শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

খোৰামশ্বহৰঃ আমেৰিকাৰ আক্ৰমণৰ পাছতে ইৰাণে ব্যৱহাৰ কৰিব নেকি সবাতোকৈ শক্তিশালী মিছাইল…

আমেৰিকাৰ আক্ৰমণৰ পাছতে ইৰাণে ব্যৱহাৰ কৰিব পাৰে আটাইতকৈ ক্ষক্তিশালী ক্ষেপনাস্ত্ৰ। আক্ৰমণৰ সময়ত আমেৰিকাই আটাইতকৈ বিপজ্জনক যুদ্ধ বিমান বি-২ বোমাৰু বিমান ব্যৱহাৰ কৰিছে। গতিকে এইবাৰ ইৰাণেও ব্যৱহাৰ কৰিব পাৰে শক্তিশালী অস্ত্ৰ।

খোৰামশ্বহৰঃ আমেৰিকাৰ আক্ৰমণৰ পাছতে ইৰাণে ব্যৱহাৰ কৰিব নেকি সবাতোকৈ শক্তিশালী মিছাইল…
মিছাইল (প্ৰতীকী ফটো)Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Jun 2025 20:39 PM

দেওবাৰে আমেৰিকাই ইজৰাইল-ইৰাণ যুদ্ধত প্ৰত্যক্ষভাবে জঁপিয়াই পৰে। আমেৰিকাই ইৰাণৰ ৩টাকৈ গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণ কৰে। এই সময়চোৱাত আমেৰিকাই ইৰাণৰ পাৰমাণৱিক স্থানত লক্ষ্য কৰি লয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আমেৰিকাই সফলতাৰে আক্ৰমণ কৰি তাত থকা বৃহৎ সমৃদ্ধিশালী সুবিধাসমূহ ‘সম্পূৰ্ণৰূপে ধ্বংস’ কৰিছে।আমেৰিকাই আক্ৰমণ কৰা স্থানসমূহ হৈছে ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহান।

এই আক্ৰমণত আমেৰিকাই তেওঁলোকৰ আটাইতকৈ বিপদজনক যুদ্ধ বিমান বি-২ বোমাৰু বিমান ব্যৱহাৰ কৰিছে।  এইখনেই হৈছে বিশ্বৰ একমাত্ৰ যুদ্ধ বিমান যিয়ে ফৰ্ডোৰ দৰে ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি ল’ব পাৰে। আমেৰিকাই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে এইসমূহ ঠাইত আমেৰিকাই ৬টা বাংকাৰ বাষ্টাৰ বোমা নিক্ষেপ কৰিছে।

যিহেতু আমেৰিকাই নিজৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰৰে আক্ৰমণ কৰিছে, গতিকে ইৰাণেও এতিয়া নিজৰ আটাইতকৈ বিপজ্জনক মিছাইল উলিয়াই আনিব পাৰিব। এই আক্ৰমণৰ পিছত ইৰাণে আমেৰিকাক গৰিহণা দি কয় যে ইৰাণৰ নিজকে ৰক্ষা কৰাৰ আৰু প্ৰতিটো আক্ৰমণৰ প্ৰতি সঁহাৰি জনোৱাৰ অধিকাৰ আছে।

যিহেতু আমেৰিকাই সবাতোকৈ বিপজ্জনক অস্ত্ৰৰে আক্ৰমণ কৰিছে তেনে ক্ষেত্ৰত ইৰাণেও নিজৰ শক্তিশালী অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। আক্ৰমণৰ পাছতে ইৰাণে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই কাৰ্যক গৰিহনা দিয়ে আৰু কয় যে ইৰাণৰ নিজক ৰক্ষা কৰিবৰ বাবে প্ৰতিটো আক্ৰমণৰে সঁহাৰি জনোৱাৰ অধিকাৰ আছে।

ইৰাণে এতিয়ালৈকে গদৰ আৰু ইমাদৰ দৰে পুৰণি ক্ষেপণাস্ত্ৰৰ লগতে খেবৰ শকান ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে। খেবৰ শকন হৈছে মধ্যম দূৰত্বৰ কঠিন ইন্ধনযুক্ত ক্ষেপণাস্ত্ৰ, যি ছুপাৰ স্পীডৰ বাবে জনাজাত। ইয়াৰোপৰি ইৰাণৰ আছে ফাট্টাহ-১ হাইপাৰছ’নিক মিছাইল। এই ক্ষেপণাস্ত্ৰটোৱে ১৫ মেক বেগত উৰিব পৰা ক্ষমতা আছে । ইয়াক বাধা দিয়া ইজৰাইলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।

ইৰাণৰ এই আক্ৰমণে ইজৰাইলৰ টেল আভিভ, জেৰুজালেম, বিয়েৰ শ্বেভা আদি চহৰত ধ্বংসলীলাৰ সৃষ্টি কৰিছে। কিন্তু আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণে নিজৰ খোৰামশ্বহৰ (Khorramshahr) ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পাৰে, যাৰ ফলত ইজৰাইলত ব্যাপক ধ্বংসলীলা হ’ব পাৰে।

খোৰৰামশ্বহৰ ক্ষেপণাস্ত্ৰই ২০০০ কিলোমিটাৰ দূৰত্বলৈকে ১৫০০ কিলোগ্ৰাম ওজনৰ ৱাৰহেড কঢ়িয়াই নিব পাৰে। ইৰাণী ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সৈতে জড়িত সংবাদ মাধ্যমে ইয়াৰ পূৰ্বে ইয়াৰ মুকলিৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ইৰাণে এই যুদ্ধত খোৰামশ্বহৰ ব্যৱহাৰ কৰাৰ কোনো আনুষ্ঠানিক দাবী কৰা নাই। একাংশ বিশেষজ্ঞৰ মতে ইৰাণে কৌশলগতভাৱে ইয়াক যুদ্ধৰ পৰা আঁতৰাই ৰাখিছিল।  কিন্তু আশা কৰা হৈছে আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰাণে ইয়াকো ব্যৱহাৰ কৰিব।

 

অন্য খবৰ পঢ়কঃ মধ্যপ্ৰাচ্যত সংকট! কি কি প্ৰভাৱ পৰিব পাৰে ভাৰতত?