পাকিস্তানৰ ড্ৰোন আৰু মিছাইল ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে, জানি লওক ভাৰতৰ এই শক্তিৰ বিষয়ে
ইতিমধ্যে ভাৰতে নিজৰ সীমান্তত ৰাছিয়াৰ পৰা লাভ কৰা অত্যাধুনিক এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম নিয়োগ কৰিছে । পাকিস্তানৰ পৰা আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে এছ-৪০০ ব্যৱস্থাটো সক্ৰিয় হৈ পৰে আৰু ইয়াৰ জৰিয়তে শত্ৰুৰ ক্ষেপণাস্ত্ৰবোৰ মাজভাগত ধ্বংস কৰা হয় । ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক চক্ৰৰ পৰা অনুপ্ৰাণিত এই ব্যৱস্থাটোক ভাৰতে ‘সুদৰ্শন’ নাম দিছে ।

ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ পিছত পাকিস্তানত আতংকৰ সৃষ্টি হৈছে । আতংকিত পাকিস্তানে ভাৰতৰ ১৫ খন চহৰক লক্ষ্য কৰি লোৱাৰ চেষ্টা চলাইছিল । পাকিস্তানে কেইবাটাও ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰিছিল যদিও ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই পৰিকল্পনা বিফল কৰি তোলে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত দিনৰ ২:৩০ বজাত তথ্য প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।
ইতিমধ্যে ভাৰতে নিজৰ সীমান্তত ৰাছিয়াৰ পৰা লাভ কৰা অত্যাধুনিক এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম নিয়োগ কৰিছে । পাকিস্তানৰ পৰা আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে এছ-৪০০ ব্যৱস্থাটো সক্ৰিয় হৈ পৰে আৰু ইয়াৰ জৰিয়তে শত্ৰুৰ ক্ষেপণাস্ত্ৰবোৰ মাজভাগত ধ্বংস কৰা হয় । ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক চক্ৰৰ পৰা অনুপ্ৰাণিত এই ব্যৱস্থাটোক ভাৰতে ‘সুদৰ্শন’ নাম দিছে ।
S-400 মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা কি?
এছ-৪০০ হৈছে ৰাছিয়াৰ আলমাজ চেণ্ট্ৰেল ডিজাইন ব্যুৰোৰ দ্বাৰা নিৰ্মিত এক অত্যাধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা । ইয়াৰ বিশেষত্ব হ’ল ই ৪০০ কিলোমিটাৰ দূৰত্বৰ পৰা শত্ৰুৰ কাৰ্যকলাপ ধৰা পেলাব পাৰে আৰু প্ৰতিহত আক্ৰমণ কৰিবলৈ সক্ষম । মিছাইল, ড্ৰোন, যুঁজাৰু বিমান আৰু ৰকেট লঞ্চাৰৰ দৰে বিমান আক্ৰমণ ৰোধ কৰাত এই ব্যৱস্থা ফলপ্ৰসূ । এইটো এটা ভ্ৰাম্যমান ব্যৱস্থা, অৰ্থাৎ ইয়াক পথৰ জৰিয়তে যিকোনো ঠাইলৈ পৰিবহণ কৰিব পাৰি আৰু মাত্ৰ ৫ৰ পৰা ১০ মিনিটতে ইয়াক কামৰ বাবে সাজু কৰি তুলিব পাৰি ।
S-400 ৰ বৈশিষ্ট্য
এই ব্যৱস্থাই ৪০০ কিলোমিটাৰ পৰ্যন্ত লক্ষ্য ধৰা পেলাব পাৰে আৰু ধ্বংস কৰিব পাৰে । ইয়াত 92N6E নামৰ ৰাডাৰ সংস্থাপন কৰা হৈছে, যিয়ে ৬০০ কিলোমিটাৰ দূৰত্বলৈকে একাধিক লক্ষ্য চিনাক্ত কৰিব পাৰে । ই একেলগে ১৬০ টা টাৰ্গেট ট্ৰেক কৰিব পাৰে আৰু এটা টাৰ্গেটত দুটা মিছাইল নিক্ষেপ কৰিব পাৰে । ইয়াৰ উপৰিও ৩০ কিলোমিটাৰ উচ্চতালৈকে উৰি থকা শত্ৰুৰ বিমান আদিকো লক্ষ্য কৰি ল’ব পাৰে ।
ভাৰতে ২০১৮ চনত ৰাছিয়াৰ পৰা ৫টা এছ-৪০০ ইউনিট ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছিল । ই এনে এক ব্যৱস্থা যাৰ বাবে আমেৰিকাই তুৰ্কিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল । ভাৰত-ৰাছিয়াৰ এই চুক্তিত আমেৰিকায়ো আপত্তি কৰিছিল যদিও ভাৰতে নিজৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিছিল ।