এটা দিনত ৪.৪৩ কোটি! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
বৰ্তমান সকলো AI ৰ দৌৰত। এই প্ৰতিযোগিতাখনত মাৰ্ক জুকাৰবাৰ্গে সকলোতকৈ আগত থাকিব বিচাৰিছে। যাৰ বাবে অন্য ভাল কোম্পানীৰ পৰা প্ৰতিভাসম্পন্ন লোকক নিযুক্তি দিছে। এনে এজন লোকক তেওঁ দৰমহা প্ৰদান কৰিছে ১৬০০ কোটি টকা।

যিমানেই দিন গৈছে সিমানেই মানুহ ডিজিটেল জগতখনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। বৰ্তমান AI ৰ দৌৰত সকলো। AI ৰ দ্বাৰা কি কৰিব নোৱাৰি! ফটো, ভিডিঅ’ৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ক্ষেত্ৰতে এতিয়া AI য়ে আধিপত্য বিস্তাৰ কৰাৰ দৰে। এনেবোৰ কাৰণতে আজি বিভিন্ন কোম্পানীয়ে এআইত বহু ধন বিনিয়োগ কৰিছে। দীৰ্ঘদিন ধৰি মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে ছুপাৰইণ্টেলিজেন্স লেবৰ বাবে শ্ৰেষ্ঠ প্ৰতিভাক নিযুক্তি দিবলৈ ডাঙৰ ডাঙৰ পেকেজ আগবঢ়াই আহিছে।
মেটাৰ বাবে জুকাৰবাৰ্গে এপল, অ’পেনএআই, গুগল, ডিপ মাইণ্ড আৰু এন্থ্ৰপিক আদি বৃহৎ কোম্পানীৰ লোকক আকৰ্ষণ কৰিবলৈ ৮০০ কোটিৰ পৰা ১৬০০ কোটি টকালৈকে দৰমহাৰ পেকেজ আগবঢ়াইছে।
মেটাৰ ছুপাৰইণ্টেলিজেন্স লেবটো গুগল ডিপমাইণ্ড, অ’পেনএআই আৰু এন্থ্ৰপিকৰ দৰে কোম্পানীৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ ডিজাইন কৰা হৈছে। এই সময়ত কোম্পানীটোৰ আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ হৈছে এআই (AI)। ইয়াৰোপৰি এই লেবৰ বাবে কোম্পানীয়ে এতিয়া বিভিন্ন কোম্পানীৰ পৰা ভাল ভাল তথা প্ৰতিভাসম্পন্ন লোকক নিযুক্তি দিয়াৰ কাম কৰি আছে।। এই নিযুক্তি প্ৰক্ৰিয়াৰে কোম্পানীটোয়ে বাৰ্তা দিব বিচাৰিছে যে মেটাই ভৱিষ্যতৰ বাবে ছুপাৰ ইনটেলিজেন্সৰ ওপৰত কাম কৰিছে।
দৰমহা
সংবাদ মাধ্যমৰ খবৰ অনুসৰি মেটাই ৰুমিং পাঙক ২০ কোটি ডলাৰৰ (১৬০০ কোটিৰো অধিক) বৃহৎ পেকেজ দিছে। ১৬০০ কোটিৰ হিচাপত ১ মাহৰ বাবে পেকেজ ১৩৩.৩৩ কোটি। এই হিচাপত চালে এই লোকজনে এদিনত দৰমহা লাভ কৰিব প্ৰায় ৪.৪৩ কোটি।
ইয়াৰ পূৰ্বে OpenAI ৰ ত্ৰপিত বঞ্চাল (Trapit Bansal) কো প্ৰায় ১০ কোটি ডলাৰ (প্ৰায় ৮০০ কোটি) অফাৰ দিয়া হৈছিল। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি এই পেকেজত বেচ চেলাৰী, চাইনিং বোনাছ আৰু কোম্পানী শ্বেয়াৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে।
কোন কোন আছে তালিকাত?
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি মেটা এআই (META AI) দলটোত আছে- আলেকজেণ্ডাৰ ৱাং (স্কেল এআইৰ প্ৰাক্তন চিইঅ’), নেট ফ্ৰাইডমেন (জিটহাবৰ প্ৰাক্তন চিইঅ’), ডেনিয়েল গ্ৰছ (ছেফ ছুপাৰ ইনটেলিজেন্সৰ প্ৰাক্তন চিইঅ’), ৰুমিং পাং (এপল ফাউণ্ডেশ্যন মডেল টিমৰ প্ৰাক্তন মুৰব্বী), ট্ৰেপিট বান্সাল (অপেনএআই), শুচাও বি (ইউটিউব শ্বৰ্টছৰ সহ-প্ৰতিষ্ঠাপক), হুইৱেন চাং (জিপিটি-৪অ’ৰ সহ-সৃষ্টিকৰ্তা), জি লিন (অপেনএআই), জোৱেল পবাৰ (প্ৰাক্তন এন্থ্ৰপিক ইঞ্জিনিয়াৰ), জেক ৰে (গুগল ডিপমাইণ্ড), হংয়ু ৰেন (জিপিটি-৪অ’), জোহান শ্বালকৱিক (প্ৰাক্তন গুগল ফেলো), পেই ছান (গুগল ডিপমাইণ্ড), জিয়াহুই ইউ (প্ৰাক্তন অ’পেনএআই অভিযন্তা) আৰু শ্বেংজিয়া জাও (অপেনএআই)।
অন্য খবৰ পঢ়কঃ শ্বহীদ ঘোষণা কৰা মৃদুল ইছলামক পাহৰি গ’ল প্ৰদেশ কংগ্ৰেছে! ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ পত্নীৰ…