শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখত ঘাঁ, দুৰ্গন্ধ…মুখৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো…

আজিকালি দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বহু সময়ত মুখত ঘাঁ বা অন্য সমস্যা হয়। গতিকে এইবোৰ মুখৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে।

মুখত ঘাঁ, দুৰ্গন্ধ…মুখৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো…
মুখৰ ঘাঁImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 08 Sep 2025 18:41 PM

বিশ্বত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। এই ৰোগ বিভিন্ন প্ৰকাৰৰ হয়। তাৰ ভিতৰত মুখৰ কৰ্কট ৰোগো আছে। যেতিয়া কোনো কৰ্কট ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু মানুহে ইয়াক সাধাৰণ বুলি আওকান কৰি চলে। যদি সময়মতে এই লক্ষণসমূহ চিনাক্ত কৰি পাৰি তেতিয়া চিকিৎসাৰ ক্ষেত্ৰত কিছু সহজ হয়। গতিকে মুখৰ কৰ্কট ৰোগৰ লক্ষণ কি, কি কাৰণে হয় এই সকলোবোৰ এই লেখাটোত উল্লেখ কৰা হ’ল।

মুখৰ কৰ্কট ৰোগ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সাধাৰণ ৰূপ। এই ৰোগ বিশেষকৈ ৬০ বছৰীয়া বা তাতকৈ অধিক বয়সৰ লোকৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। মুখৰ কৰ্কট ৰোগে ওঁঠ, জিভা, মুখৰ ওপৰৰ অংশ, মুখৰ তলৰ অংশক প্ৰভাৱিত কৰে। গতিকে ইয়াৰ লক্ষণৰ বিষয়ে জনা দৰকাৰ।

মুখৰ কৰ্কট ৰোগ কি

মুখৰ কৰ্কট ৰোগ হৈছে মুখৰ ভিতৰৰ অংশত প্ৰভাৱ পেলোৱা কৰ্কট ৰোগ। ই প্ৰথম অৱস্থাত সাধাৰণ যেন লাগিব পাৰে। এনে সময়ত ওঁঠত বগা দাগ, ঘাঁ আদি হয়। মুখৰ কৰ্কট ৰোগত প্ৰায় ৬৩% লোক ৰোগ ধৰা পৰাৰ পাঁচ বছৰৰ পিছতো জীয়াই থাকে।

লক্ষণ

  • লিউকোপ্লাকিয়া: মুখৰ ভিতৰত ৰঙা ৰঙৰ দাগ।
  • এৰিথ্ৰ’প্লাকিয়া: ৰঙা দাগ। ইয়াৰ পৰা তেজ ওলাব পাৰে।
  • ইৰিথ্ৰ’লিউকোপ্লাকিয়া: এই দাগবোৰ ৰঙা আৰু বগা হয়।

কিছুমান লক্ষণ –

  • মুখৰ ভিতৰত ঘাঁ, এই ঘাঁৰ পৰা কেতিয়াবা তেজ ওলাব পাৰে। দুসপ্তাহৰ ভিতৰত ঠিক নহয়,
  • ওঁঠ, মুখৰ ভিতৰত বিষ,
  • মুখৰ পৰা তেজ ওলাব পাৰে,
  • মুখ আৰু ডিঙিত বিষ,
  • মুখৰ ভিতৰত কোমলতা আদি হ’ব পাৰে,
  • খাদ্য খোৱাত অসুবিধা,
  • হঠাতে ওজন কম হোৱা,
  • কাণত বিষ,
  • মুখৰ গোন্ধ,
  • দুৰ্বলতা,
  • ভাগৰুৱা আদি।

যদি ২ সপ্তাহতকৈ অধিক দিন ধৰি এই লক্ষণসমূহে দেখা দি থাকে তেন্তে লগে লগে বিশেষজ্ঞৰ কাষ চাপিব লাগে।

কাৰণ

  • ধূমপান কৰা।
  • গুটখা খোৱা।
  • নিয়মিতভাৱে মদ্যপান।
  • পাৰিবাৰিক ইতিহাস।
  • মুখ সুৰক্ষিত কৰি নাৰাখিলে।

পৰিত্ৰাণৰ উপায়

  • ধূমপান নকৰিব।
  • মদ্যপানৰ পৰা আঁতৰি থাকক।
  • মুখখন সুৰক্ষিত কৰি ৰাখক।
  • পাৰিবাৰিক ইতিহাস থাকিলে মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰাব।
  • ইয়াৰোপৰি আৰু বিভিন্ন কাৰণ থাকিব পাৰে।

যদি দীৰ্ঘদিন ধৰি এই লক্ষণসমূহ দেখা দিয়ে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। ইয়াৰোপৰি এই লেখাটোত কিছুমান সাধাৰণ তথ্য সন্নিবিষ্ট কৰা হৈছে। অধিক জানিবৰ বাবে বিশেষজ্ঞৰ কাষ চাপিব পাৰে।

 

অন্য খবৰ পঢ়ক- ৬ টা সাধাৰণ টিপচ! বিচনালৈ যোৱা লগে লগে আহিব গভীৰ টোপনি, জানক সকলো…