শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাত্ৰ ১৫ ছেকেণ্ডৰ ভিতৰত ধ্বংস হ’ব পাৰে সকলো! ইলন মাস্কৰ AI ৰ বৈশিষ্ট্য শুনি চকু কপালত উঠিব আপোনাৰ…

বৰ্তমান AI ৰ সময়! ইয়াৰ মাজতে ইলন মাস্কে এ আইৰ ক্ষেত্ৰত নতুন খলকনিৰ সৃষ্টি কৰিবলৈ আগবাঢ়িছে। ইলন মাস্কে গ্ৰকত Spicy Mode বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰিছে। যিয়ে সমস্যাৰ সৃষ্টি কৰিবও পাৰে।

মাত্ৰ ১৫ ছেকেণ্ডৰ ভিতৰত ধ্বংস হ’ব পাৰে সকলো! ইলন মাস্কৰ AI ৰ বৈশিষ্ট্য শুনি চকু কপালত উঠিব আপোনাৰ…
গ্ৰকImage Credit source: Grok/X
barasha-sarma
Barasha Sarma | Updated On: 07 Aug 2025 11:14 AM

ইলন মাস্কৰ Grok AI এতিয়া বজাৰ দখল কৰাৰ বাবে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ গ্ৰক এআইয়ে এটা স্পাইছি মোড অন্তৰ্ভুক্ত কৰিছে। যিয়ে অতি শীঘ্ৰেই সামাজিক মাধ্যমত এক ডাঙৰ হাহাকাৰৰ সৃষ্টি কৰিব পাৰে। কিয়নো এই নতুন মোডটোত ব্যৱহাৰকাৰীৰ পৰা লাভ কৰা টেক্সট প্ৰমপ্টৰ পৰা প্ৰাপ্তবয়স্ক থিম ভিডিঅ’ সৃষ্টি হয়। এই নতুন ব্যৱস্থাটোৱে জেনেৰেটিভ এআইৰ সীমাবদ্ধতাক যে অতিক্ৰম কৰিছে সেয়া নিশ্চিত। কিন্তু ফিচাৰ বা বৈশিষ্ট অহাৰ লগে লগে মডাৰেচন আৰু অপব্যৱহাৰৰ উদ্বেগো বৃদ্ধি পাব।

কাৰ বাবে উপলব্ধ

ইলন মাস্কৰ xAI এ Grok Imagine ত এটা নতুন Spicy Mode বৈশিষ্ট্য সংযোজন কৰিছে। এই বৈশিষ্ট্যটো X (টুইটাৰ) ৰ iOS এপত Premium plus আৰু SuperGrok চাবষ্ক্ৰাইবাৰৰ বাবে উপলব্ধ। এতিয়া এই নতুন ফিচাৰে হাহাকাৰৰ সৃষ্টি কৰিছে। কিয়নো ই প্ৰাপ্তবয়স্ক অৰ্থাত এডাল্ট বিষয়বস্তু প্ৰস্তুত কৰে। এই ফিচাৰ ব্যৱহাৰ কৰিবলৈ ছুপাৰগ্ৰুক ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে ৭০০ টকা কোম্পানীক দিব লাগে।

স্পাইচি মোড কি?

Spicy Mode য়ে বল্ড কনষ্টেন্ট বা প্ৰাপ্তবয়স্ক বিষবস্তু তৈয়াৰ কৰিবলৈ ব্যৱহাৰকাৰীক সুবিধা প্ৰদান কৰে। কেৱল মাত্ৰ টেক্সট প্ৰমপ্ট দি এই ফিচাৰৰ সহায়ত মাত্ৰ ১৫ ছেকেণ্ডৰ এটা ভিডিঅ’ প্ৰস্তুত কৰিব পাৰে। য’ত প্ৰাপ্তবয়স্ক ভিজুৱেল আৰু অডিঅ’ অন্তৰ্ভু্ক্ত আছে। অৱশ্যে এই ফিচাৰে কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। তথাপি এই ফিচাৰে কিছুমান এনে দৃশ্য সৃষ্টি কৰিব পাৰে যিয়ে আনকি কোম্পানীয়ে স্থাপন কৰা ফিল্টাৰবোৰকো অতিক্ৰম কৰিব পাৰে।

xAI ৰ কৰ্মচাৰী Mati Roy য়ে কিছু সময় পূৰ্বে X (Twitter) ত পোষ্ট কৰি এই বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰে। তেওঁ কৈছে যে, এই ফিচাৰে নগ্নতা কন্টেন্ট সৃষ্টি কৰিব পাৰে। কিন্তু পাছত তেওঁ এই পোষ্টটো আঁতৰাই দিয়ে। কিন্তু এতিয়া এই পোষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই টুলটোক প্ৰথমে এটা প্ৰমপ্ট দিব লাগে আৰু পাছত ই কেইছেকেণ্ডমানৰ ভিতৰতে একাধিক ফটো সৃষ্টি কৰিব পাৰে। এই ফটোবোৰে এনিমেটেড ভিডিঅ’লৈ ৰূপান্তৰ কৰিব পাৰে। তিৱ্তু এতিয়া Uncanny Valley এফেক্ট দেখা যায়, যাতে মানুহৰ মুখবোৰ কাৰ্টুনৰ দৰে দেখা যায়।

উল্লেখ্য যে, এই  ব্যৱস্থাই যথেষ্ঠ সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিয়নো ইয়াৰ সহায়ত মানুহে অতি সহজে প্ৰাপ্তবয়স্ক ভিডিঅ’ প্ৰস্তুত কৰিব পাৰিব। আনকি ইয়াক বহুতে অপব্যৱহাৰ কৰিবও পাৰে।

 

অন্য খবৰ পঢ়কঃ চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড, কাৰণ…