হঠাতে ফোনটো পানীত পৰিলে কি কৰিব? যাব নালাগে দোকানলৈ, জানক ভাল কৰাৰ সহজ টিপছ…
কেতিয়াবা আপোনাৰ মোবাইল ফোনটো হঠাতে পানীত পৰিছে নেকি? এনে হ'লে কি কৰে আপুনি? যদি মোবাইল ফোন পানীত পৰে তেন্তে চাৰ্ভিছ চেন্টাৰলৈ যোৱাৰ পূৰ্বে কেইটামান সহজ উপায় অৱলম্বন কৰিব পাৰে।
আজিকালি প্ৰায় সকলোৰে হাতত মোবাইল ফোন থাকে। কিন্তু কাৰ কেতিয়া সমস্যা আহে কোনোৱে ক’ব নোৱাৰে। কেতিয়াবা হঠাতে মোবাইল ফোন পানীত পৰিব পাৰে। প্ৰায়ভাগ মানুহৰ এনে হয়। কেতিয়াবা যদি শৌচালয়ত পৰে কেতিয়াবা আকৌ ৰাস্তাত থকা পানীত পৰে। মুঠতে সমস্যাবোৰ কাকো নোকোৱাকৈ আহে।
গতিকে যদি আপোনাৰ ফোনটো পানীত পৰে তেতিয়া কি কৰিব? নতুন ফোন ক্ৰয় কৰাৰ আগতে বা ফোনটো ভাল কৰবলৈ চাৰ্ভিছ চেন্টাৰত নিয়াৰ পৰিৱৰ্তে কেইটামান সহজ টিপছ অৱলম্বন কৰিব পাৰে। গতিকে এই লেখাটোত কেইটামান সহজ উপায় উল্লেখ কৰা হ’ল-
মোবাইলত পানী সোমালে কি কৰিব
- যদি ফোনত পানী সোমাই তেন্তে লগে লগে ফোনটো অফ কৰিব দিব। ইয়াৰ ফলত শ্বৰ্ট চাৰ্কিট হোৱাৰ সমস্যা নহয়।
- ফোনটোৰ বাহিৰৰ সকলো অংশ (SIM কাৰ্ড, মেমৰি কাৰ্ড, বেক কভাৰ) আদি আঁতৰাই পেলাওক।
- ফোনটো কোমল কাপোৰ বা টিছুৰে মচি দিয়ক। চাৰ্জিং পৰ্ট, হেডফোন জেক, আৰু স্পীকাৰৰ দৰে অংশত বিশেষ গুৰুত্ব দিব।
তাৰ পাছত কি কৰিব
ফোনটো ভালদৰে মচি লোৱাৰ পাছত চাউলৰ পাত্ৰ এটাত সোমাই থৈ দিব। চাব যাতে চাউলৰ পাত্ৰটোত বতাহ সোমাব নোৱাৰে। ইয়াৰোপৰি চাউলত ডুব যোৱাকৈ ফোনটো ২৪ ৰ পৰা ৪৮ ঘন্টা থৈ দিব। চাউলে আৰ্দ্ৰতা শোষণ কৰে, যাৰ ফলত ফোনটো শুকাই যোৱাত সহায় কৰে। ফোনটো silica gel পেকেটত ৰাখিব পাৰে। ই পানী শোষণ কৰাত সহায় কৰে। ইয়াৰোপৰি ফোনটো পোনে পোনে ফেনৰ বতাহৰ তলত শুকুৱাব দিব।
কি কৰিব নালাগে
এই সময়খিনিত আপুনি ফোনটো চাৰ্জত নলগাব। ইয়াৰ ফলত শ্বৰ্ট চাৰ্কিট হ’ব পাৰে। এনে কৰিলে আৰু ভিতৰলৈ পানী সোমাই যাব পাৰে। গৰম বতাহে ফোনৰ চাৰ্কিটৰ ক্ষতি কৰিব পাৰে।
কেনেকৈ জানিব ভাল হোৱা বুলি
আপুনি ২৪ ঘন্টা বা ৪৮ ঘন্টা পাছত ফোনটো অন কৰি চাব পাৰে। যদি ডিছপ্লে, চাউণ্ড, কেমেৰা, চাৰ্জিং আদি ঠিকমতে কাম কৰি আছে তেন্তে ফোনটো ভালে আছে। যদি ফোনটো অন নহয় বা স্ক্ৰীণ ক’লা হয় তেন্তে চাৰ্ভিচ চেণ্টাৰলৈ যাওক।
অন্য খবৰ পঢ়কঃ ফেচবুকৰ পৰা আঁতৰাই পেলোৱা হ’ব Like আৰু Comment বুটাম! জানক সকলো…