শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৌৰৱক ISI ৰ আমন্ত্ৰণৰ পৰা পাকিস্তানৰ চোৰাংচোৱাগিৰিলৈ…চাওক গুৰুত্বপূৰ্ণ খবৰসমূহ…

অসমত চাকৰি বিচাৰি থকাসকলৰ বাবে সুখবৰ। অসম চৰকাৰ আৰু জাপান চৰকাৰৰ মাজত বুজাবুজি চুক্তি সম্পন্ন। যাৰ জৰিয়তে ১ লাখ যুৱকক কৰ্মসংস্থাপনৰ বাবে জাপানলৈ প্ৰেৰণ কৰা হ'ব।

গৌৰৱক ISI ৰ আমন্ত্ৰণৰ পৰা পাকিস্তানৰ চোৰাংচোৱাগিৰিলৈ…চাওক গুৰুত্বপূৰ্ণ খবৰসমূহ…
হিমন্ত-গৌৰৱImage Credit source: x
barasha-sarma
Barasha Sarma | Published: 18 May 2025 18:26 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ-

১) চাইবাৰ অপৰাধীৰ বিৰুদ্ধে একশ্যন মুডত অসম আৰক্ষী। এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে আৰম্ভ কৰিছে ‘অপাৰেচন ঘোষ্ট চিম’ । ইয়াৰ অধীনত চাইবাৰ অপৰাধৰ সৈতে জড়িত এটা ডাঙৰ ৰেকেটৰ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । জানিব পৰা মতে, এই দলটোৱে সাধাৰণ মানুহক প্ৰতাৰণা কৰাৰ বাবে হোৱাটছএপত একাউন্ট খুলি দিয়াৰ লগে লগে চাইবাৰ অপৰাধীক মোবাইল ফোন সংযোগ প্ৰদান কৰিছিল। পাকিস্তানৰ চাইবাৰ অপৰাধীৰ সৈতে আছিল এওঁলোকৰ সংযোগ।

২) সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত পুনৰ মত প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, গৌৰৱ গগৈয়ে ISIৰ আমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৈছিল। তাৰ তথ্য আমাৰ হাতত আছে। তেওঁ ফুৰিবলৈ যোৱা নাছিল। এয়া নিশ্চিত যে তাত তেওঁ প্ৰশিক্ষণ ল’বলৈ গৈছিল। আই এছ আইৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পাছত তেওঁ পাকিস্তানত গৈছিল।

৩) অসমত চাকৰি বিচাৰি থকাসকলৰ বাবে সুখবৰ। অসম চৰকাৰ আৰু জাপান চৰকাৰৰ মাজত বুজাবুজি চুক্তি সম্পন্ন। যাৰ জৰিয়তে ১ লাখ যুৱকক কৰ্মসংস্থাপনৰ বাবে জাপানলৈ প্ৰেৰণ কৰা হ’ব। তেওঁলোকে মাহিলী ২ লাখ টকাকৈ দৰমহা লাভ কৰিব।

৪)শীঘ্ৰেই অসম ভ্ৰমণৰ বাবে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ ৰিং ৰোড আৰু নাৰেংগী কুৰুৱা দলঙৰ শুভাৰম্ভ কৰিব মোদীয়ে। জানিব পৰা মতে, ৭,৮০০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ হ’ব। ইয়াৰ শুভাৰম্ভ হ’ব ৮ ছেপ্টেম্বৰত। উক্ত দিনটোতেই বিভিন্ন কাৰ্যসূচী লৈ প্ৰধানমন্ত্ৰী অসমত উপস্থিত হ’ব।

৫) কেইটামান দিনৰ বিৰতিৰ পাছত আজিৰ পৰা পুনৰ আৰম্ভ আই পি এল ২০২৫ ৰ খেল। আজি প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছ মুখামুখি হোৱাৰ বিপৰীতে দ্বিতীয়খন খেল দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব। উল্লেখ্য যে, অপৰাশ্যন সেন্দূৰৰ পাছত ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ বাবে আই পি এল ২০২৫ ৰ খেল স্থগিত ৰখা হৈছিল।

৬)পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা হাৰিয়ানাৰ হিছাৰৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাই জেৰাৰ সময়ত বহু ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে।  তেওঁ কয় যে, ভিডিঅ’ প্ৰস্তুত কৰা কেৱল অজুহাত আছিল। তেওঁ কেৱল পাকিস্তানী বিষয়াৰ নিৰ্দেশত চোৰাংচোৱাৰ তথ্য সংগ্ৰহ কৰিছিল। তেওঁ পাকিস্তান আৰু চীনত ভিআইপিৰ দৰে সুবিধা লাভ কৰিছিল। আনকি পাকিস্তানৰ সকলো ঠাইলৈ যোৱাৰ স্বাধীনতা তেওঁৰ আছিল।

৭) সফল নহ’ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ। উৎক্ষেপণৰ পিছত তথ্য প্ৰদান কৰি ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে EOS-09 অভিযানে নিজৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলে। আমি ইয়াৰ তদন্ত কৰি আছো। ত্ৰুটিসমূহৰ সম্পূৰ্ণ বিশ্লেষণ কৰি ইয়াৰ তথ্য আগবঢ়াম। তেওঁ কয়, এই অভিযান তৃতীয় পৰ্যায়ত বিফল হৈছে।

৮) বাংলাদেশৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত ভাৰতৰ। বাংলাদেশৰ পৰা পোনপটীয়াকৈ ভাৰতত প্ৰৱেশ ক্ষেত্ৰত কেইবাবিধো সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্য বিভাগে (DGFT)) শনিবাৰে এই তালিকা প্ৰকাশ কৰে। ইয়াৰ ফলত দেশখনৰ লাখ কোটি টকাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ১৫ এপ্ৰিলত বাংলাদেশৰ ৰাষ্ট্ৰীয় ৰাজহ ব’ৰ্ডে ভাৰতৰ পৰা স্থলপথেৰে সূতা আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

৯) ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ ৩ বছৰীয়া যুদ্ধৰ অন্ত পেলাবলৈ তুৰ্কীত আলোচনা হৈ আছে। কিন্তু ইয়াৰ মাজতে আজি ৰাছিয়াই ইউক্ৰেইনত ভয়ংকৰ ড্ৰন আক্ৰমণ চলায়। ইউক্ৰেইনে জাৰি কৰা এক বিবৃতি অনুসৰি ৰাছিয়াৰ এই আক্ৰমণ যুদ্ধৰ আৰম্ভণিৰ পৰা ইউক্ৰেইনৰ ওপৰত হোৱা অন্যতম বৃহৎ ড্ৰ’ন আক্ৰমণ। জানিব পৰা মতে, ৰাছিয়াই প্ৰায় ২৭৩ টা ড্ৰনেৰে আক্ৰমণ কৰে।

 

অন্য খবৰ পঢ়কঃ ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ, লৈছিল প্ৰশিক্ষণঃ মুখ্যমন্ত্ৰী