Flipkart Black Friday Sale: কম দামত পছন্দৰ সামগ্ৰী ক্ৰয়ৰ সুৱৰ্ণ সুযোগ, এই দিনটোৰ পৰা ফ্লিপকাৰ্টে দিব ব্যাপক ৰেহাই
আপোনাৰ হাতলৈ ফ্লিপকাৰ্টে আনিছে ধন ৰাহি কৰি পছন্দৰ সামগ্ৰী ক্ৰয়ৰ এক সুৱৰ্ণ সুযোগ। ই-কমাৰ্চ প্লেটফৰ্মটোৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ব্লেক ফ্ৰাইডে চেলৰ তাৰিখ। কেতিয়াৰ পৰা এই বিশেষ বিক্ৰী আৰম্ভ হ’ব, চাওক।
হাতত লৈ থকা মোবাইলটো সলনি কৰি নতুন এটা মোবাইল ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? বা অফিচৰ কামত সহায় হোৱাকৈ এটা নতুন লেপটপ ক্ৰয়ৰ কথা ভাবিছে নেকি? আৰু মাত্ৰ কেইটামান ঘণ্টা অপেক্ষা কৰক। কম দামতে আপুনি ক্ৰয় কৰিব পাৰিব পছন্দৰ মোবাইল বা লেপটপটো। কিয়নো আপোনাৰ হাতলৈ ফ্লিপকাৰ্টে আনিছে ধন ৰাহি কৰি পছন্দৰ সামগ্ৰী ক্ৰয়ৰ এক সুৱৰ্ণ সুযোগ। ই-কমাৰ্চ প্লেটফৰ্মটোৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ব্লেক ফ্ৰাইডে চেলৰ তাৰিখ।
এইবাৰ কোম্পানীটোৱে ‘বেগ দ্য বিগেষ্ট ডিলছ’ টেগলাইনৰ সৈতে উল্লেখনীয় ৰেহাই আগবঢ়াবলৈ সাজু হৈছে। স্মাৰ্টফোন, লেপটপ, টিভি, ৱাশ্বিং মেচিন আৰু ঘৰুৱা সঁজুলিৰ পৰা আৰম্ভ কৰি বিভিন্ন শিতানত বহু পৰিমাণে হ্ৰাস কৰা হ’ব মূল্য। ফ্লিপকাৰ্টৰ পিছত আমাজনেও অতি সোনকালে ঘোষণা কৰিব পাৰে ব্লেক ফ্ৰাইডে চেল।
ফ্লিপকাৰ্ট ব্লেক ফ্ৰাইডে চেল ২০২৫ কেতিয়া আৰম্ভ হ’ব?
অহা ২৩ নৱেম্বৰৰ পৰা ব্লেক ফ্ৰাইডে চেল ২০২৫ আৰম্ভ হ’ব বুলি ফ্লিপকাৰ্টে নিশ্চিত কৰিছে। এই বিক্ৰীৰ বাবে কোম্পানীয়ে এটা নিৰ্দিষ্ট মাইক্ৰ’ছাইট মুকলি কৰিছে, ইয়াত বিভিন্ন সামগ্ৰীৰ ওপৰত দিবলগা ৰেহাইৰ তথ্য প্ৰদৰ্শন কৰা হৈছে। বিগত দীপাৱলীৰ পিছত এয়া হ’ব ফ্লিপকাৰ্টৰ প্ৰথমটো ডাঙৰ চেল, সেয়ে প্লেটফৰ্মটোৰ পৰা বজাৰ কৰা লোকসকলৰ বাবে এয়া হ’ব এক উত্তম সুযোগ।
স্মাৰ্টফোন, লেপটপসহ ইলেক্ট্ৰনিক্সত ডাঙৰ ৰেহাই
এইবাৰ ফ্লিপকাৰ্টে স্মাৰ্টফোন, স্মাৰ্টৱাচ, টিভি, হোম থিয়েটাৰ, ৱাশ্বিং মেচিন, পিচি, লেপটপ, প্ৰিণ্টাৰ, এচি, ফ্ৰীজৰ দৰে ইলেক্ট্ৰনিক সামগ্ৰীত যথেষ্ট ৰেহাই আগবঢ়াইছে। চেমচাং আৰু এল জিৰ দৰে ব্ৰেণ্ডৰ সামগ্ৰীও কম মূল্যত উপলব্ধ হ’ব। বিশেষ পোষ্টাৰত Asus Chromebook ৰ উপস্থিতয়ে নিশ্চিতভাৱে এই মডেলতো আকৰ্ষণীয় ৰেহাইৰ ইঙ্গিত দিছে।
লাভ কৰিব EMIৰ সুবিধা
ব্যৱহাৰকাৰীয়ে UPI, ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব। ইয়াৰ উপৰিও তেওঁলোকে EMIৰ সুবিধাও লাভ কৰিব, যাৰ ফলত হাতত সম্পূৰ্ণ বাজেট নাথাকিলেও পছন্দৰ সামগ্ৰী এই ৰেহাইৰ সময়তে ক্ৰয় কৰিব পাৰিব। অৱশ্যে পাৰ্টনাৰ বেংকৰ অফাৰৰ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
আমাজনৰ সৈতে প্ৰতিযোগিতা!
ফ্লিপকাৰ্টে ব্লেক ফ্ৰাইডে চেক ২০২৫ৰ তাৰিখ ঘোষণা কৰাৰ পিছত এতিয়া আমাজনেও অতি সোনকালে ব্লেক ফ্ৰাইডে চেলৰ তাৰিখ ঘোষণা কৰিব বুলি আশা কৰা হৈছে। প্ৰতি বছৰে এই দুটা ই-কমাৰ্চ প্লেটফৰ্মে গ্ৰাহকক আকৰ্ষণৰ বাবে তীব্ৰ প্ৰতিযোগিতাত নামে। এইবাৰো নিশ্চিতভাৱে তেনে এক পৰিস্থিতিৰে সম্ভাৱনা আছে।