Jio offer: মাত্ৰ ৬০১ টকা! এবছৰলৈ লাভ কৰিব আনলিমিটেড 5G ডাটা, জানক সবিশেষ…
অফাৰ কোনে নিবিচাৰে? বহু সময়ত টেলিকম কোম্পানীসমূহে জনতাৰ বাবে বিভিন্ন অফাৰ লৈ আহে। শেহতীয়াকৈ ৰিলায়েন্স জিঅ'ই বছৰযোৰা অফাৰ লৈ আহিছে গ্ৰাহকৰ বাবে।

ৰিলায়েন্স জিঅ’ত সস্তা আৰু ব্যয়বহুল দুয়োটা ৰিচাৰ্জ প্লেন উপলব্ধ। ৰিলায়েন্স জিঅই বিভিন্ন সময়ত গ্ৰাহকৰ বাবে বহু অফাৰ লৈ আহে, আৰু অফাৰনো কোনে ভাল নাপায়। এই লেখাটোত আমি আপোনাৰ বাবে এটা ডাঙৰ প্লেনৰ বিষয়ে উল্লেখ কৰিম যিয়ে কম মূল্যত সীমাহীন ৫জি (Unlimited 5g) ডাটা আগবঢ়াইছে। এই প্লেনৰ দাম মাত্ৰ ৬০১ টকা, আপুনি এই প্ৰিপেইড প্লেনটো নিজৰ বাবে বা কাৰোবাক উপহাৰ দিবলৈ কিনিব পাৰে।
প্ৰিপেইড প্লেন
এই Jio Prepaid Plan নিশ্চিতভাৱে Unlimited 5G Data ৰ সৈতে আহিছে। অৱশ্যে ইয়াত এটা বিশেষ চৰ্ত আছে, যি মানি চলা প্ৰয়োজনীয়। ৰিলায়েন্স জিঅ’ৰ মতে, এই ৬০১ টকীয়া প্ৰিপেইড প্লেনে নন-৫জি প্লেনক আনলিমিটেড ৫জি প্লেনলৈ উন্নীত কৰে।এই প্লেনে বহু সুবিধা আগবঢ়াইছে।
চৰ্ত
এই প্লেনৰ একমাত্ৰ চৰ্ত হ’ল আপুনি যেতিয়া এই ৬০১ টকাৰ ভাউচাৰ ল’ব বিচাৰে তেতিয়া আপোনাৰ ১.৫ জিবি হাই স্পীড ডাটা থকা প্লেন থাকিব লাগিব। এই চৰ্তৰ পৰা স্পষ্ট যে যিসকলৰ নম্বৰত ১ জিবি ডাটা থকা প্লেন আছে বা যিসকলে বছৰত ১৮৯৯ টকীয়া প্লেন লৈছে তেওঁলোকৰ বাবে ৬০১ টকীয়া প্লেনৰ সুবিধা উপলব্ধ নহ’ব।৬০১ টকা খৰচ কৰিলে আপুনি ৰিলায়েন্স জিঅ’ৰ পৰা ১২ টা ভাউচাৰ পাব, প্ৰতিমাহে এটাকৈ ভাউচাৰ। এই প্লেন এবছৰৰ বাবে।

জিঅ’ অফাৰ
৬০১ টকীয়া ভাউচাৰ কেনেকৈ ক্ৰয় কৰিব
- ৬০১ টকীয়া ভাউচাৰ পাবলৈ আপুনি https://www.jio.com/gift/true-5g লৈ যাব লাগিব।
- ইয়াৰ পিছত আপোনাৰ নম্বৰ বা যিজন ব্যক্তিক ভাউচাৰ উপহাৰ দিব বিচাৰে তেওঁৰ জিঅ’ নম্বৰ দিব।
- আপুনি ধন পৰিশোধ কৰাৰ লগে লগে এই ৬০১ টকীয়া ভাউচাৰ সক্ৰিয় হৈ উঠিব।
সুবিধা কেনেকৈ পাব
ভাউচাৰ ৰিডিম কৰিবলৈ মাই জিঅ’ এপ খুলি তাৰ পিছত ভাউচাৰ ছেকচনত গৈ ভাউচাৰ ৰিডিম কৰি আনলিমিটেড ৫জি ডাটা উপভোগ কৰিব।
অন্য খবৰ পঢ়কঃ Starlink: বৰ্তমানতকৈ ১০ গুণ হাইস্পীড ইন্টাৰনেট সেৱা, মাহিলী কিমান টকা ভৰিব লাগিব জানেনে, জানক…