শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ষ্টাৰলিংক ইণ্টাৰনেট সেৱাৰ মাহিলী খৰচ কিমান হ’ব ? ভাৰতত ই ব্যয়বহুল হ’ব নেকি?

ষ্টাৰলিংক হৈছে উপগ্ৰহ ভিত্তিক প্ৰদান কৰা ইণ্টাৰনেট সেৱা। অৰ্থাৎ মোবাইল টাৱাৰ নথকা ঠাইতো এই ইণ্টাৰনেট সেৱা উপলব্ধ হ'ব । ই পাহাৰ, বনাঞ্চল, গ্ৰাম্য অঞ্চলতো ভাল ইণ্টাৰনেট সেৱা আগবঢ়াবলৈ সক্ষম হ'ব। কিন্তু এই সেৱা গ্ৰহণ কৰিবলৈ আপুনি কিমান খৰচ কৰিব লাগিব ?

ষ্টাৰলিংক ইণ্টাৰনেট সেৱাৰ মাহিলী খৰচ কিমান হ’ব ? ভাৰতত ই ব্যয়বহুল হ’ব নেকি?
ষ্টাৰলিংকImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 10 Jun 2025 17:19 PM

ইণ্টাৰনেটৰ অবিহনে বৰ্তমান সময়ত কোনো এটা কামেই সম্পন্ন নহয় । সামাজিক মাধ্যম ব্যৱহাৰৰ পৰা চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ভিত্তিক কাম-কাজবোৰ যেতিয়াৰ পৰা অনলাইন হ’ল তেতিয়াৰ পৰাই ইয়াৰ ব্যৱহাৰো বৃদ্ধি পালে । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সকলোৱে দ্ৰুত ইণ্টাৰনেট সেৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে । এনে সময়তে ভাৰতত আৰম্ভ হ’বলৈ গৈ আছে ইলন মাস্কৰ ষ্টাৰলিংক চেটেলাইট ইণ্টাৰনেট সেৱা । পিছে প্ৰশ্ন হয় ষ্টাৰলিংক চেটেলাইট ইণ্টাৰনেট সেৱা ব্যয়বহুল হ’ব নেকি ভাৰতত ।

ষ্টাৰলিংক হৈছে উপগ্ৰহ ভিত্তিক প্ৰদান কৰা ইণ্টাৰনেট সেৱা। অৰ্থাৎ মোবাইল টাৱাৰ নথকা ঠাইতো এই ইণ্টাৰনেট সেৱা উপলব্ধ হ’ব । ই পাহাৰ, বনাঞ্চল, গ্ৰাম্য অঞ্চলতো ভাল ইণ্টাৰনেট সেৱা আগবঢ়াবলৈ সক্ষম হ’ব। কিন্তু এই সেৱা গ্ৰহণ কৰিবলৈ আপুনি কিমান খৰচ কৰিব লাগিব ? এই কথা জানিবলৈ আপুনিও আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

বিভিন্ন প্ৰতিবেদনত অনুমান কৰা হৈছে যে, Starlink ইণ্টাৰনেট সেৱা লাভ কৰিবলৈ যিটো ডিভাইচ ইনষ্টল কৰিব লাগিব তাৰ দাম প্ৰায় ৩৩ হাজাৰ টকা ভিতৰত হ’ব পাৰে। ইয়াৰ মাহিলী প্লেনৰ খৰচ ৩০০০ টকা হ’ব পাৰে য’ত আপোনাক সীমাহীন ডাটা প্ৰদান কৰিব পাৰে ।

খবৰ অনুসৰি ইয়াৰ গতি ১০০ এমবিপিএছৰ পৰা ২৫০ এমবিপিএছলৈ হ’ব পাৰে। ভাৰতৰ দুৰ্গম অঞ্চলতো ই ভাল ইণ্টাৰনেট সেৱা প্ৰদান কৰিব পাৰিব । ইয়াৰ সুবিধাটো হ’ল ষ্টাৰলিংকে য’ত ব্ৰডবেণ্ড পোৱা নাযায় তাতো ইণ্টাৰনেট সেৱা আগবঢ়াব পাৰে। যদি আমি অসুবিধাবোৰ চাওঁ তেন্তে ইয়াৰ দাম বহুতৰে বাবে যথেষ্ট ব্যয়বহুল আৰু অভাৰ বাজেট হ’ব পাৰে।

কোৱা হৈছে যে, ষ্টাৰলিংক ইণ্টাৰনেট সেৱাই জিঅ’ ফাইবাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে । জিঅ’ ফাইবাৰৰ মাহিলী প্লেনৰ আৰম্ভণিৰ মূল্য ৩৯৯ টকা । ইয়াৰ স্পীড ৩০ এমবিপিএছৰ পৰা ১ জিবিপিএছলৈকে। জিঅ’ ফাইবাৰত আনলিমিটেড কলিং আৰু অ’টিটি চাবস্ক্ৰিপচন লাভ কৰে।

সুবিধাটো হ’ল ই অতি সস্তা, ফিক্সড কানেকচন, টিভি আৰু অ’টিটিৰ সুবিধাৰ সৈতে আহে। কিন্তু গাঁও আৰু পাহাৰীয়া অঞ্চলত ইয়াৰ কভাৰেজ সীমিত। যদি আপুনি দূৰৱৰ্তী অঞ্চলত ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়, তেন্তে ষ্টাৰলিংক এটা উন্নত বিকল্প হ’ব পাৰে।