পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬টা ৰোগ...

18 May 2025

TV9 ASSAM

পৃথিৱীত বহু ধৰণৰ ৰোগ আছে। ইয়াৰে কিছুমান ৰোগ অত্যন্ত ভয়াবহ। কিছুমান ৰোগৰ চিকিৎসা নাই আৰু কিছুমানে প্ৰাণ লয়।  আহক জানো পৃথিৱীৰ সবাতোকৈ ভয়ংকৰ ৬টা ৰোগ।

ৰোগ

এই ৰোগটো হৃদযন্ত্ৰৰ ধমনীৰ লগত জড়িত এক প্ৰকাৰৰ ৰোগ। এই ৰোগত তেজৰ প্ৰবাহত বাধা আহে। পৃথিৱীত বহু লোকে এই ৰোগৰ বাবে প্ৰাণ হেৰুৱাইছে।

কোৰোনৰী আৰ্টৰী ডিজিজ

ব্ৰেইন ষ্ট্ৰোকে এক ভয়ংকৰ ৰোগ। যেতিয়া মস্তিষ্কৰ কোনো ধমনীত বাধা আহে , তাত অক্সিজেন লাভৰ ক্ষেত্ৰত বাধা আহে। তেতিয়া কোষবোৰ মৰিবলৈও আৰম্ভ কৰে। বহু লোকে এই ৰোগত প্ৰাণ হেৰুৱাইছে।

ব্ৰেইন ষ্ট্ৰোক

ই হাওঁফাওঁৰ এক গুৰুতৰ ৰোগ। যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হয়।  ইয়াৰ প্ৰধান কাৰণসমূহ ধূমপান আৰু প্ৰদূষণ। এই ক্ষেত্ৰত অধিক তথ্যৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে।

অব্সট্ৰক্টিভ পলমোনাৰী ডিজিজ

হাওঁফাওঁষ শ্বাসনলিকা আৰু কণ্ঠৰ কৰ্কট ৰোগ অধিক ঘাটক। ইয়াৰ মুখ্য কাৰণ ধূমপান আৰু প্ৰদূষণ। সময়মতে চিকিৎসা গ্ৰহণ নকৰিলে ৰোগীৰ মৃত্যু হ'ব পাৰে।

শ্বাসতন্ত্ৰৰ কৰ্কট

এই এক নিউৰোলজিকেল ৰোগ। এই ৰোগ হোৱাৰ ফলত ৰোগীৰ মস্তিষ্কৰ কাৰ্যক্ষমতা লাহে লাহে কমি যায়। যাৰ ফলত স্মৃতিশক্তিত প্ৰভাৱ পৰে। মানুহ, কথা বা সকলো বস্তু পাহৰি যায়।

এলজাইমাৰ

ই এক বিৰল ৰোগ। ইয়াত ৰোগীৰ মাংসপেশীয়ে লাহে লাহে কাম কৰা বন্ধ কৰি দিয়ে।  ইয়াৰোপৰি উশাহ লোৱা আৰু খাদ্য গ্ৰহণ কৰাত অসুবিধা হয়। উল্লেখ্য যে, এই লেখাটোত সামান্য তথ্য প্ৰদান কৰা হৈছে। অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

মোটৰ নিউৰন ডিজিজ

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীত কিমান