শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শ্বহীদ ঘোষণা কৰা মৃদুল ইছলামক পাহৰি গ’ল প্ৰদেশ কংগ্ৰেছে! ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ পত্নীৰ…

কিছুমান পূৰ্বে প্ৰতিবাদ কৰিব গৈ মৃত্যুক সাৱতি লৈছিল মৃদুল ইছলামে। কিন্তু এই মৃদুল ইছলামক যেন পাহৰি গল কংগ্ৰেছে। তেনে অৱস্থাত তেওঁৰ পত্নীয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক সাক্ষাৎ কৰিব বিচাৰিছে।

শ্বহীদ ঘোষণা কৰা মৃদুল ইছলামক পাহৰি গ’ল প্ৰদেশ কংগ্ৰেছে! ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ পত্নীৰ…
মৃদুল ইছলাম
Barasha Sarma
Barasha Sarma | Published: 15 Jul 2025 13:43 PM

কেইমাহমাহ পূৰ্বে প্ৰদেশ কংগ্ৰেছে মৃদুল ইছলাম নামৰ এজন লোকক শ্বহীদ ঘোষণা কৰিছিল। প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুক সাৱতি লোৱা মৃদুল ইছলামক লৈ কংগ্ৰেছ শোকত ডুব গৈছিল। কিন্তু এতিয়া যেন সেই মৃদুল ইছলামক পাহৰি গৈছে প্ৰদেশ কংগ্ৰেছে। যাৰ বাবে মৃদুলৰ পত্নীয়ে স্বামীৰ ন্যায়ৰ বাবে দলটোৰ নেতা-কৰ্মীৰ আগত হাতযোৰ কৰি তত পোৱা নাই।

অহা ১৬ জুলাইত অসম ভ্ৰমণৰ বাবে আহিব কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। সেই দিনটোতে মৃদুল ইছলামৰ পত্নী হামিদা পাৰবিনে দুই জ্যেষ্ঠ কংগ্ৰেছ নেতাক সাক্ষাৎ কৰাৰ আশা ব্যক্ত কৰিছে। অভিযোগ অনুসৰি, ইছলামৰ পত্নীৰ এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই প্ৰদেশ কংগ্ৰেছে।

এনে অৱস্থাত হামিদা পাৰবিনে ৰাহুল গান্ধীলৈ এখন পত্ৰ লিখিছে। য’ত তেওঁ লিখে- “মোৰ স্বামী যোৱা ১৭ বছৰ ধৰি আই এন চিৰ অতি সক্ৰিয় কৰ্মী আছিল। চৰকাৰৰ বিৰুদ্ধে শান্তিপূৰ্ণ সমাৱেশত অংশগ্ৰহণ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰে তেওঁক নিৰ্মমভাৱে হত্যা কৰিছিল। কংগ্ৰেছে তেওঁ শ্বহীদো ঘোষণা কৰিছিল। এই ক্ষেত্ৰত কৃতজ্ঞতা প্ৰকাশ কৰি হামিদাই কয় যে, কংগ্ৰেছৰ প্ৰতি আন্তৰিকতা সদায় আছিল আৰু থাকিব”।

তেওঁ আৰু কয়,” কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে আপোনাক লগ কৰা সপোনৰ দৰে। গতিকে আপোনাৰ ছয়গাঁও ভ্ৰমণ সপোনৰ দৰে। মই মোৰ স্বামী আৰু দুগৰাকী কণমানি কন্যাই পিতৃক হেৰুৱাইছে। দেশৰ বাবে দলৰ সেৱা কৰা পিতৃ আৰু স্বামীৰ ক্ষতি আপুনি নিশ্চয় অনুভৱ কৰিছে। মোৰ স্বামীৰ ভয়ংকৰ হত্যাকাণ্ডৰ বিষয়ে আপোনাক বহু কথা ক’বলগীয়া আছে। মোৰ বিশ্বাস আপোনালোকে মোক ন্যায় দিব পাৰিব”।

উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহত প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুক সাৱতি লৈছিল এগৰাকী কংগ্ৰেছ কৰ্মীয়ে। ১৮ ডিচেম্বৰ, ২০২৪ ত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ। এই প্ৰতিবাদৰ ঘটনাই তীব্ৰৰূপ ধাৰণ কৰাত আৰক্ষীয়ে কন্দুৱা গেছৰ লগতে লাঠিচাৰ্জ কৰিছিল। য’ত নিহত হৈছিল কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলাম। তেওঁ কংগ্ৰেছৰ আইনী কোষৰ নেতা আছিল। কন্দুৱা গেছ প্ৰয়োগ আৰু আৰক্ষীৰ সৈতে হোৱা হতাহতিৰ ফলত আহত হোৱা মৃদুলক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত। কিন্তু চিকিৎসাধীন অৱস্থাতে প্ৰাণ ত্যাগ কৰিছিল মৃদুল ইছলামে।

এইগৰাকী কংগ্ৰেছ কৰ্মীক পাছলৈ দলটোৱে শ্বহীদ ঘোষণা কৰিছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও ফোনযোগে পত্নীৰ সৈতে বাৰ্তালাপ কৰিছিল। গতিকে এতিয়া অসম ভ্ৰমণৰ সময়ত মৃদুল ইছলামৰ পত্নীক ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰাৰ সুবিধা প্ৰদান কৰে নে নাই সেয়া হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ অৰুণাচল প্ৰদেশত হত্যা অসমৰ ২ যুৱকক, পথ অৱৰোধ মিচিং সম্প্ৰদায়ৰ একাংশ সংগঠনৰ…