IPL খেলাৰ আশাৰে পাকিস্তানৰ পৰা আহিছিল এইগৰাকী তাৰকা, পিছে দুটা বলতে আশাত পৰিল চেঁচাপানী
ৰাজস্থান ৰয়েলছৰ বিপক্ষে আজিৰ মেচত পঞ্জাৱ কিংছৰ এগৰাকী সদস্যই আই পি এলত অভিষেক ঘটায়। পিছে অভিষেক মেচত তেওঁ মাত্ৰ ২টা বল খেলিয়েই ক্ৰীজ এৰে। লক্ষণীয়ভাৱে এই খেলুৱৈজনে ছিজনৰ মাজভাগত আই পি এলৰ অংশ হয় আৰু এই সুযোগৰ লাভ উঠোৱাৰ বাবে তেওঁ পাকিস্তান ত্যাগ কৰি ভাৰতত উপস্থিত হৈছিল।

সপ্তাহজোৰা বিৰতিৰ পিছত কালিৰ পৰা পুনৰ আৰম্ভ হৈছে আই পি এল ২০২৫। অৱশ্যে বৰষুণৰ বাবে আৰচিবি আৰু কলকাতাৰ মেচখন কালি অনুষ্ঠিত কৰিব পৰা নগ’ল। আজি অৱশেষত পঞ্জাৱ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ মেচৰ জৰিয়তে ক্ৰিকেট অনুৰাগীসকলে উপভোগ কৰিছে আই পি এলৰ ৰোমাঞ্চ। এই মেচখনত প্ৰথমে বেটিং কৰি পঞ্জাৱে ২১৯ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰাইছে। পিছে পঞ্জাৱৰ আৰম্ভণি আজি সন্তোষজনক নাছিল। পাৱাৰ প্লে’ৰ ভিতৰতে দলটোৱে হেৰুৱাইছিল তিনিটাকৈ উইকেট।
এই তিনিগৰাকী বেটাৰৰ ভিতৰত আছিল আজি আই পি এল অভিষেক ঘটোৱা এগৰাকী খেলুৱৈও। এই খেলুৱৈজনৰ ভাগ্যোদয় ঘটিছিল প্ৰতিযোগিতাৰ মাজভাগত। পঞ্জাৱৰ অষ্ট্ৰেলিয়ান সদস্য গ্লেন মেক্সৱেলৰ আঘাতৰ বাবে তেওঁৰ স্থানত এই খেলুৱৈজনক দলটোৱে অন্তৰ্ভুক্ত কৰিছিল আৰু আজিৰ মেচখনতে তেওঁক মূল একাদশত সুযোগ দিছিল। কিন্তু অভিষেক মেচখনতে তেওঁ ব্যৰ্থ হয় আৰু মাত্ৰ দুটা বল খেলিয়েই ক্ৰীজ এৰে।
লক্ষণীয়ভাৱে এই খেলুৱৈজনে আই পি এলত খেলাৰ উদ্দেশ্যে ত্যাগ কৰিছিল পাকিস্তান। অৱশ্যে পাকিস্তান ত্যাগ কৰিলেও তেওঁ পাকিস্তানী খেলুৱৈ নহয়। দেশখনত অনুষ্ঠিত হোৱা পাকিস্তান ছুপাৰ লীগত তেওঁ অংশ লৈছিল আৰু তাৰ পৰাই তেওঁ আই পি এলত খেলাৰ সুযোগ লাভ কৰাৰ লগে লগে ভাৰতত উপস্থিত হয়। এই খেলুৱৈজন হৈছে অষ্ট্ৰেলিয়াৰ আনকেপ অল ৰাউণ্ডাৰ মিচেল ওৱেন।
অৱশ্যে আজি নিজৰ অভিষেক মেচত মিচেল ওৱেনে সংগ্ৰহ কৰিব নোৱাৰিলে কোনো ৰান। বেটিং ক্ৰমৰ ৩ নম্বৰ স্থানত বেটিং কৰাৰ সুযোগ পাইছিল যদিও তেওঁ মাত্ৰ দুটা বলহে খেলিবলৈ সক্ষম হয় আৰু মাফাকাৰ বলত সঞ্জু চেমছনৰ হাতত কেচ তুলি দি বিদায় লয়। উল্লেখ্য যে চলিত ছিজনৰ পাকিস্তান ছুপাৰ লীগতো ওৱেনৰ প্ৰদৰ্শন উন্নত নাছিল। পেছাৱৰ জালমিৰ হৈ ৮খন মেচত মিচেল ওৱেনে মাত্ৰ ১০২ ৰানহে কৰিব পাৰিছিল।
অৱশ্যে তাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট লীগ বিগ বেছ লীগত মিচেল ওৱেনে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াইছিল। ছিজনটোত ১১টা ইনিংছ খেলি ৪৫ গড়ে আৰু ২০৩ ষ্ট্ৰাইক ৰেটত ৪৫২ সংগ্ৰহ কৰিছিল ওৱেনে। ফাইনেলতো তেওঁ ২৫৭ ষ্ট্ৰাইক ৰেটত মাত্ৰ ৪২টা বলত ১০৮ ৰান সংগ্ৰহ কৰি ওৱেনে নিজ দল হোবাৰ্ট হাৰিকনেছক চেম্পিয়ন কৰাইছিল। এই শতকীয় ইনিংছটোত তেওঁ ১০টা ছয় আৰু ৫টা চাৰি কোবাইছিল।