শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPL 2025, RR vs PBKS live: ৰাজস্থান ৰয়েলছৰ আগত ২২০ ৰানৰ লক্ষ্য

IPL RR vs PBKS live score in Assamese: আজি আই পি এলত দুখনকৈ মেচ আছে। ইয়াৰে প্ৰথম খন মেচ ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ মাজত। গতিকে কাৰ হাতলৈ আজিৰ খেল যায় সেয়া সময়ত হ'ব লক্ষণীয়।

barasha-sarma
Barasha Sarma | Updated On: 18 May 2025 18:39 PM
IPL 2025, RR vs PBKS live:  ৰাজস্থান ৰয়েলছৰ আগত ২২০ ৰানৰ লক্ষ্য
Rr Vs Pbks

LIVE NEWS & UPDATES

  • 18 May 2025 06:39 PM (IST)

    ১৩ ৰান কৰি আউট ৰিয়ান

     

    ১৩ ৰান কৰি আউট ৰিয়ান পৰাগ। ১১ টা বলত ১৩ ৰান কৰে ৰিয়ানে। ৪টা উইকেট হেৰুৱাই দলটোৱে ১৩.৫ অভাৰত ১৪৫ ৰান কৰিবলৈ সক্ষম হয়।

  • 18 May 2025 06:34 PM (IST)

    PBKS ৰ খেলুৱৈৰ আনন্দ

  • 18 May 2025 06:25 PM (IST)

    যশস্বীৰ অৰ্ধশতক…

  • 18 May 2025 06:24 PM (IST)

    ৰাজস্থানে হেৰুৱালে তৃতীয়টো উইকেট

    ৰাজস্থানে হেৰুৱালে তৃতীয়টো উইকেট। ১৬ টা বলত ২০ ৰান কৰি আউট সঞ্জু চেমচন। ১০.৪ অভাৰত দলটোৱে ১১৬ ৰান সম্পূৰ্ণ কৰে দলটোয়ে।

  • 18 May 2025 06:19 PM (IST)

    ৰাজস্থানে হেৰুৱালে দ্বিতীয়টো উইকেট

    ৰাজস্থানে হেৰুৱালে দ্বিতীয়টো উইকেট। ২৫ টা বলত ৫০ ৰান কৰি আউট যশস্বী জয়ছৱাল। ৯.৫ অভাৰত ১১৩ ৰান সম্পূৰ্ণ কৰে দলটোৱে। বৰ্তমান বেটিং কৰি আছে সঞ্জু চেমচন আৰু ৰিয়ান পৰাগে।

  • 18 May 2025 06:10 PM (IST)

    বৈভৱৰ বেটিঙৰ দৃশ্য

  • 18 May 2025 06:03 PM (IST)

    ৪০ ৰান কৰি আউট বৈভৱ

    ৪০ ৰান কৰি আউট বৈভৱ সূৰ্যবংশী। ১৫ ৰানত ৪০ ৰান কৰে বৈভৱে। বৰ্তমান দলটোৱে ৬ অভাৰত ৮৯ ৰান সম্পূৰ্ণ কৰিছে।

  • 18 May 2025 05:52 PM (IST)

    যশস্বী আৰু বৈভৱৰ বেটিং

  • 18 May 2025 05:46 PM (IST)

    ৰাজস্থানে সম্পূৰ্ণ কৰিলে ৫০ ৰান

     

    ৩ অভাৰত ৫১ ৰান কৰিলে ৰাজস্থান ৰয়েলছে। এতিয়ালৈকে এটাও উইকেট হেৰুওৱা নাই দলটোয়ে। যশস্বী জয়ছৱালে ১২ টা বলত ৩৪ ৰান কৰা বৈভৱ সূৰ্যবংশীয়ে ৬ ৰানত ১৬ ৰান কৰে।

  • 18 May 2025 05:34 PM (IST)

    ৰাজস্থানৰ বেটিং

     

    ৰাজস্থানে বেটিং আৰম্ভ কৰিছে। অপেনিং কৰিছে যশস্বী জয়ছৱাল আৰু বৈভৱ সূৰ্যবংশীয়ে। প্ৰথম অভাৰত দলটোৱে ২২ ৰান সংগ্ৰহ কৰে।

  • 18 May 2025 05:18 PM (IST)

    ৰাজস্থান ৰয়েলছৰ আগত ২২০ ৰানৰ লক্ষ্য

     

    পঞ্জাৱ কিংছে কৰিলে ২০০ ৰান সম্পূৰ্ণ। ৫ টা উইকেটৰ বিনিময়ত ১৮.৫ অভাৰত ২০২ ৰান কৰিলে দলটোয়ে। পঞ্জাৱৰ হৈ ৭ টা বলত ৯ ৰান কৰি আউট হৈছে প্ৰিয়াংশ, ১০ টা বলত ২১ ৰান কৰি আউট প্ৰভাসিৰমন সিং, ২ টা বলত শূণ্য মিচেল ওৱেন, ৩৭ ৰানত ৭০ ৰান কৰি আউট নিহাৰ ৱাধেৰা, ২৫ ৰানত ৩০ ৰান কৰি আউট শ্ৰেয়াৰ আয়াৰ। লগতে শশাংক সিঙে ৩০ টা বলত ৫৯ ৰান (নট আউট) আৰু আজমাতুল্লাহ ওমৰজাই ৯ টা বলত ২১ ৰান (নট আউট ) কৰে।

  • 18 May 2025 05:10 PM (IST)

    ২০০ ৰান সম্পূৰ্ণ

     

    পঞ্জাৱ কিংছে কৰিলে ২০০ ৰান সম্পূৰ্ণ। ৫ টা উইকেটৰ বিনিময়ত ১৮.৫ অভাৰত ২০২ ৰান কৰিলে দলটোয়ে। পঞ্জাৱৰ হৈ ৭ টা বলত ৯ ৰান কৰি আউট হৈছে প্ৰিয়াংশ, ১০ টা বলত ২১ ৰান কৰি আউট প্ৰভাসিৰমন সিং, ২ টা বলত শূণ্য মিচেল ওৱেন, ৩৭ ৰানত ৭০ ৰান কৰি আউট নিহাৰ ৱাধেৰা, ২৫ ৰানত ৩০ ৰান কৰি আউট শ্ৰেয়াৰ আয়াৰ। বৰ্তমান বেটিং কৰি আছে শশাংক সিং আৰু আজমাতুল্লাহ ওমৰজাই।

  • 18 May 2025 05:10 PM (IST)

    আজিৰ খেলৰ ফটো

  • 18 May 2025 05:03 PM (IST)

    পঞ্চমটো উইকেট হেৰুৱালে পঞ্জাৱে

     

    পঞ্চমটো উইকেট হেৰুৱালে পঞ্জাৱে। ১৮ অভাৰত ১৯৩ ৰান সম্পূৰ্ণ কৰিছে দলটোৱে।

  • 18 May 2025 04:51 PM (IST)

    ১৫ অভাৰ সম্পূৰ্ণ

     

    পঞ্জাৱ কিংছে ১৫.৩ অভাৰত ১৫২ ৰান কৰিবলৈ সক্ষম হয়। এই সময়চোৱাত দলটোৱে হেৰুৱাইছে ৪ টাকৈ উইকেট।

  • 18 May 2025 04:46 PM (IST)

    আজিৰ খেলৰ দৃশ্য

  • 18 May 2025 04:37 PM (IST)

    ১৩ অভাৰৰ অন্তত পঞ্জাৱৰ ৰান ১৩৪

    ১৩ অভাৰৰ অন্তত পঞ্জাৱৰ ৰান ১৩৪ । চাৰিটা উইকেটৰ পতন । বেটিঙত নেহল ৱাধেৰা ৬০(২৭), শশাংক সিং ১০(৭)

  • 18 May 2025 04:25 PM (IST)

    চাৰিটা উইকেটৰ পতন পঞ্জাৱৰ

    ৪ টা উইকেট হেৰুৱালে পঞ্জাৱে । ২৫ টা বলত ৩০ ৰান কৰি আউট আয়াৰ ।

  • 18 May 2025 04:15 PM (IST)

    ৯ অভাৰ অন্তত পঞ্জাৱৰ ৰান ৮৮ ৰান

    ৯ অভাৰ অন্তত পঞ্জাৱৰ ৰান ৮৮ ৰান । তিনিটা উইকেটৰ পতন । বেটিঙত আছে আয়াৰ আৰু নেহল ৱাধেৰা ।

  • 18 May 2025 04:03 PM (IST)

    ৬ অভাৰ ৫৮ ৰান পঞ্জাৱৰ

    ৬ অভাৰৰ অন্তত ৫৮ ৰান সংগ্ৰহ কৰিছে পঞ্জাৱে । তিনিটা উইকেটৰ পতন ।

  • 18 May 2025 03:52 PM (IST)

    ৩টাকৈ উইকেট

    এটাৰ পাছত আনটো উইকেট হেৰুৱাইছে পঞ্জাৱ কিংছে। প্ৰথম ৩ অভাৰত আউট হৈছে প্ৰিয়াংশ আৰ্য, প্ৰভাসিৰমন সিং আৰু মিচেল ওৱেন। ৩.৫ অভাৰত দলটোৱে ৩৯ ৰান কৰিবলৈ সক্ষম হয়।

  • 18 May 2025 03:51 PM (IST)

    ডাঙৰ বিপৰ্যয়ত পঞ্জাৱ

    তিনি অভাৰত ৩ টা উইকেট হেৰুৱা পঞ্জাৱে । চাৰি অভাৰত ৪৩ ৰান পঞ্জাৱৰ ।

  • 18 May 2025 03:50 PM (IST)

    পঞ্জাৱ কিংছে হেৰুৱালে ৩ টা উইকেট

    পঞ্জাৱ কিংছে হেৰুৱাইছে ৩টা উইকেট ।  ৭ বলত ৯ ৰান সংগ্ৰহ কৰি আউট হৈছে প্ৰিয়ংশ আৰ্য্য। তুষাৰ দেশপাণ্ডে তেওঁক আউট কৰে।

  • 18 May 2025 03:41 PM (IST)

    বেটিং আৰম্ভ

    পঞ্জাৱ কিংছে আৰম্ভ কৰিছে বেটিং।  প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসিমৰন সিঙে অপেনিং কৰে। আনহাতে, ৰাজস্থানৰ হৈ ফাজালহাক ফাৰুকিয়ে প্ৰথম অভাৰত বলিং কৰে, য’ত তেওঁ ১১ ৰান দিয়ে।

  • 18 May 2025 03:30 PM (IST)

    ৰাজস্থান ৰয়েলছৰ প্লেয়িং ১১

    যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, সঞ্জু চেমছন (উইকেটকীপাৰ/অধিনায়ক), ৰিয়ান পৰাগ, শ্বিমৰন হেটমায়াৰ, ধ্ৰুৱ জুৰেল, ৱানিন্দু হাছাৰাংগা, কুৱেনা ম্ফাকা, তুষাৰ দেশপাণ্ডে, আকাশ মাধৱাল, ফজলহাক ফাৰুকী।

    ইমপেক্ট প্লেয়াৰ

    কুমাৰ কাৰ্তিকেয়া, শুভম ডুবে, অশোক শৰ্মা, কুনাল সিং ৰাথোৰ, যুধবীৰ সিং চৰাক।

  • 18 May 2025 03:19 PM (IST)

    পঞ্জাৱ কিংছৰ প্লেয়িং-১১

    প্ৰিয়ংশ আৰ্য্য, প্ৰভসিমৰন সিং (উইকেটকীপাৰ), শ্ৰেয়াছ আয়েৰ (অধিনায়ক), শশাংক সিং, নেহাল ৱাধেৰা, মিচেল ওৱেন, আজমতুল্লাহ উমৰজাই, মাৰ্কো জান্সেন, জেভিয়াৰ বাৰ্টলেট, আৰ্ছদীপ সিং, যুজবেন্দ্ৰ চাহাল।

    ইমপেক্ট প্লেয়াৰ-

    বিজয়কুমাৰ বিছাখ, হৰপ্ৰীত ব্ৰাৰ, প্ৰবীণ ডুবে, সূৰ্য্যংশ শ্বেডজ, মুছিৰ খান।

  • 18 May 2025 03:10 PM (IST)

    টছত জয়লাভ পঞ্জাৱৰ

    পঞ্জাবে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অৰ্থাৎ ৰাজস্থানে প্ৰথমে বলিং কৰিব।

দীৰ্ঘদিনৰ বিৰতিৰ পাছত আজি পুনৰ আৰম্ভ হৈছে আই পি এল ২০২৫ (  IPL 2025)। আজি আই পি এলৰ দুখনকৈ মেচ অনুষ্ঠিত হ’ব। ইয়াৰে প্ৰথমখন মেচ খেলিব ৰাজস্থান ৰয়েলছ (RR) আৰু পঞ্জাৱ কিংছ (PBKS) য়ে ছাৱাই মানসিং ষ্টেডিয়াম, ৰাজস্থানত । আবেলি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই খেলখন আই পি এল ২০২৫ ৰ ৫৯ সংখ্যক মেচ।

আই পি এল ২০২৫ ৰ পইন্ট টেবুলত আৰ আৰ ৯ নম্বৰত আৰু পঞ্জাৱ কিংছ ৩ নম্বৰত আছে। গতিকে আজিৰ খেল কাৰ হাতলৈ যায় সেয়া হ’ব লক্ষণীয়।

Published On - May 18,2025 2:59 PM