অপ্ৰতিৰোধ্য ভাৰতৰ সমুখত শেষ ৰক্ষা নহ’ল ডিফেণ্ডিং চেম্পিয়নৰঃ এছিয়া কাপৰ খিতাপ জয় হৰমনপ্ৰীত বাহিনীৰ
প্ৰশিক্ষক ক্ৰেগ ফুলটনৰ তত্বাৱধানত তথা হৰমনপ্ৰীতৰ আগ্ৰাসী নেতৃত্বৰ সুবাদত ভাৰতীয় দলে এই আশা সঠিক বুলি প্ৰমাণ কৰি সমগ্ৰ প্ৰতিযোগিতাখনত এখনো মেচত পৰাস্ত নোহোৱাকৈয়ে খিতাপ দখল কৰে। আজি খিতাপ জয়ত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত একপক্ষীয়ভাৱে পৰাস্ত কৰে।

ঘৰৰ মাটিত দুৰন্ত হৈ উঠিল ভাৰতীয় হকী দল। অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি এছিয়ান চেম্পিয়ন হিচাপে পৰিগণিত হৈছে হৰমনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় দল। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা পুৰুষ এছিয়া কাপ ২০২৫ৰ ফাইনেলত আজি ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰে ভাৰতে। এইদৰে সুদীৰ্ঘ ৮ বছৰৰ অপেক্ষাৰ অন্ত পেলাই ভাৰতীয় দলে পুৰুষ হকী এছিয়া কাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। আজি খিতাপ জয়ত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত একপক্ষীয়ভাৱে পৰাস্ত কৰে।
ভাৰতীয় দলে এইদৰে চতুৰ্থবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে। ইফালে খিতাপ জয়ৰ জৰিয়তে ভাৰতীয় দলে নেদাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ২০২৬ৰ বাবেও যোগ্যতা অৰ্জন কৰিছে। এছিয়া কাপ ২০২৫ত অৱশ্যে প্ৰথমখন মেচৰ পৰাই ভাৰতীয় দলে খিতাপৰ প্ৰবল দাবীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।
প্ৰশিক্ষক ক্ৰেগ ফুলটনৰ তত্বাৱধানত তথা হৰমনপ্ৰীতৰ আগ্ৰাসী নেতৃত্বৰ সুবাদত ভাৰতীয় দলে এই আশা সঠিক বুলি প্ৰমাণ কৰি সমগ্ৰ প্ৰতিযোগিতাখনত এখনো মেচত পৰাস্ত নোহোৱাকৈয়ে খিতাপ দখল কৰে। প্ৰতিযোগিতাৰ পুল ষ্টেজত তিনিওখন মেচতে জয়লাভ কৰিছিল ভাৰতে। তাৰ পিছত ছুপাৰ-৪ত ৩খন মেচৰ ভিতৰত ভাৰতে ২খন মেচত জয়লাভ কৰে।
আনহাতে মাত্ৰ এখন মেচত ড্ৰ’ত সন্তুষ্ট থাকিবলগীয়া হৈছিল হৰমনপ্ৰীত বাহিনী। উক্ত মেচখনো আছিল দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে। কিন্তু আজি ফাইনেলত কোৰিয়াক এই সুযোগ নিদিলে ভাৰতে। মেচৰ প্ৰথমৰ পৰাই আক্ৰমণ আৰম্ভ কৰা ভাৰতীয় দলে মেচৰ প্ৰথম মিনিটতে অগ্ৰগতি লাভ কৰে। ভাৰতীয় দলক অগ্ৰগতি প্ৰদান কৰি আৰম্ভণি সুখকৰ কৰি তোলে সুখজিতে।
ইয়াৰ পিছত দিলপ্ৰীত সিঙৰ দুটা গ’ল আৰু অমিত ৰোহিদাসৰ গ’লেৰে কোৰিয়াৰ আশা সম্পূৰ্ণ নিৰ্বাপিত কৰে। অৱশ্যে ৫৭ মিনিটত দক্ষিণ কোৰিয়াই এটা গ’ল স্ক’ৰ কৰি সন্মান ৰক্ষা কৰে। উল্লেখ্য যে নৱমবাৰৰ বাবে এছিয়া কাপত ফাইনেলত উপনীত হৈছিল ভাৰত আৰু আজি চতুৰ্থবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে।
ইতিপূৰ্বে ৮ বছৰ পূৰ্বে ২০১৭ চনত ভাৰতীয় দলে অন্তিমবাৰৰ বাবে খিতাপ দখল কৰিছিল। এইক্ষেত্ৰত ভাৰততকৈ আগত আছে কেৱল দক্ষিণ কোৰিয়া (৫)। ইয়াৰ পূৰ্বেও দুয়োখন দেশৰ মাজত ৩বাৰ এছিয়া কাপৰ মাজত ফাইনেল অনুষ্ঠিত হৈছিল, ইয়াৰে ২খনত দক্ষিণ কোৰিয়াই আৰু এখনত ভাৰতে জয়লাভ কৰিছিল। এতিয়া এই দিশত সমতা স্থাপন কৰিছে ভাৰতে।