চীনৰ ওপৰত দৰদ! ফেচবুক, ইনষ্টা, হোৱাটছএপকে ধৰি ২৬ টা এপ নিষিদ্ধ, উপলব্ধ থাকিব টিকটক…
শেহতীয়াকৈ এখন চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। নিষিদ্ধ হ'ব ফেচবুক, এক্স, হোৱাটছএপ আদিৰ লগতে ২৬ টা এপ। ইয়াৰ বিপৰীতে উপলব্ধ থাকিব টিকটক।

আজিকালি মানুহৰ মাজত সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে। শিশুৰ পৰা বৃদ্ধলৈকে বহু লোক সামাজিক মাধ্যমৰ আসক্তিত পৰিছে। পুৱাৰ পৰা নিশা হোৱালৈকে বিভিন্নজনে ফেচবুক, এক্স, ইউটিউব আদিত ব্যস্ত হৈ থকা দেখা যায়। কিন্তু শেহতীয়াকৈ এখন দেশৰ চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। সেই সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা দেশখনৰ কোনোৱে ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ এপ। ইয়াৰ বিপৰীতে উপলব্ধ থাকিব চীনা এপ টিকটক।
শেহতীয়াকৈ নেপাল চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই বহুতৰে দৃষ্টি কাঢ়িছে। এই সিদ্ধান্ত অনুসৰি দেশখনত ফেচবুক, এক্স, ইনষ্টাগ্ৰাম, হোৱাটছএপ আদিকে ধৰি মুঠ ২৬টা এপ নিষিদ্ধ কৰা হৈছে। বৃহস্পতিবাৰ (৪ ছেপ্টেম্বৰ)য়ে চৰকাৰ কয় যে, ফেচবুক, এক্স, ইউটিউবকে ধৰি অধিকাংশ ডাঙৰ ডাঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম কোম্পানীসমূহে আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰিবলৈ প্ৰয়োজনীয় চৰ্তসমূহ মানি চলা নাই। যাৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
যোগাযোগ আৰু তথ্য মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে কয় যে নেপালত বহুলভাৱে ব্যৱহৃত ২০টাতকৈ অধিক প্লেটফৰ্মক পঞ্জীয়ন কৰিবলৈ বাৰে বাৰে জাননী দি থকা হৈছিল। কিন্তু তেওঁলোকে কোনো সঁহাৰি প্ৰদান নকৰিলে। যাৰ বাবে এই প্লেটফৰ্মসমূহ তৎক্ষণাত বন্ধ কৰি দিয়া হ’ব।
টিকটক উপলব্ধ
ইয়াৰ বিপৰীতে চৰকাৰত পঞ্জীয়ন কৰাৰ বাবে টিকটক, ভাইবাৰ আৰু আন তিনিটা প্লেটফৰ্ম নেপালত চলি থাকিব। চৰকাৰৰ মতে, এই কোম্পানীসমূহে চৰকাৰৰ চৰ্তৰ ওপৰত কাম কৰিছে।
তালিকাত কি কি আছে
নেপাল চৰকাৰে ২৬ টাকৈ এপ নিষিদ্ধ কৰিছে। এই কেইটা হ’ল- ফেচবুক, ফেচবুক মেছেঞ্জাৰ, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছ এপ, এক্স, লিংকডিন, স্নেপছেট, ৰেডিট, ডিছকৰ্ড, পিনটেৰেষ্ট, চিগনেল, থ্ৰেডছ, উইচেট, কিউৰা, টুমবিৰ, ক্লাবহাউচ,মাষ্টোডোন, ৰাম্বল, মিউই, ভিকে, লাইন, আই এম অ, জোলো, চোউল,হামৰো পাত্ৰো।
চৰকাৰী পদক্ষেপৰ বিৰোধিতা
জানিব পৰা মতে, নেপাল চৰকাৰে দীৰ্ঘদিন ধৰি এই কোম্পানীসমূহৰ ওপৰত তেওঁলোকৰ দেশৰ ভিতৰত যোগাযোগ কাৰ্যালয় বা কন্টাক্ট চেণ্টাৰ স্থাপনৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। শেহতীয়াকৈ সংসদত এখন বিধেয়ক উত্থাপন কৰা হৈছে, য’ত ছ’চিয়েল মিডিয়া পৰিচালনা, দায়বদ্ধ আৰু জবাবদিহি হ’ব লাগে বুলি গুৰুত্ব আৰোপ কৰা হৈছে।
এই বিধেয়কখনৰ ওপৰত সঠিকভাৱে আলোচনা নহ’ল। যাৰ বিৰোধিতা কৰিছে মানৱ অধিকাৰ সংগঠনসমূহে। তেওঁলোকে যুক্তি দিছে যে মতানৈক্যক চেঞ্চৰ কৰিবলৈ আৰু অনলাইন প্ৰতিবাদক শাস্তি প্ৰদান কৰিবলৈ এয়া কৰা হৈছে। তেওঁলোকৰ মতে, ই মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰতি ভাবুকি আৰু মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিব পাৰে। অৱশ্যে এতিয়ালৈকে মেটা বা আন কোম্পানীসমূহে ইয়াৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই।
অন্য খবৰ পঢ়কঃ তিনিচুকীয়াৰ প্ৰতিবাদৰ পৰা ট্ৰাম্পৰ নতুন মন্তব্যলৈ, কেইটামান গুৰুত্বপূৰ্ণ খবৰ…