DC vs GT Live Score, IPL 2025: ছাই-গিলৰ তাণ্ডৱত বিধ্বস্ত দিল্লীঃ প্লে’ অফত প্ৰৱেশ গুজৰাটৰ, আৰচিবি আৰু পঞ্জাৱৰো ভাগ্যোদয়
Delhi Capitals vs Gujarat Titans Live Score in Assamese: ২০০ ৰানৰ এক বৃহৎ লক্ষ্য অনুসৰণ কৰিও দিল্লী কেপিটেলছক ১০ উইকেটত বিধ্বস্ত কৰি গুজৰাট টাইটানছে প্ৰৱেশ কৰিছে প্লে’ অফত। দিল্লীৰ বলাৰক থকাসৰকা কৰি দুই অপেনাৰ গিলে ৯৩ ৰান আৰু সুদৰ্শনে ১০৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। মেচৰ এই ফলাফলৰ লগে লগে গুজৰাটৰ লগতে আৰচিবি আৰু পঞ্জাৱ কিংছৰো প্লে’ অফৰ পথ মুকলি হয়।

আই পি এলত আজি দিনটোৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছ। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। প্লে’ অফত প্ৰৱেশৰ দিশৰ পৰা আজিৰ মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। এইপৰ্যন্ত গুজৰাটে ১১ খন মেচত ১৬ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী সমসংখ্যক মেচত ১৩ পইণ্টেৰে পঞ্চম স্থানত আছে। গুজৰাটে আজিৰ মেচখনত জয়লাভ কৰিলেই প্লে’ অফত স্থান নিশ্চিত কৰিব পাৰিব। আনহাতে প্লে’ অফত প্ৰৱেশৰ দিশত দিল্লীৰ বাবে এই আটাইকেইখন মেচতে জয়ৰ প্ৰয়োজন আহি পৰিছে। গতিকে আজি দুয়োটা দলৰ মাজত এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে অনুৰাগীয়ে।
LIVE NEWS & UPDATES
-
গুজৰাটৰ বৃহৎ জয়
ঘৰৰ মাটিত বিধ্বস্ত হৈ পৰিল দিল্লী কেপিটেলছ। ২০০ ৰানৰ লক্ষ্য বান্ধি দিও গুজৰাট টাইটানছৰ হাতত ১০ উইকেটত পৰাস্ত হয় দলটো। গুজৰাটৰ দুই অপেনাৰদ্বয় ক্ৰমে ছাই সুদৰ্শন আৰু শুভমন গিলে কোনো হানি ঘটিবলৈ নিদিয়াকৈয়ে দলক জয়ৰ লক্ষ্যত উপনীত কৰায়। সুদৰ্শনে ১০৮ আৰু গিলে ৯৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। এই ফলাফলৰ লগে গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছে প্ৰৱেশ কৰিছে আই পি এল ২০২৫ৰ প্লে’ অফত।
-
সুদৰ্শনৰ শতক
দমনীয় প্ৰদৰ্শনেৰে দিল্লীৰ বলিং আক্ৰমণক নিষ্প্ৰভ কৰি তুলি শতক সম্পূৰ্ণ কৰিছে ছাই সুদৰ্শনে। কুলদীপৰ বলত এতা বৃহৎ ছয় কোবাই সুদৰ্শনে মাত্ৰ ৫৬টা বলত শতক পূৰ কৰে।
-
গিলৰো অৰ্ধশতক
অধিনায়কোচিত বেটিঙেৰে দলক শক্তিশালী আৰম্ভণি প্ৰদান কৰিছে শুভমন গিলে। মাত্ৰ ৩৩টা বলতে গিলে সম্পূৰ্ণ কৰিছে নিজৰ অৰ্ধশতক। এটা চাৰি কোবাই অৰ্ধশতক সম্পূৰ্ণ কৰাৰ পিছত গিলে পৰৱৰ্তী বলত এটা ছয়ো কোবায়।
-
সুদৰ্শনৰ অৰ্ধশতক
ছিজনত দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখি আন এক অৰ্ধশতক অৰ্জন কৰিছে ছাই সুদৰ্শনে। মাত্ৰ ৩০টা বলতে তেওঁ ৮টা চাৰি আৰু এটা ছয়েৰে অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
গুজৰাটৰ ৫০ ৰান সম্পূৰ্ণ
শক্তিশালী আৰম্ভণি ঘটাইছে গুজৰাট টাইটানছে। দলক পুনৰ এবাৰ শক্তিশালী আৰম্ভণি প্ৰদান কৰি গিল আৰু সুদৰ্শনে মাত্ৰ ৪.২ অভাৰতে সম্পূৰ্ণ কৰিছে ৫০ ৰান।
-
ক্ৰীজত ছাই-গিল
২০০ ৰানৰ লক্ষ্য অনুসৰণৰ বাবে ক্ৰীজলৈ আহিছে গুজৰাটৰ অপেনাৰদ্বয় ছাই সুদৰ্শন আৰু শুভমন গিল। এই বৃহৎ লক্ষ্য অনুসৰণৰ ক্ষেত্ৰত দুয়োৰে ভূমিকা হ’ব লক্ষণীয়।
-
গুজৰাটৰ সমুখত ২০০ ৰানৰ লক্ষ্য
ৰাহুলৰ অপৰাজিত শতকৰ লগতে শেষলৈ ষ্টাবছে সংগ্ৰহ কৰা খৰতকীয়া ২১ ৰানৰ সহায়ত দিল্লীয়ে সংগ্ৰহ কৰিছে ১৯৯ ৰান। এইদৰে গুজৰাটক প্লে’ অফত স্থান নিশ্চিত কৰিবলৈ প্ৰয়োজন ২০০ ৰানৰ।
-
শতক সম্পূৰ্ণ ৰাহুলৰ
ছিজনত চমক অব্যাহত ৰাখিছে ৰাহুলে। মাত্ৰ ৬০টা বলত ৰাহুলে আজি সম্পূৰ্ণ কৰিছে শতক। তেওঁৰ এই ইনিংছটো কোবাইছে ১২টা চাৰি আৰু ৪টা ছয়।
-
অক্ষৰক বিদায় দিলে প্ৰসিধে
দিল্লীয়ে হেৰুৱাইছে অধিনায়ক অক্ষৰ পেটেলৰ উইকেট। ১৬টা বলত দুটা চাৰি আৰু এটা ছয়েৰে অক্ষৰে ২৫ ৰান সংগ্ৰহ কৰি প্ৰসিধ কৃষ্ণৰ বলত আউট হৈছে।
-
প’ৰেলৰ বিদায়
দলৰ ইনিংছক এক শক্তিশালী স্থিতি প্ৰদান কৰি বিদায় লৈছে অভিষেক প’ৰেলে। ১৯টা বলত এটা চাৰি আৰু ৩টা ছয়েৰে ৩০ ৰান সংগ্ৰহ কৰি প’ৰেলে বিদায় লয়। তেওঁৰ উইকেট দখল কৰে ছাই কিশোৰে।
-
দিল্লীৰ শতক
কে এল ৰাহুল আৰু অভিষেক প’ৰেলে আগবঢ়াই নিছে দলৰ ইনিংছ। দুয়ো ক্ৰমাৎ আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰি দিল্লীৰ ইনিংছত শতক সম্পূৰ্ণ কৰাইছে।
-
ৰাহুলৰ অৰ্ধশতক
দিল্লীৰ ইনিংছ চম্ভালি দায়িত্বশীল বেটিঙেৰে আগবঢ়াই নিছে কে এল ৰাহুলে। ৩৫টা বলত তেওঁ সম্পূৰ্ণ কৰিছে নিজৰ অৰ্ধশতক। চলিত ছিজনৰ এইদৰে চতুৰ্থটো অৰ্ধশতক অৰ্জন কৰিলে ৰাহুলে।
-
দিল্লীৰ ইনিংছত ৫০ ৰান
কিছু মন্থৰ গতিৰে আগবাঢ়িছে দিল্লীৰ ইনিংছ। ৭ অভাৰৰ সমাপ্তিত দলটোৱে সম্পূৰ্ণ কৰিছে ইনিংছৰ অৰ্ধশতক। ইয়াৰে ৪০ ৰান আহিছে ৰাহুলৰ বেটৰ পৰা।
-
প্লেছিছৰ বিদায়
দিল্লীৰ ইনিংছত পতন ঘটিছে প্ৰথমটো উইকেট। ১০টা বলত মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি আউট হৈছে ফাফ ডু প্লেছিছ। আৰ্শ্বাদ খানৰ বলত প্লেছিছে চিৰাজৰ হাতত কেচ তুলি দি বিদায় লয়।
-
ক্ৰীজত ৰাহুল-প্লেছিছ
দিল্লীৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহিছে কে এল ৰাহুল আৰু ফাফ ডু প্লেছিছ। এইদৰে চলিত ছিজনত সপ্তম যোৰা পৃথক অপেনিং যুটি দেখা গৈছে দিল্লীৰ। আনহাতে গুজৰাটৰ হৈ বলিং মুকলি কৰিছে মহম্মদ চিৰাজে।
-
গুজৰাট টাইটানছৰ মূল একাদশ
আজিৰ গুৰুত্বপূৰ্ণ মেচত গুজৰাট টাইটানছৰ মূল একাদশ হ’ব এনেধৰণৰ- শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, শ্বেৰফানে ৰাডাৰফ’ৰ্ড, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, ৰছিদ খান, কেগিছ’ ৰাবাডা, আৰ্শ্বাদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ। অৰ্থাৎ দলৰ বেটিং বিভাগৰ অন্যতম প্ৰধান ভৰসা ছাই সুদৰ্শনক ইম্পেক্ট চাবৰ ৰূপত দেখা যাব পাৰে।
-
দিল্লী কেপিটেলছৰ মূল একাদশ
ছিজনৰ মাজভাগত দিল্লী কেপিটেলছত অন্তৰ্ভুক্ত হোৱা মুস্তাফিজুৰ ৰহমানক আজি দেখা পোৱা যাব মূল একাদশত। ইফালে বাদ পৰিছে কৰুণ নায়াৰ। দলৰ মূল একাদশ হ’ব এনেধৰণৰঃ ফাফ ডু প্লেছিছ, অভিষেক প’ৰেল, সমীৰ ৰিজভি, কে এল ৰাহুল, অক্ষৰ পেটেল (অধিনায়ক), ত্ৰিষ্টান ষ্টাবছ, আশুতোষ শৰ্মা, বিপৰাজ নিগম, কুলদীপ যাদৱ, টি নটৰাজন, মুস্তাফিজুৰ ৰহমান।
-
প্ৰথমে বলিং কৰিব গুজৰাটে
ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয় শুভমন গিল আৰু অক্ষৰ পেটেলৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিলে।
-
দুয়ো দলৰ মাজত পূৰ্বৰ ৰেকৰ্ড
এইপৰ্যন্ত দুয়োটা দল আই পি এলত ৬ বাৰ মুখামুখি হৈছে। দুয়োটা দলেই তিনিখনকৈ মেচত জয়লাভ কৰিছে। লক্ষণীয়ভাৱে চলিত ছিজনতো ইতিমধ্যে দুয়োটা দলৰ মাজত এখন মেচ অনুষ্ঠিত হৈ গৈছে আৰু এই মেচখনত গুজৰাট ৭ উইকেটত জয়ী হৈছিল।
Published On - May 18,2025 6:49 PM