শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লাভলীনাৰ ফেচবুক পোষ্টক লৈ সৰ্বত্ৰে চৰ্চাঃ কি ক’লে তেওঁৰ শৈশৱৰ প্ৰশিক্ষকে…

লাভলীনাই পোষ্টটোত উল্লেখ কৰিছিল যে তেওঁ যদি কেতিয়াবা যুঁজ দিছে, সেয়া সদায় কেৱল প্ৰশিক্ষণৰ বাবেহে। কেতিয়াও বিলাসীতাৰ সুবিধা বিচাৰি কোনো দাবী কৰা নাই বুলি উল্লেখ কৰি লাভলীনাই লগতে তেওঁ কেৱল উন্নত প্ৰশিক্ষণহে বিচাৰি আহিছে বুলিও পোষ্টটোত কয়।

লাভলীনাৰ ফেচবুক পোষ্টক লৈ সৰ্বত্ৰে চৰ্চাঃ কি ক’লে তেওঁৰ শৈশৱৰ প্ৰশিক্ষকে…
লাভলীনা বৰগোঁহাইImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 07 Sep 2025 21:20 PM

সুদীৰ্ঘ প্ৰায় এটা বছৰৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিং ৰিঙত প্ৰৱেশ কৰিছিল অলিম্পিক ব্ৰঞ্জ জয়ী অসম কন্যা লাভলীনা বৰগোঁহাই ইংলেণ্ডৰ লিভাৰপুলত হৈ থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত শনিবাৰে নিজৰ প্ৰথমখন মেচত অৱতীৰ্ণ হৈছিল তাৰকা বক্সাৰগৰাকী কিন্তু প্ৰথমখন মেচতে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ লগা হয় লাভলীনা ইয়াৰ পিছতে তেওঁ নিজা সামাজিক মাধ্যম একাউণ্ট যোগে এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে এই পোষ্টত তেওঁ সন্মুখীন হোৱা কিছু সমস্যাৰো ইঙ্গিত দিয়ে

নিজা পোষ্টত তেওঁ চেম্পিয়নশ্বিপৰ প্ৰথমখন মেচতে পৰাজয়ৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে সমান্তৰালকৈ তেওঁ এই পোষ্টটোত প্ৰশিক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা কিছু সমস্যাৰো ইঙ্গিত প্ৰদান কৰে লাভলীনাৰ এই পোষ্টটোক কেন্দ্ৰ কৰি সৰ্বত্ৰে চৰ্চা হোৱা পৰিলক্ষিত হয়

লাভলীনাই পোষ্টটোত উল্লেখ কৰিছিল যে তেওঁ যদি কেতিয়াবা যুঁজ দিছে, সেয়া সদায় কেৱল প্ৰশিক্ষণৰ বাবেহে কেতিয়াও বিলাসীতাৰ সুবিধা বিচাৰি কোনো দাবী কৰা নাই বুলি উল্লেখ কৰি লাভলীনাই লগতে তেওঁ কেৱল উন্নত প্ৰশিক্ষণহে বিচাৰি আহিছে বুলিও পোষ্টটোত কয়

নতুন কৌশল আয়ত্ব কৰাৰ বাবে সদায়ে সময়ৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰি লাভলীনাই লগতে উপযুক্ত স্পাৰিং পাৰ্টনাৰ অবিহনে নিজকে কিদৰে উন্নত কৰিব পাৰিম বুলিও পোষ্টটোত উল্লেখ কৰিছিল কেৱল সিমানেই নহয়, দেশৰ বাবে সকলো দিয়াৰ পিছতো সদায়েই ভাল প্ৰশিক্ষণ বা প্ৰশিক্ষক লাভৰ পৰাও বঞ্চিত হয় বুলি অভিযোগ কৰে লাভলীনাই

 

তাৰকা বক্সাৰগৰাকীৰ এই পোষ্ট সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁৰ শৈশৱৰ প্ৰশিক্ষক প্ৰশান্ত দাসে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আগৰে পৰা লাভলীনাই প্ৰশিক্ষণক লৈ উত্থাপন কৰা অভিযোগক কেন্দ্ৰ কৰি এক বিতৰ্ক চলি থকা বুলি আঙুলিয়াই দিয়ে প্ৰশান্ত দাসে

খেলুৱৈসকলৰ অভাৱ তথা সমস্যা সন্দৰ্ভত ফেডাৰেচন আৰু চৰকাৰে গুৰুত্ব দিব লাগে বুলি লাভলীনাৰ একালৰ গুৰুগৰাকীয়ে মন্তব্য কৰে লাভলীনাই উল্লেখ কৰাৰ দৰেই উপযুক্ত স্পাৰিং পাৰ্টনাৰৰ ক্ষেত্ৰত সমস্যা হোৱাৰ বাবেই বক্সিং চেম্পিয়নশ্বিপত তাৰকাগৰাকী বিফল হোৱা বুলি প্ৰশান্ত দাসে উল্লেখ কৰে

তেওঁ লগতে লাভলীনাক এনে ব্যৰ্থতাৰ বাবে মনোবল নেহেৰুৱাই আগন্তুক সময়ত সফলতা লাভৰ বাবে ভুলত্ৰুটিসমূহ শুধৰোৱাত মনোনিৱেশ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় সমান্তৰালকৈ চৰকাৰ তথা বক্সিং ফেডাৰেচনক এই দিশসমূহৰ প্ৰতি মনোযোগ দিবলৈও আহ্বান জনায় লাভলীনাৰ একালৰ প্ৰশিক্ষকগৰাকীয়ে