Inverter Tips: আপোনাৰ ঘৰতো ইনভাৰ্টাৰ আছে নেকি? ভুলতো নাৰাখিব এই স্থানত…
Inverter Tips: আপোনাৰ ঘৰতো Inverter আছে নেকি? তেন্তে ইনভাৰ্টাৰ কেনেকৈ ৰাখিব লাগে সেয়া জনা দৰকাৰ। অৱশ্যে প্ৰায়ভাগ মানুহৰ মনত এই প্ৰশ্ন চলি থাকে। ইনভাৰ্টাৰত বহু শক্তি থাকে, গতিকে ইয়াৰ লগত জড়িত দিশবোৰ জনা ভাল।
আজিকালি প্ৰায়ভাগ মানুহৰ ঘৰত ইনভাৰ্টাৰ থাকে। যদি আপোনাৰ ঘৰতো আছে তেন্তে এই খবৰ আপোনাৰ বাবে ফলপ্ৰসূ হ’ব পাৰে। কিয়নো যাৰ ঘৰত ইনভাৰ্টাৰ আছে সেইসকল লোকে কিছুমান কথা জনা উচিত। প্ৰায়ভাগ মানুহৰ মনত প্ৰশ্ন হয় যে, ইনভাৰ্টাৰ ঘৰৰ ভিতৰত নে বাহিৰত ৰাখিব লাগে? বহুতে ঘৰৰ ভিতৰত ইনভাৰ্টাৰ ৰখা দেখা যায়। কিন্তু এয়া ঠিক নহয়। এই সৰু ভুলে ডাঙৰ ক্ষতি কৰিব পাৰে। ইয়াৰ কাৰণ কি জানেনে?
ঘৰৰ ভিতৰত ৰাখিলে কি হয়
যেতিয়া ইনভাৰ্টাৰৰ বেটাৰী চাৰ্জ হৈ থাকে তেতিয়া তাৰ পৰা বিষাক্ত গেছ নিৰ্গত হয়। যদি ঘৰৰ ভিতৰত ইনভাৰ্টাৰ ৰখা হয় তেন্তে এই গেছবোৰে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ক্ষতি কৰিব পাৰে। ঘৰৰ ভিতৰত ইনভাৰ্টাৰ ৰাখিলে স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। ইয়াৰোপৰি বেছি গৰম হ’লে শ্বৰ্ট চাৰ্কিট হ’ব পাৰে যাৰ ফলত জুই পৰ্যন্ত লাগিব পাৰে।
ইয়াৰোপৰি যিসকলৰ ঘৰত সৰু ল’ৰা-ছোৱালী আছে সেইসকলে বেছি গুৰুত্ব দিব লাগে। কাৰণ বহু সময়ত দেখা যায় যে ইনভাৰ্টাৰত বিদ্যুৎপৃষ্ঠ হয়। ইয়াৰোপৰি বৰষুণ, ধুমুহা, ঢেৰেকনিৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে।
ক’ত ৰাখিব
এনে অৱস্থাত আপোনাৰ মনত প্ৰশ্ন হ’ব যে, ইনভাৰ্টাৰ ক’ত ৰাখিব লাগে? ইয়াৰ উত্তৰ হ’ল- ইনভাৰ্টাৰ এনেকুৱা স্থানত ৰাখিব লাগে য’ত চাৰ্জিঙৰ সময়ৰ ওলোৱা গেছে আপোনাৰ ক্ষতি কৰিব নালাগে। সেয়ে বহুতে উপদেশ দিয়ে যে, ইনভাৰ্টাৰ ঘৰৰ বেলকনি বা যি কোঠাত বিচনা নাথাকে সেই কোঠাত ৰাখিব লাগে। এনে কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা কম থাকে। গতিকে ইনভাৰ্টাৰৰ গেছে যাতে ক্ষতি কৰিব নোৱাৰে সেই দিশত গুৰুত্ব দিব লাগে।
অন্য খবৰ পঢ়কঃ হঠাতে ফোনটো পানীত পৰিলে কি কৰিব? যাব নালাগে দোকানলৈ, জানক ভাল কৰাৰ সহজ টিপছ…