শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এফালে ফোন চাইলেণ্ট কৰি ৰখাৰ মন, জৰুৰী কল মিছ কৰাৰো ভয়! চিন্তা নকৰিব, হাতত আছে এনে উপায়

ফোন চাইলেণ্ট কৰি ৰাখিলে বহু সময়ত প্ৰয়োজনীয় ফোন কল মিছ কৰাৰো মনত এক আশংকা থাকে। তেনে অৱস্থাত ব্যক্তিজন দোধোৰ মোধোৰত পৰিব লগা হয়। চিন্তা নকৰিব, আপুনিও যদি এই কথাত কেতিয়াবা চিন্তিত হৈছে, এক সাধাৰণ ট্ৰিকৰ সহায়তে আপুনি চিন্তা দূৰ কৰিব পাৰিব।

এফালে ফোন চাইলেণ্ট কৰি ৰখাৰ মন, জৰুৰী কল মিছ কৰাৰো ভয়! চিন্তা নকৰিব, হাতত আছে এনে উপায়
প্ৰতিনিধিত্বমুলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 09 Jun 2025 18:44 PM

সাধাৰণতে নিশা টোপনিত যাতে ব্যাঘাত নজন্মে বা পুৱা কিছুসময়লৈ শোৱাৰ মানসেৰে বহু লোকে নিজৰ ফোন চাইলেণ্ট কৰি ৰাখে। একেদৰে দূপৰীয়া জিৰণিৰ সময়ত অথবা কোনো স্থানলৈ যোৱাৰ সময়তো এইদৰে ফোন চাইলেণ্ট কৰি ৰাখিব বিচাৰে। পিছে ফোন চাইলেণ্ট কৰি ৰাখিলে বহু সময়ত প্ৰয়োজনীয় ফোন কল মিছ কৰাৰো মনত এক আশংকা থাকে। তেনে অৱস্থাত ব্যক্তিজন দোধোৰ মোধোৰত পৰিব লগা হয়। চিন্তা নকৰিব, আপুনিও যদি এই কথাত কেতিয়াবা চিন্তিত হৈছে, এক সাধাৰণ ট্ৰিকৰ সহায়তে আপুনি চিন্তা দূৰ কৰিব পাৰিব।

সাধাৰণতে আপোনাৰ ফোনলৈ পৰিচিত লোকসকলৰ পৰাই প্ৰয়োজনীয় ফোনকল অহাৰ অধিক সম্ভাৱনা থাকে। এনে নম্বৰসমূহ সাধাৰণতে মোবাইলত চেভ কৰা থাকে। প্ৰয়োজনীয় ফোনকল অহাৰ সম্ভাৱনা থকা নম্বৰসমূহ আপুনি ইমাৰ্জেন্সী বাইবাছ সুবিধাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ দ্বাৰা এই নম্বৰসমূহৰ পৰা ফোন আহিলে আপোনাৰ মোবাই চাইলেণ্ট হৈ থাকিলে বা ভাইব্ৰেচন হৈ থাকিলেও ৰিং কৰিব আৰু আপুনি কল গ্ৰহণ কৰিব পাৰিব।

এপল আইফোনত এই ইমাৰ্জেন্সী বাইপাছ অপচন উপলব্ধ যদিও এণ্ড্ৰইড মোবাইলত এতিয়ালৈকে এই সুবিধা উপলব্ধ হোৱা নাই। গতিকে এণ্ড্ৰইড মোবাইল ব্যৱহাৰকাৰীসকলে এইক্ষেত্ৰত থাৰ্ড পাৰ্টি এপৰ সহায় ল’ব লাগিব। জৰুৰীকালীন বাইপাছ ছেটিঙৰ বাবে, আপোনাৰ ফোনৰ চেভ্ড কন্টেক্ট- লৈ যাওক। এতিয়া আপুনি যিটো নম্বৰত ইমাৰ্জেন্সী বাইপাছ প্ৰয়োগ কৰিব বিচাৰে, সেই নম্বৰত ক্লিক কৰক।

এতিয়া এডিট অপচনত ক্লিক কৰক। তললৈ স্ক্ৰল কৰি ৰিং ট’ন বিকল্পত ক্লিক কৰক। ইয়াৰ পিছত জৰুৰীকালীন বাইপাছ অন কৰি লওক আৰু ‘done’ ত ক্লিক কৰক। ইয়াৰ পিছত নিৰ্বাচিত নম্বৰৰ পৰা কল লাভ কৰিলে চাইলেণ্ট মোডতো আপোনাৰ ফোন বাজি উঠিব। এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে গুগল প্লে ষ্ট’ৰৰ পৰা থাৰ্ড পাৰ্টি এপ ইনষ্টল কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰে। এই সুবিধা True Caller- তো উপলব্ধ।