Khorramshahr-4: ৮০ টাতকৈ অধিক স্থানত একেলগে আক্ৰমণ! জানক ইৰাণৰ খোৰামশ্বহৰ-৪ মিছাইলৰ বিষয়ে…
Khorramshahr-4: ইজৰাইল -ইৰাণৰ মাজত অব্যাহত উত্তেজনা। ইয়াৰ মাজতে চৰ্চালৈ আহিছে ইৰাণৰ সবাতোকৈ শক্তিশালী মিছাইল খোৰামশ্বহৰ-৪ । যাক লৈ শংকিত হৈ পৰিছে ইজৰাইল।

ইজৰাইল-ইৰাণৰ যুদ্ধ চৰম শিখৰলৈ গতি কৰিছে। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ পাছতে ইৰাণেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। কিন্তু শেহতীয়াকৈ এই যুদ্ধৰ মাজত জঁপিয়াই পৰে আমেৰিকা, আৰু শনিবাৰে নিশা আমেৰিকাই আক্ৰমণ কৰে ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত। এই স্থানসমূহৰ ভিতৰত আছে ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহান, এই স্থানসমূহ আছিল ইৰাণৰ পাৰমাণিৱ অস্ত্ৰ নিৰ্মাণৰ মূল ঘাটি।
আমেৰিকাই এই আক্ৰমণত ব্যৱহাৰ কৰিছে সবাতোকৈ শক্তিশালী বি-২ বোম্বাৰ বিমান (B-2 Stealth Bomber)। এইখনেই হৈছে বিশ্বৰ একমাত্ৰ যুদ্ধ বিমান যিয়ে ফৰ্ডোৰ দৰে ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি ল’ব পাৰে। কিন্তু এতিয়া পোহৰলৈ আহিছে যে ইৰাণেও তেওঁলোকৰ শক্তিশালী অস্ত্ৰ প্ৰয়োগৰ বাবে সাজু হৈছে।
আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰাণে ইজৰাইলৰ ফালে ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰে। ইৰাণৰ আটাইতকৈ বিপজ্জনক ক্ষেপণাস্ত্ৰ খোৰামশ্বহৰ-৪ (Khorramshahr-4) অৰ্থাৎ খেইবাৰকো এই আক্ৰমণত ব্যৱহাৰ কৰা হয় বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে । এই কথা গম পোৱাৰ পাছতে এতিয়া টোপনি হৰিছে ইজৰাইলৰ।
তথ্য অনুসৰি, ইৰাণ আৰু ইজৰাইলৰ পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে। ইৰাণৰ ক্ষেপণাস্ত্ৰই ইজৰাইলৰ বেন গুৰিয়ান বিমানবন্দৰ, জৈৱিক গৱেষণা কেন্দ্ৰ, লজিষ্টিক ঘাটি, আৰু কমাণ্ড কণ্ট্ৰল চেণ্টাৰক লক্ষ্য কৰি লৈছে। ২০ সংখ্যক আক্ৰমণত ইৰাণে ৪০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। য’ত ইজৰাইলৰ বহু সা-সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ লগতে প্ৰায় ৮৬ জন লোক আহত হয়।
Khorramshahr-4 মিছাইল কি
ইৰাণৰ সবাতোকৈ অত্যাধুনিক বেলিষ্টিক মিছাইল খোৰামশ্বহৰ (Khorramshahr)। এই মিছাইলটোৰ নাম সপ্তম শতিকাত জয় কৰা ইহুদী দুৰ্গ খেইবাৰ (Kheibar)ৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। ইন্ধন চালিত মিডিয়াম ৰেঞ্জৰ এই মিছাইল ইৰাণৰ এৰোস্পেচ ইণ্ডাষ্ট্ৰীজ অৰ্গেনাইজেশ্যন (Aerospace Industries Organisation ) য়ে নিৰ্মাণ কৰিছে।
শক্তি
এই মিছাইলৰ শক্তিৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি। ইয়াৰ ৰেঞ্জ প্ৰায় ২০০০ৰ পৰা ২৫০০ কিলোমিটাৰ। ই ১৮০০ কিলোগ্ৰাম ওজনৰ একাধিক ৱাৰহেড কঢ়িয়াব পাৰে। বতাহত ইয়াৰ গতি মেক ১৬ (শব্দৰ গতিৰ ১৬ গুণ) আৰু পৃথিৱীলৈ উভতি অহাৰ সময়ত ই মেক ৮।
কিমান ভয়ংকৰ
এই মিছাইলে একেলগে ৮০টাতকৈও অধিক ভিন্ন লক্ষ্যত আক্ৰমণ কৰিব পাৰে। ইয়াৰ ৱাৰহেড শেষ পৰ্যায়ত পৃথক হৈ অত্যন্ত সঠিকতাৰে লক্ষ্যত আঘাত কৰে। শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াক অনুসৰণ কৰাটো প্ৰায় অসম্ভৱ।
ইজৰাইলৰ আইৰন ড’মৰ দৰে প্ৰতিৰক্ষা ব্যৱস্থা ইয়াৰ আগত দুৰ্বল হৈ পৰে। Davids Sling, Arrow-2 আৰু Arrow-3 ৰ দৰে উন্নত ব্যৱস্থাইও একেলগে খোৰামশ্বহৰ-৪ৰ একাধিক আক্ৰমণ সহ্য কৰিব নোৱাৰে। যাৰ বাবে ইজৰাইলে এতিয়া ভয় খাই থকা বুলি ক’ব পাৰি। মধ্যপ্ৰাচ্যৰ এই উত্তেজনা কি পৰ্যায়লৈ গতি কৰে সেয়া সময়ে ক’ব।
অন্য খবৰ পঢ়কঃ খোৰামশ্বহৰঃ আমেৰিকাৰ আক্ৰমণৰ পাছতে ইৰাণে ব্যৱহাৰ কৰিব নেকি সবাতোকৈ শক্তিশালী মিছাইল…