বিশ্বই দেখিব ‘মেক ইন ইণ্ডিয়া’ৰ শক্তি! ২৭ ছেপ্টেম্বৰত মুকলি হ’ব BSNLৰ স্বদেশী 4G নেটৱৰ্ক
শনিবাৰে (২৭ ছেপ্টেম্বৰ) বিএছএনএলৰ স্বদেশী 4G নেটৱৰ্ক মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ অনন্য বৈশিষ্ট্য হ’ল ইয়াক সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত আৰু ইয়াক সহজেই 5G লৈ উন্নীত কৰিব পৰা যায়। বিএছএনএলৰ 4G নেটৱৰ্কৰ আঁৰৰ এটা মূল খেলুৱৈ হৈছে TCS।

BSNL 4G Launch: ২৭ ছেপ্টেম্বৰৰ দিনটো চৰকাৰী টেলিকম কোম্পানী BSNL ৰ বাবে এক অতি বিশেষ দিন। টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিএছএনএলৰ স্বদেশী 4G নেটৱৰ্ক মুকলি কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে বিএছএনএলৰ 4G নেটৱৰ্ক সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত, ক্লাউড ভিত্তিক, আৰু ভৱিষ্যতৰ বাবে সাজু। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াক কোনো ধৰণৰ বাধা নোহোৱাকৈ সহজেই 5G লৈ উন্নীত কৰিব পৰা যাব।
জ্যোতিৰাদিত্য সিন্ধিয়াই ঘোষণা কৰে যে বিএছএনএল 4G ষ্টেক ৯৮ হাজাৰ ছাইটত ৰোল আউট কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক উদ্বোধন কৰিব ওড়িশাৰ ঝাৰছুগুডাৰ পৰা। ভাৰতে এতিয়া শীৰ্ষ টেলিকম সঁজুলি নিৰ্মাতা কোম্পানীসমূহৰ শাৰীত যোগদান কৰিছে, ছুইডেন, ডেনমাৰ্ক, চীন, আৰু দক্ষিণ কোৰিয়াৰ সৈতে যোগ দিছে।
টেলিকম টকৰ তথ্য অনুসৰি, শেহতীয়াকৈ বি এছ এন এলৰ এজন জ্যেষ্ঠ বিষয়াইও জনাইছে যে অতি সোনকালে দেশৰ প্ৰধান মহানগৰত (দিল্লী আৰু মুম্বাই)ত 5G সেৱা আৰম্ভ কৰা হ’ব।
A historic leap in Bharat’s telecom journey… 🇮🇳
Tomorrow, on the occasion of 25 Years of BSNL, PM Shri @narendramodi ji will unveil two landmark initiatives shaping India’s digital future:
✅ Nationwide rollout of BSNL’s indigenously developed 4G stack across 98,000 sites
✅… pic.twitter.com/qHxunzyFX5— Jyotiraditya M. Scindia (@JM_Scindia) September 26, 2025
টিচিএছৰ গুৰুত্বপূৰ্ণ ভূমিকা
টাটা কনছালটেন্সি চাৰ্ভিচেছ হৈছে বিএছএনএল ৪জি ৰোলআউটৰ এক প্ৰধান খেলুৱৈ। প্ৰতিবেদন অনুসৰি এই মূল নেটৱৰ্কটো চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ টেলিমেটিক্সে নিৰ্মাণ কৰিছিল। টেজাছ নেটৱৰ্কে ৰেডিঅ’ অভিগম নেটৱৰ্ক প্ৰদান কৰিছিল, আৰু সামগ্ৰিক ব্যৱস্থাটো টিচিএছৰ দ্বাৰা সংহত কৰা হৈছিল।
প্ৰতিখন গাঁৱতে সংযোগৰ ব্যৱস্থা থাকিব
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিব ১০০% 4G চেচুৰেচন নেটৱৰ্ক। সমগ্ৰ দেশৰ ২৯,০০০ৰ পৰা ৩০,০০০ গাঁও সংযোগৰ পৰিকল্পনা, দূৰৱৰ্তী অঞ্চলত ডিজিটেল সংযোগ বৃদ্ধি। তদুপৰি মানুহে চৰকাৰী সেৱাৰ সুবিধা লাভ কৰাৰ লগতে স্বাস্থ্য, শিক্ষা, আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ লাভ কৰিব।