ষ্টাৰলিংকক প্ৰত্যাহ্বান জিঅ’ৰ! দ্ৰুত ইন্টাৰনেট সেৱাৰ বাবে আৰম্ভ কৰিলে ডিজিটেল টুইন ব্যৱস্থা…
ইলন মাস্কক প্ৰত্যাহ্বান জনাবলৈ এক প্ৰকাৰ সাজু ৰিলায়েন্স জিঅ'। শেহতীয়াকৈ জিঅ'ই গ্ৰহণ কৰিছে এক ডাঙৰ পদক্ষেপ। মুকলি কৰিছে ডিজিটেল টুইন ব্যৱস্থা।

বিভিন্ন সময়ত মুকেশ আম্বানীৰ জিঅ’ই গ্ৰাহকক ডাঙৰ ডাঙৰ অফাৰ দিয়ে। কিন্তু এইবাৰ জিঅ’ই দ্ৰুত ইন্টাৰনেট সেৱা সহজে লাভ কৰাৰ বাবে আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰিলায়েন্সৰ ৪৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত কোম্পানীটোৱে এক ডাঙৰ ঘোষণা কৰে। যিয়ে আগন্তুক সময়ত ইন্টাৰনেটৰ জগতত এক নতুন উচ্চতা স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ ব্ৰডবেণ্ড সেৱা সম্পূৰ্ণৰূপে সলনি কৰাৰ লক্ষ্য আগত লৈ ‘ডিজিটেল টুইন’ ব্যৱস্থা উন্মোচন কৰিছে মুকেশ আম্বানীৰ কোম্পানীয়ে।
পিছে প্ৰশ্ন হয়, কি এই ডিজিটেল টুইন ব্যৱস্থা? ‘ডিজিটেল টুইন’ ব্যৱস্থা হ’ল ভাৰতৰ ভাৰ্চুৱেল থ্ৰীডি মেপ। জিঅ’ই ইতিমধ্যে আপোনাৰ ঘৰ, চুবুৰী, আৰু পথৰ পৰা আৰম্ভ কৰি সকলো আন্তঃগাঁথনিৰ ডিজিটেল সংস্কৰণ তৈয়াৰ কৰিছে। ইয়াৰ দ্বাৰা আপোনাৰ বাবে কি লাভ হ’ব জানেনে? জিঅ’ই কয় যে নতুন ব্ৰডবেণ্ড সংযোগৰ বাবে এতিয়া আৰু কেইবাদিন বা সপ্তাহৰ সময় নালাগে। আবেদন কৰাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ ঘৰত হাইস্পীড ইন্টাৰনেট সক্ৰিয় হ’ব।
ইয়াৰ পূৰ্বে সংযোগ দিবলৈ জিঅ’ৰ অভিযন্তাসকলে সাধাৰণতে চুবুৰী বা অঞ্চললৈ জৰীপ কৰিবলৈ আহিছিল। এতিয়া তেওঁলোকে নিজৰ অফিচৰ পৰাই এই ডিজিটেল মেপত সকলো চাব পাৰিব। য’ত কেবলটো টানিব বা য’ত ইউনিটটো স্থাপন কৰা হ’ব, সেই ঠাই অফিচত বহি পৰীক্ষা কৰিব পাৰিব। এনে পৰিস্থিতিত জিঅৰ অভিযন্তাসকলে ঠায়ে ঠায়ে যাব নালাগে।
কোম্পানীটোৱে জনোৱা মতে, তেওঁলোকৰ অভিযন্তাসকলে কাৰ্যালয়ৰ পৰা গ্ৰাহকৰ অঞ্চলত নেটৱৰ্কৰ পৰিস্থিতি পৰীক্ষা কৰি তৎক্ষণাত সংযোগ দিব পাৰি। বৰ্তমান সময়ত এই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে জিঅ’ৰ ঘৰুৱা ব্ৰডবেণ্ড সেৱাৰ বাবে। এই পদক্ষেপে ভাৰতৰ ইণ্টাৰনেট সেৱাৰ গতি আৰু কাৰ্যক্ষমতাক এক নতুন স্তৰলৈ লৈ যাব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, কেইটামান মাহৰ পৰা ভাৰতত ইলন মাস্কৰ ষ্টাৰলিংক যথেষ্ঠ চৰ্চাত আছে। চৰকাৰৰ পৰা সকলো অনুমতি লাভ কৰাৰ পাছত মাস্কে ভাৰতত সেৱা আগবঢ়াবলৈ সকলো প্ৰস্তুতি চলাই গৈছে। কোৱা হৈছে, ষ্টাৰলিংকে অতি দ্ৰুত ইন্টাৰনেট সেৱা প্ৰদান কৰিব। যাৰ বাবে গ্ৰাহকসকল অতি লাভন্বিত হ’ব।
মাস্কক প্ৰত্যাহ্বান জনাবলৈ এতিয়া জিঅ’ই গ্ৰহণ কৰিছে নতুন নতুন পদক্ষেপ। বিগত সময়চোৱাত ইন্টাৰনেটৰ জগতখনত বহু নতুন নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে জিঅ’ই। এতিয়া জিঅ’ই ব্ৰডবেণ্ডৰ বাবে ডিজিটেল টুইন ব্যৱস্থা আৰম্ভ কৰিছে। গতিকে ভৱিষ্যতে ইলন মাস্কৰ কোম্পানী আৰু মুকেশ আম্বানীৰ কোম্পানীৰ মাজত ভৱিষ্যতে ডাঙৰ প্ৰতিযোগিতা হ’ব পাৰে।
অন্য খবৰ পঢ়কঃ পুনৰ ভাৰতত উপলব্ধ হ’ব নেকি TikTok ? আৰম্ভ হৈছে কোম্পানীৰ নিযুক্তি প্ৰক্ৰিয়া…