শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তিনিচুকীয়াৰ প্ৰতিবাদৰ পৰা ট্ৰাম্পৰ নতুন মন্তব্যলৈ, কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

তিনিচুকীয়াত নিশা একাংশই জোঁৰ সমদল উলিয়ায়। জনজাতিকৰণৰ দাবীৰে শ শ মানুহে এই প্ৰতিবাদী কাৰ্যসূচী দাবী কৰে। এই সময়চোৱাত তেওঁলোকে চৰকাৰক বিভিন্ন দাবী জনায়।

তিনিচুকীয়াৰ প্ৰতিবাদৰ পৰা ট্ৰাম্পৰ নতুন মন্তব্যলৈ, কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ মুখ্য খবৰ
barasha-sarma
Barasha Sarma | Updated On: 05 Sep 2025 08:42 AM

আজি ৫ ছেপ্টেম্বৰ। ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰতিদিনে বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হয়।  কিছু প্ৰতিটো দিশৰ বাবে খবৰ ৰখা সহজ নহয়। গতিকে এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল, যিয়ে আপোনাক ৰাজ্য, দেশ বা বিশ্বত চলি থকাৰ ঘটনাৰ বিষয়ে ধাৰণা দিব। তলত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

  1. আজি শিক্ষক দিৱস। ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মতিথি উপলক্ষে এই শিক্ষক দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, মহাবিদ্যালয় আদিত শিক্ষক দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।
  2. জালুকবাৰী আৰক্ষীৰ জালত কুকুৰ চোৰৰ এটা গেং। মহানগৰীৰ ভিন্ন প্ৰান্তত অভিযান চলাই গ্ৰেপ্তাৰ কৰে গেঙটোক। নিশা হ’লেই কুকুৰ চুৰি কৰি বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ।
  3. জনজাতিকৰণৰ দাবীৰে বৃহস্পতিবাৰে নিশা তিনিচুকীয়াত বিশাল জোঁৰ সমদল। কাকপথাৰত শ শ প্ৰতিবাদকাৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে,মৰাণ জনজাতি হৈছে আদিম ভূমিপুত্ৰ জনজাতি।‌ গতিকে অতিশীঘ্ৰে জনজাতিকৰণ,ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত প্ৰদান কৰিব লাগে।
  4. বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি। কমলপুৰ সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে ভিৰ কৰে ৰাজীৱ ভৱনত। জানিব পৰা মতে, সদ্য অগপ ত্যাগী সত্যব্ৰত কলিতাই কংগ্ৰেছ যোগদান কৰিব বুলি খবৰ লাভ কৰাৰ পাছতেই কংগ্ৰেছ কৰ্মীসকল ৰাজীৱ ভৱনলৈ আহে। য’ত বাক-বিকণ্ডা, হতাহতি পৰ্যন্ত হয়।
  5. শেহতীয়াকৈ জি এছ টি পৰিষদৰ বৈঠকত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। কিছুমান বস্তুত জি এছ টি হ্ৰাস পোৱাৰ বিপৰীতে কিছুমানত বৃদ্ধি কৰা হৈছে। চিগাৰেট বা ধঁপাতজাতীয় সামগ্ৰীত জি এন ছি ৪০ শতাংশ পৰ্যন্ত কৰা হৈছে।
  6. যুদ্ধ অন্ত পেলোৱাৰ ক্ষেত্ৰত ইউক্ৰেইনে বিশ্বাস প্ৰদৰ্শন কৰিছে ভাৰতৰ ওপৰত। শেহতীয়াকৈ ইউক্ৰেইন আৰু ভাৰতৰ বৈদিশক পৰিক্ৰমা মন্ত্ৰীৰ মাজত আলোচনা হয়। তাৰ পাছতে ইউক্ৰেইনৰ মন্ত্ৰীগৰাকীয়ে কয় যে,আমি যুদ্ধৰ পূৰ্ণসমাপ্ত আৰু ব্যাপক আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰচেষ্টাৰ সমৰ্থনত ভাৰতৰ কৰ্তৃত্বশীল কণ্ঠ আৰু সক্ৰিয় ভূমিকাক বিশ্বাস কৰো।
  7. শুল্ক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰা নিৰ্ণায়ক সিদ্ধান্তৰ আহ্বান জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে, আমেৰিকাই বিভিন্ন দেশৰ আমদানিৰ ওপৰত শুল্ক আৰোপ নকৰিলে আমেৰিকা‘অৰ্থনৈতিক ধ্বংসৰ সীমা’ত উপনীত হ’লহেঁতেন। উল্লেখ্য যে, কিছুদিন পূৰ্বে শুল্ক জৰুৰীকালীন ক্ষমতা আইনখনৰ অবৈধ ব্যৱহাৰ বুলি আপীল আদালতে ৰায় দিছিল।
  8. প্ৰবীণ ড্ৰেগ ফ্লিকাৰ হৰমনপ্ৰীত সিঙক হকী ইণ্ডিয়াই অভিনন্দন জনায়। উল্লেখ্য যে, তেওঁ ভাৰত আৰু মালয়েছিয়াৰ মাজত অনুষ্ঠিত ছুপাৰ ৪ মেচৰ পাছতে ২৫০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ সম্পূৰ্ণ কৰে।

 

অন্য খবৰ পঢ়কঃ Teachers’ day 2025: আজি শিক্ষক দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…