শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজগীৰৰ পিছত হাংঝৌতো ভাৰতীয় হকীৰ জয়জয়কাৰঃ গ’লৰ লহৰ তুলি ছিংগাপুৰক বিধ্বস্ত কৰিলে ভাৰতে

পুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান। দুয়ো ছিংগাপুৰৰ ৰক্ষণ বিভাগক থকাসৰকা কৰি তুলি হেট্ৰিক অৰ্জন কৰে।

ৰাজগীৰৰ পিছত হাংঝৌতো ভাৰতীয় হকীৰ জয়জয়কাৰঃ গ’লৰ লহৰ তুলি ছিংগাপুৰক বিধ্বস্ত কৰিলে ভাৰতে
ভাৰতীয় মহিলা হকী দলৰ দুৰন্ত প্ৰদৰ্শনImage Credit source: Hockey India
monjit-dutta
Monjit Dutta | Published: 08 Sep 2025 15:31 PM

ক্ৰীড়া বিশ্বত অব্যাহত আছে ভাৰতীয় হকীৰ জয়জয়কাৰ ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক গৌৰৱান্বিত কৰি দেওবাৰে বিহাৰৰ ৰাজগীৰত এছিয়া কাপৰ খিতাপ তুলি লৈছিল ভাৰতে ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক লত পৰাস্ত কৰি ভাৰতীয় দলে সুদীৰ্ঘ বছৰৰ মূৰত পুৰুষ হকী এছিয়া কাপ ২০২৫ৰ খিতাপ জয় কৰে বিহাৰৰ ৰাজগীৰত ভাৰতীয় পুৰুষ দলৰ এই অনন্য সফলতাৰ পিছত এতিয়া চীনৰ হাংঝৌত জয়ৰ ধ্বজা উত্তোলন কৰিছে ভাৰতীয় মহিলা হকী দলে

হাংঝৌত চলি থকা মহিলা হকী এছিয়া কাপ ২০২৫ত নিজৰ পুল মেচত কালি ভাৰতে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি ছিংগাপুৰক বিধ্বস্ত কৰি তোলে প্ৰথমৰ পৰাই আগ্ৰাসী খেল প্ৰদৰ্শনেৰে ভাৰতীয় দলে তোলে লৰ বন্যা আৰু প্ৰতিপক্ষ ছিংগাপুৰক ১২-০ গ’লত বৃহৎ ব্যৱধানত পৰাস্ত কৰে

পুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান দুয়ো ছিংগাপুৰৰ ৰক্ষণ বিভাগক থকাসৰকা কৰি তুলি হেট্ৰিক অৰ্জন কৰে। উল্লেখ্য যে প্ৰতিযোগিতাৰ প্ৰথমখন মেচতো ভাৰতে দাঙি ধৰি এনে আগ্ৰাসী প্ৰদৰ্শন

থাইলেণ্ডক ১১-০ গ’লত পৰাস্ত কৰি শক্তিশালী ৰূপত প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিছিল ভাৰতীয় হকী দলে অৱশ্যে দ্বিতীয়খন মেচত ডিফেণ্ডিং চেম্পিয়ন জাপানৰ সৈতে ২-২ গ’লৰ ব্যৱধানত ড্র খেলিবলৈ বাধ্য হৈছিল এতিয়া ভাৰতে পুল বিৰ শীৰ্ষ দল ৰূপে ছুপাৰ পৰ্যায়লৈ উন্নীত হৈছে

এই প্ৰতিযোগিতাত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে আৰু এই আঠটা দলক চাৰিটাকৈ দুটা পুলত ভাগ কৰা হৈছে প্ৰতিটো পুলৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ ৪ছ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব। ছুপাৰ ৪ৰ শীৰ্ষ দুটা দলে অহা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ পথ প্ৰশস্ত কৰিব।

উল্লেখ্য যে এই প্ৰতিযোগিতাত বিজয়ী দলে বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ মহিলা বিশ্বকাপৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব ইতিমধ্যে পুৰুষ হকী এছিয়া কাপ জয়ৰ সূত্ৰে ভাৰতীয় পুৰুষ দলটোৱে পুৰুষ হকী বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে