New Rule: ৰে’লৰ টিকট বুকিঙৰ পৰা বেংক, ATM লৈ, আজিৰ পৰা সলনি হ’ব এইসমূহ নিয়ম…
Rule Change: আজি ১ ডিচেম্বৰৰ পৰা বিভিন্ন নিয়ম সলনি হৈছে। ৰে'লৰ টিকটৰ লগতে বেংকিং, জিএছটি আৰু টেলিকম খণ্ডতো বহু পৰিৱৰ্তন দেখা গৈছে। যাৰ প্ৰভাৱ সাধাৰণ মানুহৰ ওপৰত পৰিব।
ভাৰতীয় ৰে’লৱেৰ পৰা আৰম্ভ কৰি এটিএম (ATM) লৈ বিভিন্ন নিয়ম সলনি হৈছে, যিবোৰ ১ ডিচেম্বৰ, ২০২৫ ৰ পৰা কাৰ্যকৰী হ’ব। আজিৰ পৰা IRCTC ৰ তৎকাল টিকটৰ অটিপি ব্যৱস্থা, SBI ATMৰ মাচুল, এমকেছ সেৱা বন্ধ, জি এছ টি ৰিটাৰ্ণ, আৰু মোবাইল কলাৰৰ নাম প্ৰদৰ্শনকে ধৰি ডাঙৰ পৰিৱৰ্তন হ’ব। যাৰ প্ৰভাৱ সাধাৰণ জনতাৰ পকেটত পৰিব।
তৎকাল টিকট
ৰে’লৱে ১ ডিচেম্বৰৰ পৰা তৎকাল টিকটৰ ক্ষেত্ৰত অটিপি’ৰ ব্যৱস্থা কৰে। যাৰ আৰম্ভণি মুম্বাই চেন্ট্ৰেল-আহমেদাবাদ শতাব্দী এক্সপ্ৰেছৰ পৰা হ’ব। ইয়াৰ অধীনত আপোনাৰ মোবাইল নম্বৰত অহা অটিপি দিয়াৰ পাছতহে টিকট বুক কৰিব পাৰিব। ৰে’লৱেৰ মতে, ভুৱা মোবাইল নম্বৰ ব্যৱহাৰ আৰু প্ৰকৃত যাত্ৰীয়ে টিকট পোৱাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে এনে ব্যৱস্থা কৰিছে।
SBI ATM ত সীমিত বিনামূলীয়া লেনদেন
১ ডিচেম্বৰৰ পৰা SBI ATM আৰু অটোমেটেড ডিপ’জিট কম উইথড্ৰ’ৱেল মেচিন (ADWM) লেনদেনৰ চাৰ্জৰ পৰিৱৰ্তন কাৰ্যকৰী হ’ব। চেলাৰী একাউন্ট থকাসকলে মাত্ৰ ১০টা বিনামূলীয়া লেনদেন লাভ কৰিব, পাছত প্ৰতিটো লেনদেনত ২৩ টকা দিব লাগিব। আনহাতে অ-বিত্তীয় লেনদেনৰ মাচুল ১০ টকাৰ পৰা ১১ টকালৈ বৃদ্ধি কৰা হৈছে। জমা একাউন্টধাৰীৰ বাবে বিনামূলীয়া লেনদেন ৫টা নিৰ্ধাৰণ কৰা হৈছে।
mCash সুবিধা বন্ধ কৰা হৈছে
SBI য়ে YONO Lite আৰু Online SBI ত উপলব্ধ mCash সুবিধা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ পৰা এই প্ৰক্ৰিয়াৰ অধীনত গ্ৰাহকে কোনো ধন প্ৰেৰণ কৰিব নোৱাৰে বা লাভ নকৰে। এছ বি আইয়ে UPI, IMPS, NEFT আৰু RTGS আদি সুবিধা ব্যৱহাৰ কৰাৰ বাবে উপদেশ দিছে।
GST
GSTN য়ে ঘোষণা কৰিছে যে, তিনি বছৰ বা তাতকৈ অধিক সময় ৰিটাৰ্ণ দাখিল নকৰা ব্যৱসায়ীসকলে ডিচেম্বৰৰ পৰা ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব। কৰ ব্যৱস্থাত অনুশাসন আনিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এনে অৱস্থাত ব্যৱসায়ীসকলে পূৰ্বৰ ৰিটাৰ্ণ প্ৰথমে আপডেট কৰিব লাগিব।
ফোন কৰাজনক নাম
এতিয়াৰ পৰা ফোন কৰাজনৰ প্ৰকৃত নাম দেখা যাব। টেলিকমিউনিকেচন বিভাগে অহা ১৫ ডিচেম্বৰৰ পৰা চিএনএপি (Caller Name Presentation) ব্যৱস্থা ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত যেতিয়া কোনো ফোন আহে তেতিয়া ফোন কৰাজনৰ প্ৰকৃত নাম দেখা যাব। প্ৰৱঞ্চনা আৰু স্পেম কল ৰোধ কৰাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গ্ৰাহকৰ সুৰক্ষাৰ বাবে ই এক শক্তিশালী পদক্ষেপ।
অন্য খবৰ পঢ়কঃ নতুন নিয়ম! এতিয়াৰ পৰা চৰকাৰী বিষয়াই ব্যৱহাৰ কৰিব লাগিব আইফোন, নিষেধাজ্ঞা…