰযুক্তিৰ যিমানেই উত্তৰণ ঘটিছে সিমানেই আগবাঢ়িছে বিভিন্ন গৱেষণা । এই গৱেষণাৰ ফলতেই টেষ্ট টিউবত সন্তান জন্ম দিয়াৰ দৰে সফলতাও অৰ্জন কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীসকল । কাৰিকৰী প্ৰযুক্তিৰ ক্ষেত্ৰতো দেখা গৈছে বিভিন্ন চমকপ্ৰদ সফলতা । পূৰ্বে গেছ বা পেট্ৰ’লজাত ইন্ধনৰ দ্বাৰা বাহন চলিছিল আৰু এতিয়া সেই ঠাই দখল কৰিছে লিথিয়ামৰ বেটেৰীয়ে । কিন্তু বেটাৰী চালিত বাহনত খৰচ বহু বেছি । বহুক্ষেত্ৰত পৰিৱেশৰো ক্ষতি হৈছে । সেয়ে এইবাৰ নিমখৰ দ্বাৰা বৈদ্যুতিক বাহন চলোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
এই পৰীক্ষা আৰম্ভ কৰিছে প্ৰযুক্তিৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে পৰিচিত চীনে । একাংশ বৈদ্যুতিক স্কুটাৰত এই পৰীক্ষা কৰা হৈছে । সেইসমূহ স্কুটাৰৰ বেটেৰী লিথিয়ামৰ দ্বাৰা তৈয়াৰী । কিন্তু এই পৰীক্ষাত ব্যৱহাৰ কৰা বেটাৰীবোৰ চালিত হৈছে ছ’ডিয়ামৰ দ্বাৰা । সাগৰৰ পানীৰ পৰা যি নিমখ সংগ্ৰহ কৰা হয়, তাৰ দ্বাৰা সহজেই তৈয়াৰ কৰা হৈছে এই বেটাৰী । এইবোৰৰ দাম প্ৰায় ৩০ ৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত । সাধাৰণ স্কুটাৰ বা বৈদ্যুতিক বাহনৰ বেটাৰীতকৈ অনেক কম ।
ছ’ডিয়ামৰ দ্বাৰা তৈয়াৰ কৰা বেটাৰীৰ আটাতকৈ উল্লেখযোগ্য দিশটো হ’ল, ০ ৰ পৰা ৮০ শতাংশ চাৰ্জ দিবলৈ সময় লাগে মাত্ৰ ১৫ মিনিট । ২০২৫ চনৰ জানুৱাৰীত চীনে এনেধৰণৰ একাধিক ছ’ডিয়াম চালিত বৈদ্যুতিক স্কুটাৰ মুকলি কৰে । সাধাৰণ মানুহে সেই বাহন চলাই পৰীক্ষাও কৰে ।
চীনৰ ছ’ডিয়াম বেটাৰী প্ৰযুক্তিয়ে বৈদ্যুতিক বাহন উদ্যোগত কাৰ্যতঃ এক বিপ্লৱৰ সূচনা কৰিব পাৰে । বৰ্তমান ভাৰতত এইধৰণৰ পৰীক্ষা আৰম্ভ হোৱা নাই । কিন্তু অনাগত সময়ত এই বেটাৰীৰ ওপৰত গৱেষণা আৰম্ভ হ’ব পাৰে । আশা কৰা হৈছে, যদি দেশত এই ধৰণৰ প্ৰযুক্তি তৈয়াৰ কৰা হয়, তেন্তে সস্তাতে বেটাৰী তৈয়াৰ কৰা সম্ভৱ হ’ব । ফলত বৈদ্যুতিক বাহনৰ মূল্য হ্ৰাস পাব বুলি অনুমান কৰা হৈছে ।