চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড, কাৰণ…
আজিকালি মানুহে বেছিভাগ টকাৰ লেনদেন অনলাইনৰ জৰিয়তে কৰে। কিন্তু ইয়াৰ সমান্তৰালকৈ প্ৰৱঞ্চনা বৃদ্ধি হোৱাও দেখা যায়। শেহতীয়াকৈ দূৰসংযোগ বিভাগে ৪ লাখ চিমকাৰ্ড ব্লক কৰিছে।

যিমানেই সকলো ডিজিটেল হৈ গৈ আছে সিমানেই প্ৰৱঞ্চনাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। একাংশ দুষ্ট চক্ৰই ক’ত, কেনেকৈ জাল পেলাই থয় সেয়া বুজা টান। বিশ্বৰ লগতে ভাৰততো বিগত সময়চোৱাত প্ৰৱঞ্চনা বৃদ্ধি পাইছে। এনে প্ৰৱঞ্চনাৰ ঘটনা ৰোধ কৰিবলৈ দূৰসংযোগ বিভাগে প্ৰায় ৩ৰ পৰা ৪ লাখ চিম কাৰ্ড ব্লক কৰিছে। জানিব পৰা মতে, এই চিম কাৰ্ডবোৰ জালিয়াতিৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
অনলাইন প্ৰৱঞ্চনা ৰোধ কৰিবলৈ ভাৰত চৰকাৰ কঠোৰ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰায় ৪লাখ চিম কাৰ্ড ব্লক কৰে। এনেবোৰ কাৰণৰ বাবে চিম কাৰ্ড প্ৰদান কৰাৰ নিয়ম কটকটীয়া কৰি তুলিছে, লগতে প্ৰৱঞ্চক চিনাক্তকৰণ আৰু নিৰীক্ষণৰ বাবে চোৱাচিতা ব্যৱস্থাও কাৰ্যকৰী কৰা হৈছে।
২০২৫ চনৰ মে’ মাহত প্ৰকাশ পোৱা ফাইনেন্সিয়েল ৰিস্ক ইনডিকেটৰৰ তথ্য অনুসৰি, প্ৰতিদিনে বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত ২ হাজাৰ চিম কাৰ্ড ধৰা পৰিছে। প্ৰৱঞ্চনা ধৰা পেলাই ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আৰু চিম কাৰ্ড চিনাক্ত কৰিবলৈ এআই ভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।
UPI ৰ প্ৰৱৰ্তনৰ ফলত এতিয়া লেনদেন সহজ হৈ পৰিছে। মানুহে শাক-পাচলি ক্ৰয়ৰ পৰা আৰম্ভ কৰি লাখ লাখ টকাৰ লেনদেন কৰাৰ ক্ষেত্ৰত এই সেৱা ব্যৱহাৰ কৰি আহিছে। ইউ পি আইয়ে ধন আদান প্ৰদান কৰিবলৈ অতি সহজ কিন্তু ইয়াৰ সমান্তৰলাকৈ প্ৰৱঞ্চনাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। একাংশ প্ৰৱঞ্চকে ইয়াক ব্যৱহাৰ কৰি মানুহৰ পৰা ধন আদায় কৰে। যাৰ বাবে ভাৰতৰ সকলো বেংকক ইতিমধ্যে তেওঁলোকৰ ব্যৱস্থাত চিষ্টেমতফাইনেন্সিয়েল ৰিস্ক ইনডিকেটৰ স্থাপন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই ব্যৱস্থাই মোবাইল নম্বৰ চিনাক্ত সেই নম্বৰটোত লো, মিডিয়াম আৰু হাইৰিক্স কেটেগৰীত ৰাখে।
ফাইনেন্সিয়েল ৰিস্ক ইনডিকেটৰে কি সহায় কৰিছে
ইটিৰ প্ৰতিবেদন ফাইনেন্সিয়েল ৰিস্ক ইনডিকেটৰে প্ৰৱঞ্চনামূলক একাউণ্টৰ ওপৰত ব্যৱস্থা লোৱাত সহায় কৰে। ইয়াৰ ফলত প্ৰৱঞ্চনা ৰোধ কৰিবলৈ কম সময়ৰ প্ৰয়োজন হয়। ইয়াক ব্যৱহাৰ কৰি বিত্তীয় প্ৰতিষ্ঠান আৰু বেংকসমূহে প্ৰৱঞ্চনামূলক লেনদেন ৰোধ কৰিবলৈ সক্ষম হয়। টেলিকম কোম্পানীসমূহেও নিজৰ নেটৱৰ্ক স্তৰত নিৰাপত্তা বৃদ্ধি কৰিছে যাতে মানুহক প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত কৰিব পৰা যায়।
সাৱধানতা
- কোনো সন্দেহজনক লিংকত ক্লিক নকৰিব
- অজ্ঞাত কল আৰু মেছেজ এৰাই চলক।
- মাত্ৰ অফিচিয়েল এপ ব্যৱহাৰ কৰক।
অন্য খবৰ পঢ়কঃ গাড়ীত AC লগাই শুই যোৱাৰ অভ্যাস আছে নেকি? সাৱধান, হ’ব পাৰে ডাঙৰ বিপদ…