শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Asia Cup 2025: হাৰ্দিক পাণ্ডিয়াৰ ঘড়ীৰ দাম কিমান জানেনে? পাকিস্তানৰ ১৭গৰাকী খেলুৱৈৰ বাৰ্ষিক দৰমহাতকৈ বেছি…

ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া। এইগৰাকী খেলুৱৈৰ লাইফ ষ্টাইলৰ প্ৰতি বহুতে আকৰ্ষিত। পিছে আপুনি জানেনে এই খেলুৱৈজনৰ ঘড়ীটোৰ দাম কিমান?

Asia Cup 2025: হাৰ্দিক পাণ্ডিয়াৰ ঘড়ীৰ দাম কিমান জানেনে? পাকিস্তানৰ ১৭গৰাকী খেলুৱৈৰ বাৰ্ষিক দৰমহাতকৈ বেছি…
Hardik Pandya Watch 1Image Credit source: PTI/X
barasha-sarma
Barasha Sarma | Published: 07 Sep 2025 23:00 PM

মাজত মাত্ৰ এটা দিন বাকী। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। কিন্তু ইয়াৰ পূৰ্বে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ জনপ্ৰিয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ ঘড়ী। কিয়নো হাৰ্দিকৰ এই ঘড়ীটো ইমানেই দামী যে, এছিয়া কাপৰ বাবে পাকিস্তানৰ নিৰ্বাচিত ১৭ জন খেলুৱৈৰ বছৰৰ দৰমহাও কম। এক কথাত ক’বলৈ হ’লে, পাকিস্তানী ক্ৰিকেট দলটোৰ ১৭ জন খেলুৱৈৰ বছৰৰ দৰমহাতকৈ হাৰ্দিকৰ ঘড়ীৰ দাম বেছি। এই ঘড়ীটো পিন্ধি হাৰ্দিকে ডুবাইত অনুশীলন কৰাৰ সময়তে সকলোৰে দৃষ্টি কাঢ়িছিল।

গতিকে প্ৰশ্ন হয়, হাৰ্দিক পাণ্ডিয়াৰ ঘড়ীটোৰ দাম কিমান? এছিয়া কাপৰ বাবে নিৰ্বাচিত হোৱা পাকিস্তানী খেলুৱৈসকলৰ বাৰ্ষিক দৰমহা কিমান?  সঁচাকৈ ইমান দামী নে? ইয়াৰ বাবে প্ৰথমে জানো আহক পাকিস্তানী খেলুৱৈৰ দৰমহা কিমান।

পাকিস্তানী খেলুৱৈৰ দৰমহা

এছিয়া কাপৰ বাবে পাকিস্তানে নিৰ্বাচিত কৰা ১৭ জন খেলুৱৈৰ ভিতৰত ৭ জন বি গ্ৰেডত (B grade) আছে। এই তালিকাত থকা খেলুৱৈসকল হ’ল- আব্ৰাৰ আহমেদ, ফখৰ জামান, হৰিশ ৰাউফ, হাছান আলী, ছেম আয়ুব, ছলমান আঘা আৰু শ্বাহীন আফ্ৰিদি। এইসকল খেলুৱৈৰ বাৰ্ষিক দৰমহা ভাৰতীয় মুদ্ৰাৰ হাৰত বাৰ্ষিত ১ কোটি, ৬৯ লাখ, ২ হাজাৰ ৫৪০ টকা। এনে অৱস্থাত ৭ জন খেলুৱৈৰ মুঠ বাৰ্ষিক দৰমহা ভাৰতীয় মুদ্ৰা হিচাপত  ১১ কোটি, ৮৩ লাখ, ১৭ হাজাৰ,৭৮০ টকা।

৫ জন খেলুৱৈৰ দৰমহা

ইয়াৰোপৰি ৫ জন খেলুৱৈ চি গ্ৰেডত আছে। এই আটাইকেইজন খেলুৱৈৰ বাৰ্ষিক দৰমহা মুঠ ৪.৬৯  কোটি। এওঁলোক হ’ল- ফাহীম আছৰাফ, হাছান নৱাজ, মহম্মদ হেৰিছ, মহম্মদ নৱাজ আৰু চাহিবজাদা ফাৰহান। চি গ্ৰেডৰ খেলুৱৈৰ বাৰ্ষিক দৰমহা ভাৰতীয় মুদ্ৰাত ৯৩ লাখ, ৯০ হাজাৰ, ৩০০ টকা। অৰ্থাৎ এই পাঁচজন খেলুৱৈৰ মুঠ দৰমহা ৪ কোটি, ৬৯ লাখ, ৫১ হাজাৰ, ৫০০ টকা।

বাকী ৫জন

বাকী থকা ৫ জন খেলুৱৈ গ্ৰেড ডিত আছে। তেওঁলোকে আটাইকেইজনে বছৰি ভাৰতীয় মুদ্ৰাৰ হিচাপত ২.৮১ কোটি টকা উপাৰ্জন কৰে। তেওঁলোকৰ এজনৰ বাৰ্ষিক দৰমহা ৫৬ লাখ, ৩৪ হাজাৰ, ১৮০ টকা। এনে ক্ষেত্ৰত ৫ জনৰ বাৰ্ষিক দৰমহা মুঠ ২ কোটি, ৮১ লাখ, ৭০ হাজাৰ, ৯০০ টকা।

হাৰ্দিক পাণ্ডিয়াৰ ঘড়ীৰ দাম

এছিয়া কাপ ২০২৫ ৰ বাবে পাকিস্তানে নিৰ্বাচন কৰা ১৭ গৰাকী খেলুৱৈৰ বাৰ্ষিক দৰমহা বছৰি ভাৰতীয় মুদ্ৰাৰ হিচাপত ১৯.৩৪ কোটি টকা হয়। কিন্তু ইমান টকা যোগ হোৱাৰ পাছতো হাৰ্দিক পাণ্ডিয়াৰ ঘড়ীৰ মূল্য ইয়াতকৈ বেছি। কিয়নো হাৰ্দিকৰ ঘড়ীটোৰ দাম ২০ কোটি টকা। ডুবাইত অনুশীলনৰ সময়ত হাৰ্দিকে পিন্ধি আছিল ৰিচাৰ্ড মিল আৰ এম ২৭-০৪ ঘড়ী। গতিকে ইয়াকে লৈ হাৰ্দিক এতিয়া চৰ্চাত আছে।

 

অন্য খবৰ পঢ়ক- ৩ হেট্ৰিক, ১০০০ ৰো অধিক উইকেট দখল! অৱশেষত অৱসৰ গ্ৰহণ কৰিলে এইজন ভাৰতীয় খেলুৱৈয়ে…