শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Virat Kohli: গৰু বা ম’হৰ নহয় ! বিৰাট কোহলীয়ে কেনেধৰণৰ গাখীৰ খায় জানেনে?

বিৰাট কোহলীৰ ফিটনেছ অন্য খেলৰ লগত জড়িত খেলুৱৈসকলৰ বাবেও এক আদৰ্শ। কিন্তু কিশোৰ অৱস্থাত তেওঁ সম্পূৰ্ণ বেলেগ আছিল। হয়তো নিজে উপলব্ধি কৰিছিল যে, ক্ৰিকেট যাত্ৰা অব্যাহত ৰাখিবলৈ নিজৰ ফিটনেছ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন । যাৰ বাবে তেওঁ পৰিহাৰ কৰিছিল বহু প্ৰিয় খাদ্য ।

Virat Kohli: গৰু বা ম’হৰ নহয় ! বিৰাট কোহলীয়ে কেনেধৰণৰ গাখীৰ খায় জানেনে?
বিৰাট কোহলীImage Credit source: PTI
manas-borah
Manas Borah | Published: 18 May 2025 14:41 PM

কেৱল ক্ৰিকেটাৰৰ মাজতে নহয়, বিৰাট কোহলীৰ ফিটনেছ অন্য খেলৰ লগত জড়িত খেলুৱৈসকলৰ বাবেও এক আদৰ্শ। কিন্তু কিশোৰ অৱস্থাত তেওঁ সম্পূৰ্ণ বেলেগ আছিল। হয়তো নিজে উপলব্ধি কৰিছিল যে, ক্ৰিকেট যাত্ৰা অব্যাহত ৰাখিবলৈ নিজৰ ফিটনেছ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন । যাৰ বাবে তেওঁ পৰিহাৰ কৰিছিল বহু প্ৰিয় খাদ্য । একেদৰে ফিটনেছ ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ জীৱনশৈলী সলনি কৰিছিল বিৰাট কোহলীয়ে। ৩৬ বছৰ বয়সতো ৰানিং বিটউইন দ্য উইকেট, দুর্দান্ত ফিল্ডিঙত তেওঁ অপ্ৰতিৰোধ্য ।

বিৰাট কোহলীৰ বেটিং দক্ষতাক লৈ কোনেও সন্দেহ নকৰে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। বিশ্বকাপ জয় কৰাৰ পাছত টি-২০ ক্ৰিকেট যাত্ৰা সামৰণি মাৰে বিৰাটে। অৱশ্যে আই পি এলত ভাল প্ৰদৰ্শন কৰিছে বিৰাট কোহলীয়ে। শেহতীয়াকৈ তেওঁ টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে। কিন্তু তেওঁৰ বৰ্তমানৰ ফিটনেছৰ বাবে টেছ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা কাৰ্যক সহজভাৱে ল’ব পৰা নাই অনুৰাগীয়ে । পিছে তেওঁ এই ফিটনেছৰ বাবে কেনে খাদ্যাভ্যাস মানি চলে জানেনে ?

বিৰাট কোহলি ২০১৮ চনৰ পৰা ভেগান হ’বলৈ আৰম্ভ কৰিলে । মাছ, মাংস কণীৰ উপৰিও গাখীৰ, গাখীৰজাত সামগ্ৰীও
তেওঁৰ খাদ্যৰ তালিকাৰ পৰা বাদ পৰিল । এটা সাক্ষাৎকাৰত বিৰাটে কয় যে, তেওঁ সাধাৰণতে সিজোৱা খাদ্য খায়। দুগ্ধজাত সামগ্ৰীৰ সন্দৰ্ভত তেওঁ কয় যে, ইয়াৰ ফলত পেটৰ সমস্যা হয়।

গতিকে, বিৰাটে গৰু বা ম’হৰ গাখীৰ একেবাৰে পৰিহাৰ কৰে । তাৰ পৰিৱৰ্তে আলমণ্ডৰ গাখীৰ খাবলৈ ধৰিলে। আলমণ্ডৰ গাখীৰত স্বাস্থ্যকৰ চৰ্বি বেছি যদিও কেলৰি কম। যিয়ে তেওঁৰ ফিটনেছত ফলপ্ৰসূ ভূমিকা পালন কৰে। আনকি কফিত আলমণ্ডৰ গাখীৰ ব্যৱহাৰ কৰা বুলি উল্লেখ কৰে বিৰাটে ।